।। আত্মমন্থন ।।
।। আত্মমন্থন ।।
....Debojit Bharali
26 JAN 2017
নিজকে তিলতিলকৈ গঢ়
দিয়াৰ অধ্যায়টোৰ সূচনা আমাৰ ল'ৰালি কালতেই হয় । লাহে লাহে আহি আমি সমাজৰ বহল
পথাৰখনৰ সোঁমাজ পাওঁহি । বহু সময়ত আমি এই কথা তলকিবৈ নোৱাৰোঁ । ল’ৰালি , কৈশোৰ , যৌৱন , আদবয়স
আৰু বাৰ্ধক্য এই চিৰাচৰিত পাঁচটা স্তৰৰ মাজেৰে আমি আমাৰ জীৱনৰ বিশ্বৰূপৰ মুখামুখি
হওঁ । অতি আচৰিত বিষয়টো এইটো যে... আমি এই সমূহ অতি সহজভাৱেই গ্ৰহণ কৰোঁ তথা
কোনোধৰণৰ আশ্চৰ্য প্ৰকাশ নকৰোঁ । খুউব স্বাভাৱিক ভাৱেই আমি জীৱনটোৰ সতে মিতিৰালি
গঢ়ি লওঁ ।
কিন্তু আমাৰ এই নিজ
জীৱনৰ সতে গঢ়ি তোলা মিতিৰালিৰ গভীৰতাখিনি জীৱনত কিমান দূৰ পৰ্যন্ত শিপাই যায় তাক আমি ভাবি চোৱাৰ অৱকাশ প্ৰায়েই নাপাওঁ বা প্ৰায়েই আমি তেনে কোনো তাগিদা অনুভৱ
নকৰোঁ বা ব্যস্ততাৰ তাগিদাত পাহৰি ৰওঁ অথবা অতি স্পষ্টকৈ ক’বলৈ গ'লে তেনে অনুভৱে মনলৈ জুমি চালেও আমি সেয়া বহুসময়ত অৱহেলাৰ দৃষ্টিৰে চাওঁ।
কিন্তু । আমি এটা
কথা স্বীকাৰ কৰিলেও বা নকৰিলেও মানিবই
লাগিব যে.... মূখ্যতঃ আমি নিজকে নিজে আত্মমৰ্যাদা প্ৰদান কৰাটোৱেই আমাৰ নিজ জীৱনলৈ
আমাৰ প্ৰধান উপহাৰ ।
আমি নিজৰ সতে কথা হোৱা
উচিত । নিজৰ অৱস্থিতিক আমি অনবৰতে উপলব্ধি কৰা উচিত । আমি আমাৰ মানসিকতাৰ প্ৰতিটো দিশক
চিনি পোৱা উচিত । ওপৰত উল্লেখ্য আমাৰ জীৱনৰ পাঁচোটা স্তৰেই আমাৰ জীৱন দৰ্শন ঢাপে ঢাপে
সলনি কৰে । প্ৰথম স্তৰটিৰ পৰা দ্বিতীয় স্তৰত উপনীত হৈ আমি প্ৰথম স্তৰটিৰ কথা তথা সংজ্ঞা
নিৰূপন কৰোঁ , দ্বিতীয় স্তৰটিৰ পৰা তৃতীয় স্তৰটিত উপনীত হৈ আমি প্ৰথম আৰু দ্বিতীয়
স্তৰৰ কথা চিন্তা কৰি অন্য এক ধৰণে জীৱনৰ দৰ্শন স্থিৰ কৰোঁ , চতুৰ্থ স্তৰত আমি যেতিয়া উপনীত হঁও তেতিয়া পাৰ কৰি অহা
তিনিওটি স্তৰৰ কথাই আমাক বহুতো শিকাই আৰু ঠিক এইধৰণেই জীৱনৰ শেষ স্তৰটিত আমি যেতিয়া
উপনীত হওঁগৈ তেতিয়া আমাৰ মনলৈ জীৱনৰ এক পুৰঠ আৰু পৰিপক্ক ধাৰণাৰ অৱস্থিতি হয় আৰু আমি প্ৰায় সেই ধাৰণাৰে জীৱন
সম্পৰ্কে নিশ্চিত হওঁ ।
মানুহৰ দ্বাৰাই ভুল
হয় । কিন্তু সেয়া জ্ঞাতে আৰু অজ্ঞাতে । কেতবোৰ ভুল আমি জানি বুজি কৰোঁ আৰু কেতবোৰ
নজনাকৈ । কাৰণ সুদীৰ্ঘ এই পথচোৱাৰ যাত্ৰাকালত আমি বহু সময়ত দিক-বিদিক হেৰুৱাই
পেলাওঁ । আমি চিন্তাবোৰ উচিত সময়ত খটোৱাৰ আহৰি নাপাওঁ । আমাৰ এটি এটি কৰ্মই
সেয়েহে পৃথক পৃথকভাৱে সমাজত প্ৰভাৱ পেলাই । কিন্তু সেই ভুলসমূহ শুধৰাই লোৱাৰ
এটি দ্বিতীয় সুযোগ জীৱনে আমাক দিয়ে আৰু সেই সুযোগ আমি পাওঁ আত্মমন্থনৰ দ্বাৰা ।
কিন্তু এই সুদীৰ্ঘ
যাত্ৰাকালত আমি প্ৰায়েই নিজৰ সতে মুখামুখি হ'বলৈ পাহৰি যাওঁ । আৰু অৱধাৰিত ব্যস্ততা সাপেক্ষে
আমাৰ জীৱনৰ ওৰ পেলাওঁ । (আৰু যিসকলে নাপাহৰে তেওঁলোকে জীৱনৰ পৰা আশীৰ্বাদ পায় । )
আত্মমন্থনে আমাক
পৰিশোধন কৰে । ভিন ভিন অভিজ্ঞতাৰ তিতা-কেঁহা সোৱাদবোৰক সহজভাৱে লবলৈ সঁহাৰি দিয়ে ।
জীৱনৰ প্ৰতিটো ঘটনাই আমাক বহুতো কথা শিকায় । আৰু সেই শিকা কথাবোৰ আমাৰ মনগহনৰ গভীৰতাত অৱস্থান কৰে । ফলত মন মস্তিষ্কত চিন্তাৰ উদ্ৰেক ঘটায় । আৰু সেই চিন্তাকেই
আমি যেতিয়া নিজকেই জুকিয়াই চোৱাত ব্যৱহাৰ কৰোঁ তেতিয়াই আমাৰ আত্মমন্থনৰ পথ
প্ৰশস্ত হয় । আত্মমন্থনে আমাৰ আভ্যন্তৰত থকা অমৃতৰ সন্ধান দিয়ে আৰু সেই অমৃতৰ সংজ্ঞা হয়তো পৃথকে নিৰূপন কৰিব নালাগে ।
Comments
Post a Comment