।। ব্যস্ততা ।।
।। ব্যস্ততা ।।
-- দেৱজিৎ ভৰালী ।
ব্যস্ততা এতিয়া
জীৱনৰ উশাহ । ই নহলে জীৱন স্তব্ধ হৈ ৰ'ব । সকলো চিন্তা ,
সকলো ভাৱনা , সকলো পৰিকল্পনা , সকলো আকাংক্ষা.... এই সমূহৰ অংগাংগি দিশ তথা জীৱনৰ ইন্ধন আমাৰ এই ব্যস্ততা । আমি সকলো পাহৰিলেও ব্যস্ত হবলৈ নাপাহৰো । ই আমাৰ অতিকৈ ভাল দিশ । নিৰ্দিষ্ট উদ্দেশ্য , নিৰ্দিষ্ট লক্ষ্য , নিৰ্দিষ্ট মনোবাঞ্ছাৰ বাবে আমি আমাৰ কৰ্মৰ জৰিয়তে ব্যস্ততাৰ
সহচৰ হব লাগিবই ।
আমি সমাজ পাতি বাস কৰা প্ৰাণী । আমি কৰ্মৰ মাজতে ধৰ্ম
বিচাৰি পোৱাৰ এটি বৃহৎ প্ৰজাতি । সকলো দিশৰ পৰাই আমি উন্নত । আমি সম্পূৰ্ণ বিকশিত । সেয়ে আমি বিকাশ ভালপাওঁ । বিকাশ আৰু উন্নতিৰ বাবে ব্যস্ততা লাগে আৰু সেই ব্যস্ততা উৎসৰ্গিত হ'ব লাগে । কিন্তু সেই উৎসৰ্গা যেন এতিয়া বহুক্ষেত্ৰত
উহ্য হৈ থাকে ।
এৰা..... উহ্যতাৰ কথা কওঁতে মনলৈ আহিল..... সমাজে আমাৰ ব্যস্ততাৰ পৰা পোৱা খিনি অথবা হেৰুওৱা খিনিৰ কথা । আমাৰ ব্যস্ততাৰ বাবে সামাজিক বান্ধোন এতিয়া শিথিল যেন লাগে । কিয়নো নহ'ব..... আমি নিজকেই জানিবলৈ আহৰি নাপাওঁ.... সমাজৰ কথা কিদৰে ঢুকি পাম ! যদিও বা পাওঁ ব্যস্ততাই আমাক আহৰি নিদিয়ে । কৰ্মদ্দ্যোমী মানসিকতাই ব্যক্তিৰ উত্তৰণ ঘটাই আৰু সেই উত্তৰণে বঢ়াই ব্যস্ততা আৰু হয়তো সেই ব্যস্ততাই সমাজ , পৰিয়াল , আপোনসৱৰ পৰা ব্যক্তিক একাকী কৰি লৈ গৈ থাকে , মাথোঁ গৈ থাকে । তেওঁৰ ঘুৰি চোৱালৈ ইতিমধ্যে বহু পলম হয়গৈ ।
Comments
Post a Comment