কিছু চিন্তা
কিছু চিন্তা
....Debojit Bharali
প্ৰতিটো সৃষ্টিৰ যি
এক আধ্যাত্মিক দিশ..... সেয়া ঈশ্বৰ প্ৰদত্ত । মানুহৰ সুক্ষ্ম সুক্ষ্ম সু চিন্তিত
সদাচাৰে পাৰস্পৰিক জীৱনৰ প্ৰমূল্য অতি অৰ্থৱহ কৰিব পাৰে ।
মানুহেই সকলো জানে
। এওঁলোকৰ অজ্ঞাত একো নাই । সহানুভূতিৰ পৰা আৰম্ভ কৰি তিলানীৰ চকুলো লৈকে সকলোতে
মানুহৰ দৈবিকতা বিদ্যমান । আৰু এই দৈবিকতাই হয়তো আমাৰ সমাজখনৰ ভাৰসাম্যতা ধৰি
ৰাখিছে । বহু দিশত তথৈবচ হৈছে যদিও সদাচাৰণৰ আলোকে হয়টো সমাজ খনক এফলীয়া হবলৈ দিয়া
নাই ।
সমাজক মানুহৰ
প্ৰয়োজন আছে । সেইদেখি মানুহক কেৱলমাত্ৰ মানুহৰহে প্ৰয়োজন আছে ।
এই প্ৰজাতিয়ে সেয়াই
যেন বোধগম্য কৰি যাওক আৰু মানুহৰেই জয়গান গাই যাওক ।
মংগল তেতিয়া কেৱল
মানুহৰেই হ'ব ।
মানৱ সৃষ্ট সমাজৰ
গৰিমা মানুহেই ধৰি ৰাখিব লাগিব । সম্পৰ্ক সমূহৰ মান সেই সম্পৰ্কৰ হিচাবতেই ৰাখিব
লাগিব । জগতৰ সম্ভ্ৰান্ত সৃষ্টি হিচাবে আমি জগতৰ ওচৰতে কৃতজ্ঞ হৈ থাকিব লাগিব ।
আমি আমাকেই বুজিব লাগিব , আমি আমাকেই সহায় কৰিব লাগিব । তেতিয়াই হয়টো জীৱনৰ
উদ্দেশ্যটি আমাৰ সমুখত
স্ফটিক হৈ পৰিব ।
কিন্তু জীৱনক আমি বহু কথাত বেয়াও পাওঁ ।
সেই বেয়া পোৱা সীমিত হৈ হৈ আহি যদি এসময়ত ৰিক্ত হয়.... তেন্তে সেই ৰিক্ততাই
পুনৰ জীৱনক ভাল পাবলৈ শিকাব ।
হে মানৱ গণ । তুমি
নিজৰ গৰিমাৰেই গৰিমামণ্ডিত ।
........আৰু পৃথককৈ তোমালোকক স্বীকৃতিৰ প্ৰয়োজন নাই ।
ভাল লাগিল । সুন্দৰ চিন্তা ।
ReplyDeleteDhanyabaad... ba
Delete