।। মন , জীৱন আৰু আৱৰণ ।।
।। মন , জীৱন আৰু আৱৰণ ।।
✍🏻দেৱজিৎ ভৰালী
জীৱন যত' দূৰলৈকে । মন তাৰ সাৰথি । চিন্তাৰ সোপানবোৰে খোদিত কৰি যোৱা মনৰ প্ৰতিটো দিশে জীৱনৰ গতি নিৰ্ধাৰণ কৰি যায় । এনে কোনো কথা নাই যে সকলো সম্ভৱ হবই লাগিব বা সকলো গ্ৰহণ নকৰিবই লাগিব । বিচৰা , নিবিচৰা , পোৱা , নোপোৱাৰ মাজত এটি গ্ৰহণযোগ্য অৱস্থিতি মনৰ মাজত বৰ্তাই ৰখাটো আমাৰ জীৱনৰ বাবে মংগল । তেতিয়া দুখবোৰে লাই কমকৈ পাই । সত্যতা সকলোতে লুকাই থাকে । আনকি মিছাৰ আঁৰতো । সেয়ে সেই সত্যতাৰ বাবে আমি আমাৰ জীৱনক অনবৰতে প্ৰস্তুত কৰি ৰখাতো প্ৰয়োজন ।
সাধাৰণতেই জীৱনে অলীক ধাৰণাৰ আৱৰণ এখন আমৃত্যু মেৰিয়াই ৰাখে । মনে সেই আৱৰণখনৰ সতে সহবাস কৰি ভাল পায় আৰু জীৱনক বহু সময়ত কেতবোৰ আপাত' চিন্তাৰ বোজা দিয়ে । সেই বোজা বহুসময়ত জীৱনে কঢ়িয়াই ভাল পায় আৰু উপভোগ কৰে । কিন্তু বহুসময়ত সেই বোজাই অত্যন্ত বোজা দি জীৱনক হাঁউলাই পেলায় । পুনৰ পোন হবলৈ অৱকাশ নিদিয়ে । গতিকে আমি আমাৰ জীৱনক সেই আৱৰণ খনৰ অলীকতাৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টা অকণ ৰাখি যোৱা উচিত । তেতিয়া মনক আমি সত্যতাৰ সতে মুখামুখি হোৱাত সহায় কৰিব পাৰিম ।
আৰু সত্যতাকেই যদি জীৱনে গ্ৰহণ কৰিব পাৰে ; মোক্ষৰ দুৱাৰমুখ পাবলৈ অধিক সময়ৰ নিস্প্ৰয়োজন । য'ৰ পৰা জীৱনে ৰং পাব আৰু মনে মিচিকিয়াব ।
Comments
Post a Comment