||ৰং বোৰ এনেদৰেই ছটিয়াই...... জীৱনৰ||

 ।।ৰং বোৰ এনেদৰেই ছটিয়াই...... জীৱনৰ ।। 
                                                                                                                                   দেৱজিৎ ভৰালী

                                                                                                                                                     

যেতিয়াই মই মোক মই কোন বুলি সোধো, ভিতৰৰ পৰা মইটোৱে "তই ঈশ্বৰ প্ৰদত্ত..! " বুলি কৈ উঠে । যেতিয়াই মই মোক "কিহৰ বাবে মই.. " বুলি সোধো , তেতিয়াই মইটোৱে " তই জীৱনৰ বাবে...! " বুলি কৈ উঠে ....

কথাটো  এনে কোনো অদ্ভুত নহয় যে.... আমি  জীয়াই আছোঁ..... আমি থাকিবই লাগিব । কিন্তু "কেৱল মাত্ৰ জীয়াইহে আছো...." বুলি যদি আমি ভাৱি যাওঁ তেন্তে হয়টো কথাটো অদ্ভুত হবগৈ । অনবৰতে আমি জীৱনৰ পৰা কিছুমান শক্তি  আহৰণ কৰি থাকো  ,  সেই শক্তিবোৰেই আমাক পুনৰ জীৱনৰ জোলোঙাতো খুচৰি থাকিবলৈ শক্তি দিয়ে । কিন্তু কেৱল জীয়াইহে থকাৰ পৰিৱৰ্তে আমি দেখোন জীয়াই থাকি জীয়াই থকাৰ বাবে কিছু শক্তি সেই জোলোঙাৰ পৰা বিলাব পাৰোঁ....... আনলৈকো অকণমান জীৱন যাঁচিব পাৰোঁ ,

কিদৰে , কেনেকৈ , ক'ত আৰু কেতিয়া..... এই প্ৰশ্নবোৰে আমাক বহু সময়ত আউল লগাই আৰু বহু সময়ত পৰিপক্ক সিদ্ধান্ত এটা লবলৈ সহায় কৰে । কিন্তু সময়ে ইমান সময় নিদিয়ে যে আমি বাৰে বাৰে সেই আউল লগা প্ৰশ্নবোৰৰ মূখামুখি হ'ম । বহুসময়ত তাৎক্ষণিক সিদ্ধান্ত এটা আমাৰ বাবে ব্ৰহ্ম আৰ্শীবাদ হৈ পৰে ।

যেনে.... মৃত্যুৰ সতে আলাপ কৰা আপোনাৰ আপোনজনক আপুনি সেই তৎকালীন মূহুৰ্তত কি সিদ্ধান্তৰে তেওঁৰ পৰিচৰ্যা কৰিব সেয়া তৎকালীন হবই লাগিব , আপুনি য'তেই নাথাকক তেওঁৰ বাবে আপুনি আপোনাৰ চিন্তা ব্যক্ত কৰিবই লাগিব.... জীৱনৰ ঠিক এনে কিছুমান মূহুৰ্তই আপোনাক মূল্যায়ণ কৰি যোৱাৰ ওৱাদিহ অকণমান ৰাখি যায়... সেই ওৱাদিহ কণ আপুনি গ্ৰহণ কৰিবই লাগিব ।

বাটেৰে গৈ থকা এখন এম্বুলেঞ্চৰ গুৰুত্ব আমি বুজি গলে ভাল , অঘৰী কণমানি বোৰক অকণমান মৰমেৰে চোৱাতো আমাৰ বাবে ভাল , কেতিয়াবা মগনীয়াক মান কৰাটো আমাৰ বাবে ভাল , কেতিয়াবা অসহায় জনক সহায় কৰাতো আমাৰ বাবে ভাল.. 

সহৃদয়তাৰ পৰিচায়ক হবলৈ আমি বৰ বিশেষ নকৰিলেও চলিব... মাত্ৰ অন্ধ এজনক বাটেৰে পাৰ হোৱাত সহায় কৰাৰ কষ্টকণ কৰিলেই সেয়া হৈ উঠিব ।
আমি জীৱনৰ পৰা বহু আহৰণ কৰোঁ । আৰু সেই আহৰণে বহুতো ৰঙৰ পয়োভৰ ঘটাই । এনেদৰেই বহুতো  ৰং আমাৰ জীৱনত লুকাই থাকে.... মাত্ৰ আমি সেই ৰংবোৰ ছটিয়াই জীৱনৰ তুলিকা খন আঁক বাঁক কৰি যাব লাগিব আৰু সেই আঁক বাঁক কৰোতে কিছু ৰং এনেদৰে ছটিয়াব লাগিব যাতে ছিটিকি পৰা দুটোপাল ৰঙে আন এটি জীৱনো অকণমান ৰঙীন কৰি তুলে ।

আৰু....

...যাতে জীৱনে ৰং পাই । 

Comments

Popular posts from this blog

World Environment Day : Relevancy, Needs & Deeds

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-