-জীৱন আৰু সন্তুষ্টি-
-জীৱন আৰু সন্তুষ্টি-
সন্তুষ্টি জীৱনৰ বাবে এটি প্ৰশ্ন । যি
হয়টো একপ্ৰকাৰে আজীৱন প্ৰশ্ন হৈয়েই থাকি যায় । জীৱনৰ ভিন ভিন সময়ৰ পৰিপ্ৰেক্ষিতত ইয়াৰ উত্তৰ বিচাৰি পোৱা যায় যদিও শেষ মুহূৰ্তত পুনৰ যেন প্ৰশ্নই হৈ উঠে । আমি ভাবি যাওঁ জীৱনে সন্তুষ্টি দিলে..
কিন্তু কৰ'বাত নহয় কৰ'বাত যেন ইয়াৰ বাবদ পোৱা উত্তৰটিয়ে এটি হ’লেও প্ৰশ্নবোধক থৈ যায় ।
আমাৰ দায়িত্ব তথা ইয়াৰ পালনাৰ্থে কৰি যোৱা জীৱনৰ কৰ্মৰাজিৰ মাজত জীৱনে এনেদৰে গাঁথি লাগি সোমাই পৰে যে
সেই গাঁথিবোৰ খোল খোৱাৰ প্ৰক্ৰিয়া শেষ হোৱালৈকে ই প্ৰায় ক্লান্ত হৈ পৰে আৰু ক্ষন্তেক জিৰণি ল’বলৈ চেষ্টা কৰে । সেই জিৰণি লোৱাৰ মুহূৰ্তবোৰত যেতিয়া জীৱনে এৰি অহা সময়বোৰ আৰু ব্যস্ততাবোৰৰ কথা সোঁৱৰে তেতিয়াই সন্তুষ্টিয়ে যেন ক্ষন্তেক দেখা দিয়েহি । জীৱনে মিচিকিয়াই । কিন্তু সেই মিচিকনিত সন্তুষ্টিৰ ছাঁ বহুসময়ত যেন নপৰেহি ।
প্ৰকৃতাৰ্থত সেই ছাঁ আমাৰ মাজতেই লুকাই থাকে । আজীৱন শেষ নোহোৱা আমাৰ ইচ্ছা , আশা , আকাংক্ষাৰ পোহৰে সেই ছাঁ কন মাত্ৰ বেছিভাগ সময় আমাৰ পৰা আঁতৰাই ৰাখে ।
তথাপি...... ,
কিছু প্ৰকৃত জীৱনান্বেষণ , কিছু তাৰ তৃপ্তি আৰু সেই তৃপ্তিৰ কিছু শান্তি.......
সেয়াই হয়তো জীৱনৰ সন্তুষ্টি ।
Comments
Post a Comment