ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান
ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ বিষয়ে দুআষাৰ
:
...Debojit Bharali
( ১)
আমাৰ দেশত বিভিন্ন
ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আছে । প্ৰতিষ্ঠান বুলি কওঁতে ইয়াত কোম্পানীৰ
কথাকে বুজোৱা হৈছে । আমি ইয়াত এই ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহৰ আন্তঃগাঁথনিৰ বিষয়ে অলপ আলোচনা কৰিম ।
বিশেষত: এই কোম্পানী সমূহৰ প্ৰধান উদ্দেশ্য থাকে মাত্ৰ লাভ আৰু লাভ আৰহণ কৰা । সেই লাভালাভ আৰহণৰ বাবে কোম্পানী সমূহৰ এনে কিছুমান পৰিশীলিত
আৰু উদ্দেশ্যপ্ৰণোদিত নীতি ইতিমধ্যেই স্থিৰ কৰি থোৱা থাকে যে এনে কোনো থল নাথাকে যে য'ৰ পৰা লাভালাভ আৰহণ কৰাৰ দিশটো ধূসৰ হয় ।
উদাহৰণ স্বৰূপে , এটি জনপ্ৰিয় তেনে এটি কোম্পানী হ'ল ITC LTD. । বিভিন্ন ধৰণৰ দৈনন্দিন লাগতিয়াল ঘৰুৱা সামগ্ৰী উৎপাদন কৰা তথা বজাৰলৈ উলিয়াই পঠিওৱা এই বৃহৎ আৰু অতি পুৰণি কোম্পানীটোৰ কথাকে ল'ব পাৰি । ১৯১০ চনতে স্থাপিত হোৱা এই বৃহৎ ব্যক্তিগত
খণ্ডৰ কোম্পানীটোৱে ২০১০ চনতে এশ বছৰ অতিক্ৰম কৰিছে আৰু পৃথিৱীৰ ভিতৰতে এটি সফলতম প্ৰতিষ্ঠান হ'বলৈ সক্ষম হৈছে ।
যি কি নহওক । আমি ইয়াত ব্যক্তিগত
খণ্ডৰ কোম্পানী সমূহৰ আন্তঃগাঁথনি সৰ্বসাধাৰণতে কেনে হয় তাকহে আলোচনা কৰিবলৈ বিচাৰিছোঁ ।
ব্যক্তিগত খণ্ডৰ
কোম্পানী সমূহৰো চৰকাৰী প্ৰতিষ্ঠান সমূহৰ দৰে বিভিন্ন বিভাগ থাকে । সেই বিভাগ সমূহৰ দ্বাৰা ভিন ভিন বিভাগ থাকে । নিজস্ব গৱেষণাগাৰ , নিজস্ব ভঁৰাল ঘৰ , উৎপাদন গৃহ , কাৰিকৰী বিভাগ , গাণণিক বিভাগ , নিয়োগ বিভাগ , কাৰ্যকৰী পৰিষদ, পৰিষদৰ কাৰ্যকৰী সঞ্চালক , সদস্য , উপ সভাপতি , প্ৰধান সঞ্চালক আদি থাকে ।
অৰ্থাৎ প্ৰধান সঞ্চালক গৰাকীৰ প্ৰমুখ্যে একাদিক্ৰমে কাৰ্যকৰী পৰিষদৰ কাৰ্যকৰী সদস্যসমূহ ,
উপ সভাপতি , সহকাৰী উপ সভাপতি , মূখ্য কাৰ্যকৰী বিষয়া , বিক্ৰয় বিষয়া , গ্ৰাহক সেৱা গোট , আইনী উপদেষ্টা ইত্যাদি সমূহৰ বৰঙণিৰে এটা ব্যক্তিগত কোম্পানীৰ অৱস্থিতি চলি থাকে । বহু সময়ত কোম্পানী এটাৰ অৰ্থনৈতিক অৱস্থিতিতো লক্ষ্য কৰি অথবা তেনে কোম্পানী এটা আৰম্ভণিৰ সময়ত বহুতো
অন্যান্য কোম্পানীয়ে বিনিয়োগ কৰে আৰু কোম্পানীৰ লাভাংশৰ অংশীদাৰ হয় । সকলো কোম্পানীৰেই আন্তঃগাথঁনি প্ৰায় একেই যদিও কামৰ পদ্ধতি একেই নহয় । কোম্পানীৰ
অৰ্থনৈতিক অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কোম্পানীতোৰ অৱস্থিতিক তিনিটা স্তৰত ভাগ কৰিব পাৰি । সেইকেইটা হ'ল শিশু স্তৰ ( child stage), বিকাশ স্তৰ ( growth stage) আৰু উন্নত স্তৰ ( Developed stage ) । এই তিনিটা স্তৰৰ একেবাৰে শেষৰ স্তৰত অৱস্থিত কোম্পানী সমূহ আটাইতকৈ টনকিয়াল হয় । সেই স্তৰত কোম্পানীৰ বিশেষ চিন্তনীয় প্ৰায় নাথাকে আৰু উৎপাদন বৃদ্ধি , বিক্ৰীৰ হাৰৰ ওপৰত বিশেষকৈ কোম্পানীৰ বিষয় ববীয়া সকলে গুৰুত্ব দিয়ে আৰু কাৰ্যক্ষেত্ৰত পৰিণত কৰে । বাকী দুটা স্তৰত থকা কোম্পানী সমূহৰ কৰিবলগীয়া বহুতো থাকে আৰু বেছি ভাগ কৰ্মকৰ্তাৰ নিয়োগ এই স্তৰত থকা কোম্পানী
সমূহৰ ক্ষেত্ৰত হয় । কোম্পানী এটাৰ উন্নতি আৰু অৱনতিৰ বিষয়টো নিৰ্ভৰ কৰে সেই কোম্পানীতোৰ পৰিচালনা পৰিষদৰ ( managing board
) সিদ্ধান্তৰ ওপৰত । এইক্ষেত্ৰত আৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ
হ'ল বিক্ৰয় বিভাগ (
sales department ) । কাৰণ কোম্পানীটোৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমূহ বা তেওঁলোকৰ দ্বাৰা প্ৰচাৰিত সেৱা সমূহৰ গ্ৰাহকৰ সমৰ্থনযোগ্য কৰাতোৰ ক্ষেত্ৰত সেই বিক্ৰয় বিভাগৰ গুৰু দায়িত্ব থাকে আৰু এই বিভাগটোৱেই কিদৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে তাৰ সমগ্ৰ ব্লুপ্ৰিণ্টতো ( নক্সা ) তৈয়াৰ কৰে ।
থূলমূল ভাৱে এয়াই হ'ল ব্যক্তিগত কোম্পানী সমূহৰ আন্তঃগাথনিৰ এটি চমু আভাস । পৰৱৰ্তী সময়ছোৱাত আৰু বিতংকৈ আলোচনা কৰা হ'ব ।
Comments
Post a Comment