।। সিহঁতবোৰ..... ।।

।। সিহঁতবোৰ..... ।। 
                        ✍ দেৱজিৎ

প্ৰকৃতিৰেই অনন্য ৰূপ নহয় জানোঁ সিহঁতবোৰ.... এটি এটি উপাধিৰ আঁৰত সিহঁতৰ জীৱনৰ নানান চৰিত্ৰ সমূহত সিহঁতে যিকোনো পৰিবেশ পৰিস্থিতিতে প্ৰাণ ঢালি যায় । জীৱনৰ প্ৰয়োজনীয় প্ৰতিটো পাত্ৰই সিহঁতে নিজ হাতেৰে গঢ়ি সেই পাত্ৰ সমূহ পৰিপূৰ্ণ কৰি ৰাখিবলৈ আজীৱন চেষ্টা কৰি যায় । 

জীৱনে সেই পাত্ৰ সমূহত তেওঁলোকৰ....  মাতৃত্ব , ভাৰ্যা , বন্ধু , প্ৰেয়সী , বোৱাৰী , শাহু, জী , ভগ্নীত্ব ইত্যাদি বিভিন্ন চৰিত্ৰৰাজিক পৃথকে পৃথকে দায়িত্ব ভাৰ নিক্ষেপ কৰি যায় । অতি আচৰিত ভাৱে সিহঁতবোৰে এই দায়িত্ব ভাৰ সমূহ সুকলমে পালন কৰি যায় । 

কিন্তু । সমাজৰ দৃষ্টি অতি তীক্ষ্ণ আৰু কঠোৰ । বহু সময়ত সমাজে সিহঁতক বহু ধৰণে যাতনা দিয়ে আৰু ৰং চায় । কিন্তু কিহৰ বাবে সেই যাতনা ভোগ কৰিবলগীয়া হ'য় সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকে সমাজৰ পৰা জানিবলৈ ওৱাদিহ নাপায় । "সহিলে সম্পদ" । বোলা কথাষাৰকে সিহঁতে শিৰোধাৰ্য কৰি বেথাবোৰ  অভ্যন্তৰৰ কোনোবা চুক এটাত অতি গোপনে সাঁচি যায়...... কোনেও নজনাকৈয়ে । সমাজক সিহঁতে তাৰ ভূ পাবলৈকে নিদিয়ে । সিহঁতক সমাজে  নুবুজে, কেতবোৰ অনাকাংশিত আকস্মিক পৰিস্থিতিয়ে সিহঁতক যে গিলি পেলাবলৈ বিচাৰে সেয়া আমিচামে বুজি নাপাওঁ । যিটো আমাৰ বাবে,  সমাজৰ বাবে অতি দুখজনক হিচাবে  পৰিগণিত হয় । তথাপিও সিহঁতবোৰে কেৰেপ নকৰে । মাথোঁ কৰি যায় আৰু পালি যায় । কোনো এক আপুৰুগীয়া শক্তিৰ কৱচকুণ্ডলীৰে সিহঁতবোৰৰ মজ্জা সজ্জিত হৈ থাকে । শক্তিৰ সংজ্ঞা সিহঁতৰ মাজতেই লুকাই থাকে । যিমানেই সিহঁতক ব্যথিত কৰে....... নিজকে সিহঁতে প্ৰতিটো সাঁচতে সাঁচ বহি যোৱাৰ কিটিপতো আহৰণ কৰি যায় । জীৱনৰ অভিপ্ৰায় বুজি যায় । 

কিন্তু এতিয়া  সময় সলনি হৈছে । সিহঁতে নতুনকৈ জী উঠিছে । সিহঁতে নিজকে চিনিব পাৰিছে । নিজৰ শক্তিক জানিব পাৰিছে । ন-মহীয়া বেথা আৰু কষ্টৰ বাবে যি ধৈৰ্য-সহ্যৰ প্ৰয়োজন হয় সেই শক্তিক সিহঁতে কেৱল তাতেই বিলীন নকৰি জীৱনৰ বোকোচাত থিয় হৈ সমাজৰ মলীন চিন্তা সমূহক আঁতৰাবলৈ চেষ্টা কৰিছে । এতিয়া সমাজে সিহঁতক  মূৰ তুলি চাবলৈ চিন্তা কৰে । সিহঁতক আঙুলি টোঁৱাবলৈ ভয় কৰে । কাৰণ পৰিছন্নতাত সিহঁতে বিশ্বাস কৰে আৰু সেই(??) মলীনতাবোৰ আঁতৰাই ৰাখি সমাজৰ পৰিছন্নতাৰ সহচৰ হবলৈ চেষ্টা কৰে । নতুন দিশৰ সূচনা কাৰী সিহঁতবোৰ আজি বহগুণে স্বাধীন । কিন্তু কিছুগুণে পৰাধীন নোহোৱাও নহয় । 

( আশা কৰোঁ )সেই পৰাধীনতাৰ ওৰ পৰক,  সমাজে সিহঁতৰ মান ৰাখক । সমাজে সিহঁতক প্ৰজ্বলিত কৰক ,  সিহঁতৰ গৰিমা অটুট থাকক । প্ৰকৃতিৰেই অনন্য ৰূপ সিহঁতবোৰ । 
সেয়া কোনোজনী নিৰ্ভয়াই হওক অথবা দামীনিয়েই হওক , কোনোবা  মণিপুৰী জীয়ৰীয়েই হওক অথবা অসমীয়াৰ বোৱাৰীয়েই হওক । 

*জননী..... সিহঁতবোৰ ঈশ্বৰৰ মাননি*....

*সিহঁতবোৰ*.. ।

Comments

Popular posts from this blog

World Environment Day : Relevancy, Needs & Deeds

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-