।। সিহঁতবোৰ..... ।।
।। সিহঁতবোৰ..... ।।
✍ দেৱজিৎ
প্ৰকৃতিৰেই
অনন্য ৰূপ নহয় জানোঁ সিহঁতবোৰ.... এটি এটি উপাধিৰ আঁৰত সিহঁতৰ জীৱনৰ নানান
চৰিত্ৰ সমূহত সিহঁতে যিকোনো পৰিবেশ পৰিস্থিতিতে প্ৰাণ ঢালি যায় । জীৱনৰ
প্ৰয়োজনীয় প্ৰতিটো পাত্ৰই সিহঁতে নিজ হাতেৰে গঢ়ি সেই পাত্ৰ সমূহ পৰিপূৰ্ণ
কৰি ৰাখিবলৈ আজীৱন চেষ্টা কৰি যায় ।
জীৱনে
সেই পাত্ৰ সমূহত তেওঁলোকৰ.... মাতৃত্ব , ভাৰ্যা , বন্ধু , প্ৰেয়সী ,
বোৱাৰী , শাহু, জী , ভগ্নীত্ব ইত্যাদি বিভিন্ন চৰিত্ৰৰাজিক পৃথকে পৃথকে
দায়িত্ব ভাৰ নিক্ষেপ কৰি যায় । অতি আচৰিত ভাৱে সিহঁতবোৰে এই দায়িত্ব ভাৰ
সমূহ সুকলমে পালন কৰি যায় ।
কিন্তু
। সমাজৰ দৃষ্টি অতি তীক্ষ্ণ আৰু কঠোৰ । বহু সময়ত সমাজে সিহঁতক বহু ধৰণে
যাতনা দিয়ে আৰু ৰং চায় । কিন্তু কিহৰ বাবে সেই যাতনা ভোগ কৰিবলগীয়া হ'য় সেই
প্ৰশ্নৰ উত্তৰ তেওঁলোকে সমাজৰ পৰা জানিবলৈ ওৱাদিহ নাপায় । "সহিলে সম্পদ" ।
বোলা কথাষাৰকে সিহঁতে শিৰোধাৰ্য কৰি বেথাবোৰ অভ্যন্তৰৰ কোনোবা চুক এটাত
অতি গোপনে সাঁচি যায়...... কোনেও নজনাকৈয়ে । সমাজক সিহঁতে তাৰ ভূ পাবলৈকে
নিদিয়ে । সিহঁতক সমাজে নুবুজে, কেতবোৰ অনাকাংশিত আকস্মিক পৰিস্থিতিয়ে
সিহঁতক যে গিলি পেলাবলৈ বিচাৰে সেয়া আমিচামে বুজি নাপাওঁ । যিটো আমাৰ বাবে,
সমাজৰ বাবে অতি দুখজনক হিচাবে পৰিগণিত হয় । তথাপিও সিহঁতবোৰে কেৰেপ নকৰে
। মাথোঁ কৰি যায় আৰু পালি যায় । কোনো এক আপুৰুগীয়া শক্তিৰ কৱচকুণ্ডলীৰে
সিহঁতবোৰৰ মজ্জা সজ্জিত হৈ থাকে । শক্তিৰ সংজ্ঞা সিহঁতৰ মাজতেই লুকাই থাকে ।
যিমানেই সিহঁতক ব্যথিত কৰে....... নিজকে সিহঁতে প্ৰতিটো সাঁচতে সাঁচ বহি
যোৱাৰ কিটিপতো আহৰণ কৰি যায় । জীৱনৰ অভিপ্ৰায় বুজি যায় ।
কিন্তু
এতিয়া সময় সলনি হৈছে । সিহঁতে নতুনকৈ জী উঠিছে । সিহঁতে নিজকে চিনিব
পাৰিছে । নিজৰ শক্তিক জানিব পাৰিছে । ন-মহীয়া বেথা আৰু কষ্টৰ বাবে যি
ধৈৰ্য-সহ্যৰ প্ৰয়োজন হয় সেই শক্তিক সিহঁতে কেৱল তাতেই বিলীন নকৰি জীৱনৰ
বোকোচাত থিয় হৈ সমাজৰ মলীন চিন্তা সমূহক আঁতৰাবলৈ চেষ্টা কৰিছে । এতিয়া
সমাজে সিহঁতক মূৰ তুলি চাবলৈ চিন্তা কৰে । সিহঁতক আঙুলি টোঁৱাবলৈ ভয় কৰে ।
কাৰণ পৰিছন্নতাত সিহঁতে বিশ্বাস কৰে আৰু সেই(??) মলীনতাবোৰ আঁতৰাই ৰাখি
সমাজৰ পৰিছন্নতাৰ সহচৰ হবলৈ চেষ্টা কৰে । নতুন দিশৰ সূচনা কাৰী সিহঁতবোৰ
আজি বহগুণে স্বাধীন । কিন্তু কিছুগুণে পৰাধীন নোহোৱাও নহয় ।
(
আশা কৰোঁ )সেই পৰাধীনতাৰ ওৰ পৰক, সমাজে সিহঁতৰ মান ৰাখক । সমাজে সিহঁতক
প্ৰজ্বলিত কৰক , সিহঁতৰ গৰিমা অটুট থাকক । প্ৰকৃতিৰেই অনন্য ৰূপ সিহঁতবোৰ
।
সেয়া কোনোজনী নিৰ্ভয়াই হওক অথবা দামীনিয়েই হওক , কোনোবা মণিপুৰী জীয়ৰীয়েই হওক অথবা অসমীয়াৰ বোৱাৰীয়েই হওক ।
*জননী..... সিহঁতবোৰ ঈশ্বৰৰ মাননি*....
*সিহঁতবোৰ*.. ।
Comments
Post a Comment