লুকাই থকা প্ৰজ্ঞাকণ



লুকাই থকা প্ৰজ্ঞাকণ 

 ...Debojit Bharali


আমি স্বীকাৰ কৰিলেও বা নকৰিলেও আমি জানো......
আমাৰ মাজত জীৱনৰ ভাল আৰু বেয়াৰ উপাদান সমূহৰ এটা সংমিশ্ৰণ থাকেই
আৰু সেই সমূহৰ দ্বাৰাই সমাজ এখনৰ দিশ নিৰ্ণিত হয়
 
এতিয়া কথা ' সেই সংমিশ্ৰণৰ ভাৰসাম্যৰ ধাৰাতো কেনেদৰে অব্যাহত থাকিলে আমাৰ মংগল হব সেয়া আমি বিভিন্ন পৰিস্থিতিৰ মাজেৰে আহি অভিজ্ঞতা পুষ্ট হওঁ সেই পৰিস্থিতি সমূহে আমাক ভিন ভিন ধৰণে শিকাই যায় আমি আগবাঢ়ো , পৰিস্থিতিয়ে আৰু শিকাই

  দৈনন্দিন কাৰ্যক্ষেত্ৰ খনত আমি সমাজৰ নানান উপাদান সমূহৰ সৈতে মূখামুখি হওঁ বহু জনৰ সান্নিধ্যত আমি নানান কথা শিকি বুজি নিজকে এটা এনে পৰ্যায়লৈ লৈ যাওঁ যিটো পৰ্যায়ত আমি নিজৰ সতে পুনৰবাৰ চিনাকি হওঁ সেই শিকি অহা কথাবোৰ আমি মন্থন কৰোঁ সেই মন্থনৰ পৰা পৃথক পৃথক ধৰণৰ জীৱনৰ প্ৰমূল্য সমূহ উদ্ভৱ হৈ ওলাই আহে সেই প্ৰমূল্য সমূহৰ নানানটা দিশ সূচনা হয় কিছু কিছু ভাল দিশৰ লগতে কিছু কিছু বেয়া দিশৰো সূচনা হয় আমাৰ সেই বেয়া দিশ সমূহে সমাজত বহুসময়ত অহেতুক পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সমাজৰ অধোগতি হয় কিন্তু সেই অধোগতিক মন্থৰিত কৰাৰ দায়িত্ব আমাৰ হাততেই লুকাই থাকে যিহেতু আমাৰ জীৱনৰ মাজতেই সেই ভাল দিশ সূচনা কৰা প্ৰমূল্য সমূহো লুকাই থাকে

  সেই সৎ প্ৰমূল্য সমূহে আমাৰ মাজত সৎ চিন্তা আৰু সৎ তাগিদাৰ সৃষ্টি কৰে সেই সৎ তাগিদাৰ বশৱৰ্তী হৈ আমি জীৱনক আলোকিত কৰি সমাজৰ বাট সমূহ পোহৰাই তুলিব পাৰোঁ তাতেই মানুহৰ নিহিত হৈ থাকে লুকাই থকা প্ৰজ্ঞাকণ

Comments

Popular posts from this blog

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-

।। মন , জীৱন আৰু আৱৰণ ।।