ধৰ্ম
|| ধৰ্ম ||
.....Debojit Bharali
20 Jan 2017
এটি সৰগী শব্দ । আমি সকলোৱেই ইয়াৰ অৰ্থ জানো । হয়তো বুজোঁ ।
কিন্তু ই আমাৰ দৃষ্টিৰেই ভিন ভিন সংজ্ঞাত আৱদ্ধ । নহয়নে ?
আমি এনেকৈ ভাবি চাওঁচোন..।
জীৱন এটিৰ আৰম্ভণি হোৱাৰে পৰাই ধৰ্মৰ অৱস্থিতি আমি সেই জীৱনটিত যি হিচাপে দেখা পাওঁ..., সেয়া আমি মূল্যায়ন নকৰোঁ । আমি মাত্ৰ সেয়া অনুধাৱন কৰোঁ সেই বিশেষ সময়কণত যে জীৱনটি পৃথিৱীলৈ আহিল ।
আহকচোন আমি সুৰুযৰ কথাটোলৈ মন কৰোঁ । সি থকালৈকে আন্ধাৰ নাথাকে । পৃথিৱীৰ প্ৰতিটো
চুকে-কোণে সি সমানেই পোহৰ বিলায় । সেই যে পোহৰ বিলাই..... সেয়াই সুৰুযৰ বাবে ধৰ্মৰ সংজ্ঞা ।
ঈশ্বৰক আমি বিচাৰোঁ । আমাৰ দুখ-দুৰ্গতি মৰিষণ কৰিবলৈ তেওঁৰ আস্থাৰ প্ৰয়োজন আমাৰ আস্থাৰ সাপেক্ষে । কিন্তু পুৱাৰ
পক্ষীজাকৰ কাকলিত যে আমাৰ ঘুমটি ভাঙে সেই কাকলিয়েতো কেৱল মন্দিৰৰ দূৱাৰ খুলিবলৈকে নকয়, জগতৰ সকলো ধৰ্মস্থলৰ দূূূূূৱাৰ খোলাৰ সময় সিহঁতৰ কাকলিয়েই নিৰ্ধাৰণ কৰি নিদিয়েনে ? গতিকে সেই অবোধ পক্ষীজাকৰ কাকলিয়ে ধৰ্মৰ সংজ্ঞা ধৰি
ৰখা নাইনে ?
চন্দ্ৰটো দেখোন সদায় পশ্চিমেই দেখা যায় । কেতিয়াও সি দিক্ ভ্ৰষ্ট হোৱা নাই । চন্দ্ৰই জানো ধৰ্মৰ সংজ্ঞা বহন নকৰে ?
আমি কিয়নো "বিভেদ" শব্দটো বিশ্বাস
কৰোঁ । কিয়নো আমি পৰিচয়ৰ সংজ্ঞা নিৰূপণ কৰোঁ আমাৰ নিজৰেই উচ্চ-নীচৰ প্ৰভেদ বিশ্লেষণ কৰি ।
নদীখনে দেখোন কেতিয়াও বিচাৰ নকৰে পানী খোৱা আতুৰ জন উচ্চ নে নীচ ।
এই প্ৰকৃতিৰ নীতিক যদি আমি ধৰ্ম বুলি গণ্য কৰোঁ আৰু নিজকে প্ৰকৃতিৰ অংশ বুলি ভাবোঁ তেন্তে আমিও আমাৰ সৰ্বোচ্চ নীতিকণ আমাৰ ধৰ্ম বুলিয়েই ধৰিব নোৱাৰোঁনে ? এতিয়া বৰ আহুকলীয়া হৈ পৰা এই সৰ্বোচ্চ নীতিকে আমি মানৱতা বুলিব নোৱাৰোঁনে ?
যদি মানৱতাৰেই পৰিচয় চিৰকাল থাকে । ধৰ্ম পৃথকে নকৰিলেও নহ'বনে ?
Comments
Post a Comment