।। জীৱন-ৰেখা ।।
।। জীৱন-ৰেখা ।।
........দেৱজিৎ ভৰালী ।
কষ্ট । জীৱনৰ এডাল
ৰেখা । জীৱন পোৱাৰ দিনাই অংকন কৰা এই ৰেখাডাল আজীৱন থাকি যায় । বহু চেষ্টা কৰে
জীৱনে ৰেখাডাল মচি পেলাবলৈ কিন্তু সেই চেষ্টা ব্যৰ্থ হয় সৰহভাগ সময়তে । আচলতে
সময়েই লগ নিদিয়ে সেই কাৰ্যত । জীৱনে তেন্তে কিয় উপলব্ধি কৰিব নোৱাৰে... সেই
ৰেখাডাল যে এডাল জীৱনৰেখা ? কিয় বুমেৰাং হৈ ঘুৰি আহিব বুলি জানিও বাৰে বাৰে চেষ্টা কৰে সেইডাল দলিয়াই পেলাবলৈ ?
কিয় জীৱনে বোধ নকৰে যে কষ্টৰ ৰেখাডাল সজীৱ হৈ আছে মানেই জীৱন আছে ?
এৰা...... নকৰে
হয়তো এইকাৰণেই...... যে জীৱন সুখ পিয়াসী ,
হৰ্ষ পিয়াসী । জীৱনক উপভোগ লাগে , আনন্দ লাগে , বিনোদ লাগে , জীৱনক বিশ্ৰাম
লাগে । জীৱন লৱৰি ফুৰে ; জীৱন দৌৰি ফুৰে
এনে কিছু পাৰ্থিৱতাৰ দিশে য'ত কষ্টৰ কোনো স্থান নাই । তাতনো কেনেকৈ থাকিব ।
সেই ৰেখাডাল দেখোন জীৱনতেই আছে । জীৱনে সেই পাৰ্থিৱতাৰ পৰশত একধৰণৰ মছগুল হৈ পৰে ।
সেই মছগুল প্ৰবৃত্তিয়েই আচলতে জীৱনৰ কষ্টৰ
ৰেখাডালক উহ্য কৰি ৰাখে । কিন্তু সেই বিশেষ পাৰ্থিৱ সময়কণ শেষ হৈ অহাৰ লগে লগে
পুনৰ ৰেখাডাল স্পষ্ট হবলৈ ধৰে । জীৱনে পুনৰ সম্বিত ঘুৰাই পাবলৈ ধৰে ।
জীৱনে নিজকে কিমান
মান কৰে সেয়া নিজে ভাবিবলৈ আচলতে ওৱাদিহ
নাপায় । আৰু পালেও কেউফালৰ পাৰ্থিৱতাৰ জাতিস্কাৰ চৰিত্ৰই জীৱনক সন্মোহিত কৰি ৰাখে । হয়তো সি জীৱনক বাৰে বাৰে কৈ যায়...." কষ্ট
বুলি একো নাই জীৱন.... যি তোক লাগে সেয়া মোৰ মাজতেই পাবি".. । জীৱনে তলকিব
নোৱাৰি তাতে মোহাচন্ন হৈ পৰি থাকে ।
কিন্তু জীৱন , তই
জানো মোহাচন্ন হৈ পৰি থাকিলে হ'ব ? উঠ ! নিজৰ সতে কথা হ'... নিজকে সোধ... আচলতে
তোক কি লাগে ? তোৰ উদ্দেশ্য কি ? তোৰ মানস কি ? তই অন্ততঃ এবাৰ ভাবি চা তোৰ কষ্টৰ
ৰেখাডালৰ কথা.... যিডালে, তই গজালি মেলোতেই তোক ধৰি আছিল... সেই ৰেখাডাল তই
পাহৰিলে হব জানো ? তই জানিবই লাগিব তোৰ আত্মাৰ কথা , তোৰ মনৰ কথা । নিজকে কিছু
উপদেশ দে... যি উপদেশে তোক..... কষ্টৰ আচল
অৰ্থ বুজাত সহায় কৰিব । তই চেষ্টা কৰ.... তই পাৰিবি । নিজৰ আস্থাকণ হেৰুৱাই
নেপেলাবি । মাথোঁ মানি যা তোৰ নিজোপদেশ, মানি যা মাথোঁ তোৰ আত্মোপদেশ ।
ৰেখাডাল মচি যাব
পাৰিবি.... ।
Comments
Post a Comment