ড° ৰুবুল মাউতৰ সৈতে অন্যযুগ-ৰ এটি সাক্ষাৎকাৰ ৷
ড° ৰুবুল মাউতৰ সৈতে অন্যযুগ-ৰ এটি সাক্ষাৎকাৰ ৷
সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী
ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই ৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ এটি প্ৰেৰণা। দৰিদ্ৰতাক নেওচি জীৱনৰ চৰম সফলতাত উপনীত হ’বলৈ সক্ষম হোৱা ড° মাউতে ইতিমধ্যেই তেখেতৰ আত্মজীৱনী “ মোৰো এটি সপোন আছে ”-ত তেওঁৰ জীৱন সংগ্ৰামৰ কথা বিশদ বৰ্ণনা তুলি ধৰিছে। আমি অন্যযুগ পৰিয়ালে তেখেতক যোগাযোগ কৰি আলোচনীলৈ কিবা এটি লেখা আগবঢ়াবলৈ অনুৰোধ জনাইছিলোঁ আৰু তাৰেই সঁহাৰিস্বৰূপে তেখেতৰ এটি সাক্ষাৎকাৰ অন্যযুগৰ পাঠক সমাজলৈ আগবঢ়াই দিলোঁ।
১/ প্ৰশ্ন : ৰুবুল, অন্যযুগৰ মজিয়ালৈ তোমাক স্বাগতম জনাইছোঁ। তোমাৰ জীৱনৰ টাৰ্ণিং পইন্টটোৰ বিষয়ে অকণমান জনোৱা। মাষ্টাৰ্চ কৰি থকাৰ সময়তে তোমাৰ জীৱনত অনন্য গতিময় কেঁকুৰিটো পাইছিলা, তাৰ বিষয়ে।
উঃ পোনপ্ৰথমে অন্যযুগ তথা তোমালৈ ধন্যবাদ। টাৰ্ণিং পইন্ট বহুত আছে।আচলতে জীৱনৰ প্ৰত্যেকটো ঢাপেই একোটা টাৰ্ণিং পইন্ট।হয়তো দুই এক সাফল্যই বেছি গুৰুত্ব পাই- কিন্তু সকলোবোৰৰ সমাহাৰেই জীৱনটো ৷ মেট্ৰিক পাচ কৰাটো এটা টাৰ্ণিং পইন্ট, ক’লেজ পাচ কৰাটো, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাটো, পুনেলৈ যোৱাটো, টি আই এফ আৰ ( TIFR - Tata Institute of Fundamental Research )-ত চাকৰি পোৱাটো, আমেৰিকাত গৱেষণা কৰিবলৈ পোৱাটো ইত্যাদি ইত্যাদি… ৷ সেই কেঁকুৰিবোৰ সলাই সলাই গৈ থাকিব লাগিব।
২/ প্ৰশ্নঃ তোমাৰ জীৱনৰ এই বিজ্ঞানময় যাত্ৰাৰ আন এটি ডাঙৰ প্ৰত্যাহ্বান আছিল তোমাৰ কথিৰূপত ইংৰাজী ভাষাৰ দুৰ্বলতা।এই প্ৰত্যাহ্বান কিদৰে জয় কৰিছিলা ?
উঃ মই ইংৰাজী অথবা অসমীয়া ভাষাৰ ক্ষেত্ৰতো বহুত দুৰ্বল আছিলোঁ আৰু সেই কথা ইতিমধ্যে বহু ঠাইত উল্লেখ কৰি আহিছোঁ।ইংৰাজীৰ ক্ষেত্ৰত প্ৰথম বাহিৰলৈ ওলাই আহোঁতে সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ।অৱশ্যে ইচ্ছা থাকিলে সময়ে সকলো আনি দিয়ে।কিন্তু বহুত কষ্ট হয় ৷ বহুতে সেই কষ্ট কৰিব নোৱাৰে বাবে নিৰবে আঁতৰি যায় ৷
ইংৰাজীৰ ক্ষেত্ৰত মোৰ প্ৰতিবন্ধকতা বহুতৰপীয়া আছিল।কথিত, লিখিত আৰু উচ্চখাপৰ সাহিত্য লিখাতো।এই আটাইকেইটাতে মোৰ কষ্ট কৰিবলগীয়া হৈছিল, কৰি আছোঁ , হয়তো কৰিয়েই থাকিব লাগিব ৷
৩/ প্ৰশ্নঃ অসমত “ বিজ্ঞান মনষ্ক ” চিন্তাধাৰা সন্তোষজনক বুলি তুমি ভাবানে ? এইক্ষেত্ৰত আগন্তুক সময়ত কিবা কৰিবলৈ ইচ্ছা আছে নেকি ?
উঃ বহুতে গ্ৰাউণ্ড লেভেলত কৰি আছে।কিন্তু আৰু বহুত কৰিবলৈ বাকী আছে বুলি মোৰ ভাব হয় ৷ আমি নিজে সক্ৰিয় বিজ্ঞানৰ সৈতে জড়িত হোৱাৰ বাবে ইচ্ছা থাকিলেও বহু কাম কৰিব নোৱাৰোঁ।অৱশ্যে তাৰ মাজতে পাৰোঁ মানে কৰি যোৱাটো আৱশ্যকীয়।
৪/ প্ৰশ্নঃ তুমি মাছাচ্যুছে’টছ্ বিশ্ববিদ্যালয়ত ডক্টৰেট সম্পূৰ্ণ কৰি উঠি ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষক হ’লা।তাত তুমি কৰা “ প্ৰ’টিন ডিজাইন ” সম্পৰ্কীয় গৱেষণাৰ বিষয়ে থূলমূল আভাস এটি দিবানে ?
উঃ “প্ৰ’টিন ডিজাইন” হ’ল পৰীক্ষাগাৰত কৃত্ৰিমভাৱে প্ৰ’টিন অণু সৃষ্টি কৰা।একোটা প্ৰ’টিন যৌগ শ-শ অণু-পৰমাণুৰে গঠিত। তদুপৰি এই অণু-পৰমাণুৰ মাজত হোৱা হাজাৰ, হাজাৰ আকৰ্ষণ-বিকৰ্ষণৰ ফলত প্ৰত্যেক প্ৰ’টিন যৌগই এক বিশেষ আকৃতি লয়, যাৰ ফলত ই এক বিশেষ কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয়।আমাৰ দেহৰ কোষৰ ভিতৰত এনেকুৱা হাজাৰ-বিজাৰ প্ৰ’টিন যৌগই অহৰ্নিশে একো একোটা ক্ষুদ্ৰ যন্ত্ৰৰ দৰে কাম কৰি থাকে।সেইবাবে আমাৰ দেহৰ কোষবোৰ জীৱিত হৈ থাকে।বিবৰ্ত্তন, কোটি, কোটি বছৰৰ অন্তত এই যৌগবোৰ সৃষ্টি হৈছিল, কিন্তু পৰীক্ষাগাৰত এইবোৰ নিৰ্মাণ কৰি উলিওৱাটো প্ৰায় দুঃসাধ্যৰ দৰে।তাৰ এটা মূল কাৰণ হ’ল যে প্ৰ’টিন যৌগৰ অণু-পৰমাণুবোৰৰ মাজত হোৱা আকৰ্ষণ-বিকৰ্ষণৰ প্ৰক্ৰিয়াক সম্পূৰ্ণভাৱে বুজাতো এতিয়াও বিজ্ঞানীসকলৰ বাবে সম্ভৱপৰ নহয়।
মই ৱাশ্বিংটন বিশ্ববিদ্যালয়ত থাকোঁতে এনে কিছুমান গৱেষণাই কৰিছিলোঁ য’ত আমি কৃত্ৰিমভাৱে প্ৰ’টিন যৌগ তৈয়াৰ কৰি উলিয়াইছিলোঁ।এই যৌগবোৰ ব্যৱহাৰৰ সম্ভাৱনা অপাৰ ৷ যেনে:- এনে যৌগৰে আমাৰ প্ৰতিষ্ঠানে এটি ক’ভিড ভেকচিন্ তৈয়াৰ কৰি উলিয়াইছিল ৷
৫/ প্ৰশ্নঃ তুমি অসমতে ডাঙৰ-দীঘল হৈ দৰিদ্ৰতা নেওচি নিজৰ কষ্ট, একাগ্ৰতাৰে এক বিশ্বময় যাত্ৰাৰ সফল যাত্ৰীৰূপে চিনাকি দিবলৈ সক্ষম হৈছা।তোমাৰ জীৱনৰ এই ব্যতিক্ৰমী, বিচিত্ৰ অভিজ্ঞতাই কেতিয়াবা তোমাক আচৰিত কৰি তোলেনে ? অসমখন আগবাঢ়ি যাব পৰাকৈ ইয়াত সকলো সমল থাকিও আজিৰ যি দুৰ্দশাগ্ৰস্ত পৰিৱেশ, আমেৰিকাত থকাৰ সাপেক্ষে সেই কথাই তোমাৰ মনত কেনেদৰে ক্ৰিয়া কৰে ?
উঃ নিশ্চয় আচৰিত কৰি তোলে কেতিয়াবা।অসমৰ যি হতাশাগ্ৰস্ত পৰিবেশৰ কথা আমি কওঁ, ই বহুসময়ত আমাৰ নেৰেটিভৰ বাবে সৃষ্ট এটা পৰিবেশ।এই নেৰেটিভবোৰ সলনি কৰিব পাৰিলে বা নতুন নেৰেটিভৰ সৃষ্টিোকৰিব পাৰিলে মোৰ বোধেৰে আমাৰ পৰিবেশ - পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ অৱকাশ আছে ৷
৬/ প্ৰশ্নঃ বৰ্তমানে তুমি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত চলাই থকা “ Stem Cell Program” সংক্ৰান্তীয় গৱেষণা আৰু জিন সম্পাদনা ( genom editing ) ৰ বিষয়ে চমুকৈ কোৱা ৷
উঃ ষ্টেম চেলৰ কথা কৈনো কৈ থাকিলে ওৰকে নপৰে ! গতিকে অতি থূলমূলকৈ দুটামান কথাকে ইয়াত উল্লেখ কৰোঁ ৷
ষ্টেম চেল ( বা অসমীয়াত কাণ্ডকোষ ) হৈছে এনে কিছুমান কোষ যাৰ পৰা বেলেগ বেলেগ ধৰণৰ কোষ সৃষ্টি হয় ৷ যেনে আমাৰ জীৱনটো এটা কোষৰ পৰাই আৰম্ভ হয় ৷ এই কোষটোৱেই বিভাজন হৈ নতুন কোষ হয়, তাৰ পৰা আৰু নতুন নতুন ধৰণৰ কোষ ৷ জীৱনৰ এই আৰম্ভণিৰ কোষবোৰক এম্ব্ৰিয়নিক ষ্টেম চেল ( Embryonic Stem Cell ) বোলা হয়।ইয়াৰ বিপৰীতে আমাৰ দেহৰ পৈণত কোষ ( যাক Somatic Cell বোলা হয় ) বোৰ বিভাজন হৈ বেলেগ বেলেগ কোষ হ’ব নোৱাৰে, এইবোৰ বিভাজিত হ’লে একেধৰণৰ কোষেই হ’ব পাৰে।উদাহৰণস্বৰূপে চালৰ কোষ এটা বিভাজন হ’লে চালৰ কোষেই হ’ব।
ষ্টেম চেল যিহেতু বিভাজিত হৈ বেলেগ বেলেগ চৰিত্ৰৰ কোষ হ’ব পাৰে, ইয়াৰ চিকিৎসা বিজ্ঞানত প্ৰয়োগৰ অপাৰ সম্ভাৱনা আছে।আমি আমাৰ বিভিন্ন ৰোগত কেতিয়াবা বহুতো কোষ হেৰুৱাওঁ, যেনে Type - 1 ডায়েবেটিছ হ’লে আমাৰ অগ্ন্যাশয়ৰ বিটা কোষবোৰ হেৰুৱাওঁ, পাৰ্কিনচন’ছ হ’লে মগজুৰ কিছুমান স্নায়ুকোষ হেৰুৱাওঁ ইত্যাদি ইত্যাদি।এতিয়া ষ্টেম চেলক যদি বিশেষ প্ৰথাৰে বিভাজিত কৰি এই পৈণত কোষবোৰ প্ৰস্তুত কৰিব পাৰোঁ ( পৰীক্ষাগাৰত ) তেন্তে এনে কোষবোৰ ৰোগীৰ দেহত সংৰোপণ কৰিব পাৰিলেই এই ৰোগসমূহ নিৰ্মূল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠে।
মোৰ নিজা গৱেষণাত মানুহৰ চালৰ কোষ লৈ এইবোৰ ষ্টেম চেললৈ ৰূপান্তৰিত কৰি পাছত মানুহৰ তেজৰ কোষ যেনে :- Hematopoietic Stem Cell আৰু T-Cell আদি প্ৰস্তুত কৰোঁ।অতি সম্প্ৰতি এনে এটা পদ্ধতি উদ্ভাৱন কৰি পেটেন্ট ফাইল কৰা হৈছে।
আনহাতে জিন এডিটিং হৈছে মানুহৰ ভিতৰত থকা জিনীয় ভুলবোৰ সংশোধন কৰা।ষ্টেম চেল আৰু জিন এডিটিং দুয়োটা লগাই ভৱিষ্যতে মানুহৰ হাজাৰ, হাজৰ জেনেটিক বা বংশানুক্ৰম ৰোগ নিৰ্মূল কৰাৰ সম্ভাৱনা উজ্জ্বল।এই বিষয়বোৰত ইতিমধ্যে বহু বিজ্ঞানীয়ে কাম কৰি আছে আৰু অগ্ৰগতিও লাভ কৰিছে।
৭/ প্ৰশ্নঃ মই জানো যে- তোমাৰ এই গৱেষণাময় যাত্ৰাত তুমি কেইবাগৰাকীও ন’বেল বঁটা বিজয়ী বিজ্ঞানীৰ সান্নিধ্যলৈ আহিছা বা তোমাৰ সহকৰ্মী / তত্বাৱধায়কৰূপে হয়তো একেলগে কাম কৰিছা ৷ তোমাক প্ৰভাৱিত কৰা কোনোবা এগৰাকীৰ নাম তথা কাৰণৰ বিষয়ে অন্যযুগৰ পঢ়ুৱৈ সমাজক অকণমান জনাবানে ?
উঃ ন’বেল বঁটা বিজয়ী বুলি কথা নাই।ন’বেল বঁটা নোপোৱাকৈয়ো বহু বিজ্ঞানীৰ অৱদান অপৰিসীম ৷ উদাহৰণস্বৰূপে মোৰ পূৰ্বৰ মেন্টৰ ডেভিদ্ বেকাৰে এতিয়ালৈকে ন’বেল পোৱা নাই কিন্তু তেওঁ বিজ্ঞানলৈ যি অৱদান ( প্ৰ’টিন ডিজাইনৰ ক্ষেত্ৰখন তেওঁৰেই সৃষ্টি ) সেয়া হয়তো এটা বঁটাতকৈ বহু ওপৰত।ডেভিদৰ সৈতে কাম কৰা অভিজ্ঞতা অনন্য সেয়া এটা বা দুটা বাক্যৰে ব্যক্ত কৰাটো সমীচীন নহ’ব যেন লাগে।
৮/ প্ৰশ্নঃ বিজ্ঞানৰ ছাত্ৰ, গৱেষক হোৱাৰ উপৰি তোমাৰ সাহিত্য চৰ্চাতো ৰাপ আছে বুলি আমি জানো।তোমাৰ আত্মজীৱনীৰ ইংৰাজী সংষ্কৰণ লিখি উলিয়াইছা ৷ ইয়াৰ উপৰি সদ্যহতে নতুন কিবা সাহিত্য প্ৰকল্প হাতত লৈছা নেকি ?
উঃ মোৰ ঘনিষ্ঠসকলে জানে যে সাহিত্যত মোৰ সাংঘাতিক ৰাপ আছে-- নিয়মীয়াকৈ লিখিব নোৱাৰিলেও অন্ততঃ এজন পাঠক হিচাপে। “ মোৰো এটা সপোন আছে ”-ৰ ইংৰাজীত লিখি উলিয়ালোঁ যদিও এতিয়ালৈকে প্ৰকাশ হোৱা নাই।ইয়াৰ পাছত অন্য এখন আৰম্ভ কৰিছিলোঁ, ইংৰাজীতে।কিন্তু সময়ৰ অভাৱত বৰ বেছি আগবঢ়া নাই।
৯/ প্ৰশ্নঃ আমাৰ অন্যযুগ আলোচনীখনে পঞ্চমবৰ্ষত ভৰি দিলেহি।ডা° ধ্ৰুৱজ্যোতি বৰা, ড° পোনা মহন্ত, প্ৰয়াত হোমেন বৰগোহাঞি ছাৰকে মুখ্য কৰি তেওঁলোকৰ সহযোগিতা, সহমৰ্মিতা, মাৰ্গদৰ্শনত; ড° বসন্ত কুমাৰ গোস্বামী ( প্ৰাক্তন ) আৰু ড° মৃদুল শৰ্মাদেৱৰ সম্পাদনাত আলোচনীখনে নবীন আৰু প্ৰবীণসকলৰ চিন্তাক সামগ্ৰিকভাৱে প্ৰাধান্য দি কলা-সাহিত্য-বিজ্ঞানকে বিজ্ঞানকে ধৰি সকলো বিষয়তে আলোকপাত কৰিবলৈ চেষ্টা কৰি আহিছে ৷ বিজ্ঞান বিষয়ক তোমাৰো এটি পৰামৰ্শ বিচাৰিছোঁ।
উঃ আমাৰ অসমত বিজ্ঞানৰ নেৰেটিভ্ নাই বুলিবই পাৰি। উদাহৰণস্বৰূপে যোৱা এশবছৰত আমাৰ পাঠ্যপুথিত আমি এজনো অসমীয়া বিজ্ঞানীৰ নাম নাপালোঁ। আমাৰ ৰাস্তা-ঘাট-দলং অসমীয়া বিজ্ঞানীৰ নামেৰে নামকৰণ হোৱাৰ নজিৰ নাই ৷ আমাৰ সমাজত আমি অসমীয়া বিজ্ঞানীৰ কথা নাপাতোঁ। অসমীয়া বিজ্ঞানীক আমাৰ সমাজ ব্যৱস্থাই স্বীকৃতি দিয়াৰ কোনো ব্যৱস্থা নাই। এক কথাত, আমাৰ অসমত বিজ্ঞানক ইমান উপেক্ষা কৰি আহিলোঁ যে আমি সমগ্ৰ অসমীয়াই বিশ্বৰ দৃষ্টিত উপেক্ষিত হৈয়েই ৰলোঁ। মোৰ বোধেৰে অসমৰ বৌদ্ধিক সমাজে বিজ্ঞানৰ এটা প্ৰৱল নেৰেটিভ্ বা ধাৰা গঠনৰ সময় আহি পৰিছে, অন্ততঃ আমাৰ উত্তৰপুৰুষক বাট এটা দেখুৱাই দিবলৈ।আমাৰ অস্তিত্ব সংকটৰ কথাটো ইয়াতে সংযুক্ত হৈ আছে ৷
১০/ প্ৰশ্নঃ অন্যযুগৰ মাধ্যমেৰে বিজ্ঞানৰ জনপ্ৰিয়কৰণ তথা বিজ্ঞান মনষ্কতা বৃদ্ধিৰ দিশত উপদেশমূলক দুআষাৰ বিচাৰিলোঁ।
উঃ মই ভাবোঁ প্ৰত্যেক আলোচনীয়েই বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দায়িত্ব লোৱাৰ সময় আহি পৰিছে। এইটো সঁচা যে প্ৰত্যেকে প্ৰকৃত আৰু মানদণ্ড বিশিষ্ট বিজ্ঞানৰ বিচাৰ কৰিব নোৱাৰে। সেয়েহে তেনে বিচাৰ কৰিব পৰা ব্যক্তিক আলোচনী এখনৰ সৈতে জড়িত কৰোৱাটো অতি প্ৰয়োজনীয়। শেষত কওঁ যে, আমি বিজ্ঞানক অৱহেলা কৰিব নোৱাৰোঁ। নহ’লে বিশ্বই আমাক অৱহেলা কৰিব।
|| অন্যযুগ পৰিয়ালৰ তৰফৰ পৰা তোমালৈ আন্তৰিক ধন্যবাদ ||


Comments
Post a Comment