প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা
প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা
দেৱজিৎ
ভৰালী
মানৱ
সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান-প্ৰযুক্তিয়ে
চমকপ্ৰদ সফলতা লাভ কৰিছে । আৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন উদ্ভাৱনে মানৱজীৱন
সূচলতৰ কৰি তুলিছে । কিন্তু তাৰো সমান্তৰালভাৱে মানুহৰ জ্ঞাতে-অজ্ঞাতে
প্ৰকৃতিয়ে ইয়াৰ কুফল বাৰুকৈয়ে ভূগিবলগাত পৰিছে। পৰিতাপৰ কথা এইখিনিতেই আহি পৰে । আমি দোপদ-দোপে উন্নতি কৰাৰ লগেলগে প্ৰকৃতিলৈ যিমান পাৰোঁ আমাৰ
দ্বাৰা বৰ্জনীয় প্ৰতিদান দিবলৈ ধৰিলোঁ । আৰু প্ৰকৃতিয়ে এই প্ৰতিদানক বিনা চৰ্তে গ্ৰহণ কৰি সহি সহি গৈ থাকিল, গৈ
আছে ।
তথাকথিত
বিজ্ঞানৰ জয়যাত্ৰাৰ পথৰেই কোনোবাচোৱা কেঁকুৰিত বেকেলাইট্ ( ১৯০৭ ) নামৰ এবিধ আচৰিত
ভৌত মানৱ সমাজে
আৱিষ্কাৰ কৰি উলিয়ালে আৰু এই ভৌতৰ সহজাত নাম পৰিল “প্লাষ্টিক”। এইবিধ
পদাৰ্থৰ গুণাগুণে একপ্ৰকাৰে
মানৱসমাজৰ বাবে আশীৰ্বাদতুল্য তথা চমকপ্ৰদ হৈ ধৰা দিলে । অতিশয় কম খৰচী, সহজলভ্য
উৎপাদন, বহুমুখী ব্যৱহাৰ, মাটি-পানী-বায়ু
ক’তোৱেই নষ্ট নোহোৱা গুণৰ অধিকাৰী এইবিধ ভৌতৰ আচৰিত চৰিত্ৰই সকলোকে বৰ আকৃষ্ট
কৰিলে আৰু লগেলগে ইয়াৰ চাহিদা আৰু ব্যৱহাৰৰ পৰিসৰ বিশালতৰ হৈ পৰিল । ইয়াৰ
বিস্তাৰ আৰু প্ৰসাৰ সম্প্ৰতি
আশ্চৰ্যকৰ। মাউণ্ট
এভাৰেষ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ গৃহৰ পাকঘৰত থকা নিমখৰ বৈয়ামটোলৈকে অথবা মহাকাশযান
নিৰ্মাণৰ পৰা আৰম্ভ কৰি কলম নিৰ্মাণলৈকে প্লাষ্টিকৰ ব্যৱহাৰ অপৰিহাৰ্য। গতিকে মানৱ জীৱনত ইয়াৰ প্ৰভাৱ সহজে অনুধাৱন কৰিব পাৰি। ইমানলৈকে ঠিকেই আছে ৷ পাচে প্ৰকৃতি !
প্ৰকৃতিয়েটো নিজৰ নিয়মৰ হেৰ্-ফেৰ্
নকৰে। সৃষ্টি-ধ্বংসৰ
শাশ্বত সূত্ৰৰ দ্বাৰাই প্ৰকৃতি পৰিচালিত হৈ নিজৰ ভাৰসাম্য বৰ্তাই ৰাখে। প্লাষ্টিকে এইখিনিতেই আহুকালৰ সৃষ্টি কৰে। যি গুণৰ বলত মানুহৰ বাবে ই একপ্ৰকাৰে আশীৰ্বাদতুল্য হৈ
পৰিছে সেই গুণৰাজিৰেই ই প্ৰকৃতিৰ বাবে অভিশাপ হৈ পৰে।
যি
কি নহওক, গঠনৰ ফালৰ পৰা প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰবিশিষ্ট যৌগ ( Large
molecule structured polymeric meterial ) ৷
ইয়াৰ ৰাসায়নিক গঠন কিম্বা আণৱিক গঠন যথেষ্ট জটিল ৷ প্লাষ্টিক এনেধৰণে
বৈশিষ্ট্যসম্পন্ন যে ইয়াক বিভিন্নৰূপ দিব পৰাকৈ নমনীয়, লেহুকা
অথচ কঠিন আৰু দীৰ্ঘম্যাদী ৷ ই নজহা-নপমা এবিধ জটিল যৌগবিশিষ্ট পদাৰ্থ। স্বাভাৱিকতে যিকোনো প্ৰকৃতিজাত দ্ৰব্য-বস্তুয়েই পচনশীল বা নষ্টধৰ্মী চৰিত্ৰ বহন কৰে। উদাহৰণস্বৰূপে লোহা এডোখৰো যথাসময়ত মামৰ ধৰি অৱক্ষয় হৈ
মাটিৰ সৈতে মিলি যায় । কিন্তু প্লাষ্টিকৰ ধৰ্ম প্ৰকৃতিবিৰোধী । ই নষ্ট
নোহোৱাকৈ থাকি যায় ৷ কাৰণ প্লাষ্টিক এবিধ অজৈৱপচনশীল ( Nonbiodegradable )
পদাৰ্থহে । ইয়াৰ নষ্টধৰ্মী চৰিত্ৰ নাই । ইপিনেদি সম্প্ৰতি নগৰায়ণৰ যুগে জয়জয়-ময়ময় অৱস্থা বহন কৰাৰ পৰিপ্ৰেক্ষিতত কম খৰচী,
বহুমুখী প্ৰতিভাৰ এই প্লাষ্টিকৰ চাহিদা বৃদ্ধি কৰাটো
স্বাভাৱিক । জনসংখ্যা বৃদ্ধিৰ প্ৰসংগটোও উপেক্ষণীয় নহয়। মুঠতে ভূতৰ ওপৰতে দানহ।
প্লাষ্টিকৰ
গুণাগুণৰ ওপৰত ভিত্তি কৰি ইয়াক ব্যৱহাৰৰ দিশৰ পৰা শ্ৰেণীবিভাগ কৰি ভিন ভিন ৰূপত
ব্যৱহাৰ কৰা হয়। আনহাতে ই
সহজলভ্য, কমখৰচী হোৱাৰ বাবে ব্যৱহাৰ কৰি সহজতে বৰ্জনো ( প্লাষ্টিক
আৱৰ্জনা ) কৰা হয়। এবাৰ
ব্যৱহাৰযোগ্য প্লাষ্টিকেই হওক বা অন্য প্লাষ্টিকেই হওক যেতিয়া এইসমূহ আৱৰ্জনালৈ
পৰ্যবসিত হয় তেতিয়া বিভিন্ন পদ্ধতিৰে, যথা
জ্বলাই দি বা মাটিত পুতি বা নলা-নদৰ্মা, নদীত
উটুৱাই দি ইয়াক ধ্বংস কৰিবলৈ চেষ্টা কৰা হয়। ফলত প্লাষ্টিকে নিজৰ ভয়ংকৰ ৰূপ দেখুৱাবলৈ সাজু হয় ৷
যেনে- প্লাষ্টিকে বহন কৰা বিষাক্ত ৰাসায়নিক যৌগই জুইৰ সান্নিধ্য পাই জ্বলি উঠি
বিষাক্ত প্ৰদূষকৰ ৰূপ লয় আৰু বতাহত মিহলি হৈ দূৰদূৰণিলৈ বিয়পি পৰি বায়ুপ্ৰদূষণৰ
সৃষ্টি কৰে। সেইদৰে
মাটিত পুতি থলে প্লাষ্টিকে ইয়াৰ অপচনশীল
চৰিত্ৰৰ যোগেদি মাটিৰ উৰ্বৰতা হ্ৰাস কৰিবলৈ ধৰে । পানীত
উটুৱাই দিলে পানী বিষাক্ত কৰি তোলে তথা নষ্ট নোহোৱাকৈ থাকি যায় । মুঠতে
প্লাষ্টিক অজৰ-অমৰ । স্থিতি
বাহাল ৰাখিব পৰা ধৰ্মৰ বাবে কোনো কাৰণতে প্ৰকৃতিৰ নিয়মক ই আকোঁৱালি নলয় ৷ সেয়েহে
হয়তো প্লাষ্টিক একপ্ৰকাৰৰ মানৱসৃষ্ট দানৱ কিম্বা দেৱতা কিম্বা এক প্ৰহেলিকা ।
এতিয়া
আহোঁ এইবিধ পদাৰ্থৰ বিশ্বব্যাপী প্ৰসাৰতাৰ এক থূলমূল পৰিসংখ্যালৈ । সম্প্ৰতি
চক্ৰবৃদ্ধি হাৰত প্লাষ্টিকৰ উৎপাদন বিশ্বজুৰি বৃদ্ধি পাইছে । প্ৰাপ্ত
তথ্যমতে ( UNEP : United Nations Environmental Program ) বৈশ্বিক প্ৰেক্ষাপটত
বছৰি ৪০০ ( চাৰিশ ) নিযুত মেট্ৰিক টন উৎপাদন হয় । যাৰ প্ৰায়
১২ শতাংশ প্লাষ্টিক বৰ্জন / আৱৰ্জনাৰ নামত জ্বলাই (
Incineration ) দিয়া হয় আৰু মাত্ৰ ৯ শতাংশ প্লাষ্টিক পুনৰব্যৱহাৰযোগ্য (
Recycle ) কৰা হয়। বাকী থকা আৱৰ্জনা
সদৃশ প্লাষ্টিক তথাকথিতভাৱেই মাটি, নদ-নদী,
সাগৰকো সাঙুৰি প্ৰকৃতিগৰ্ভলৈ নিক্ষেপ কৰা হয়। ইপিনে ভাৰতৰ প্ৰেক্ষাপটত যদি মন কৰোঁ তেন্তে ভাৰতত বছৰি
৩.৪ নিযুত টন ( 3.4 million tonnes ) প্লাষ্টিক আৱৰ্জনা (
Plastic Waste ) সৃষ্টি হয়।যাৰ মাত্ৰ ৩০ শতাংশহে পুনৰব্যৱহাৰযোগ্য কৰি তোলা হয় । বিগত
পাঁচবছৰৰ খতিয়ানলৈ মন কৰিলে দেশত প্লাষ্টিক ব্যৱহাৰৰ বাৰ্ষিক যৌগিক বৃদ্ধিৰ হাৰ ( CAGR )
২০১৬-১৭ বিত্তীয় বৰ্ষত ৯.৭ শতাংশ
হিচাপে ১৪ নিযুত টনৰ পৰা ২০১৯-২০ বৰ্ষত ২০ নিযুত টন হৈছেগৈ ( উৎস : Business Standard ) ৷
এই সময়ছোৱাত ভাৰতৰ প্লাষ্টিক আৱৰ্জনা সৃষ্টিৰ হাৰো দুগুণ হাৰত বৃদ্ধি পাইছে । ভাৰতীয়
বিজ্ঞান প্ৰতিষ্ঠান ( IISc ) প্ৰেক্সিছ্ গ্ল’বেল এলায়েঞ্চ ( Prexis
Global Alliance )-ৰ এক যুটীয়া প্ৰতিবেদন মতে দেশৰ তিনিখন ৰাজ্য ক্ৰমে
মহাৰাষ্ট্ৰ, তামিলনাডু আৰু গুজৰাটেই একেলগে কেৱল দেশৰ মুঠ আৱৰ্জনাৰ
৩৮ শতাংশ বৰঙণি যোগায় । গতিকে প্লাষ্টিক ব্যৱহাৰ তথা আৱৰ্জনাৰ এই অভাৱনীয়
বৃদ্ধিৰ হাৰে প্ৰাকৃতিক পৰিৱেশত কেনে বিৰূপ প্ৰভাৱ পেলাইছে সেয়া সহজে অনুমেয়।
ইতিমধ্যে
উল্লেখ কৰা হৈছে যে প্লাষ্টিক বিষাক্ত প্ৰদূষকৰ বাহক ৷ পৃথিৱীৰ তিনিওটা পৰিমণ্ডল--
মাটি, পানী, বায়ু সকলোকে ই প্ৰদূষিত কৰিব পাৰে । পৃথিৱীৰ
বায়ুমণ্ডলৰ পৰিসৰত প্লাষ্টিকসৃষ্ট বয়বস্তু, দূষিত
কণা ( Micropollutants ) আদিয়ে
প্ৰাকৃতিক পৰিৱেশ প্ৰদূষিত কৰে, প্ৰাণী আৰু উদ্ভিদকূললৈ বিপদ নমাই আনে ৷ প্লাষ্টিকে বায়ু
প্ৰদূষণতো ইন্ধন যোগায় । তলত কেইটামান উদাহৰণ দিয়া হৈছে।
১)
প্লাষ্টিক যিহেতু খাৰুৱা তেলৰ পৰা বা পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা আহৰণ কৰা হয় ইয়াত
বিষাক্ত ৰাসায়নিক যৌগ থকাটো স্বাভাৱিক । গতিকে মানৱস্বাস্থ্যৰ প্ৰতি ই অতিশয় ক্ষতিকাৰক ৷
চিকিৎসকমহলে এইক্ষেত্ৰত ইতিমধ্যে সতৰ্কবাণী কৰি থৈছে যে প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰাত সতৰ্কতা অৱলম্বন
কৰাটো মংগলজনক । গৰম খোৱা সামগ্ৰী পৰাপক্ষত প্লাষ্টিকৰ আহিলাত লৈ গ্ৰহণ
কৰাটো উচিত নহয় । তদুপৰি শিশুসকলৰ প্লাষ্টিকৰ যতনসমূহ পৰাপক্ষত ব্যৱহাৰ
নকৰাটোৱেই ভাল । প্লাষ্টিক প্ৰদূষণৰ ফলত মানুহ অচিন ৰোগৰ চিকাৰ হ’ব পাৰে
৷ যাৰ চিকিৎসা হয়তো নাই বা অত্যন্ত ব্যয়বহুল হোৱাৰ সম্ভাৱনা থাকে । আৱদ্ধ
পানীত বা নলা-নদৰ্মাত প্লাষ্টিকৰ সামগ্ৰী পেলাই দিয়াটো সম্প্ৰতি সাধাৰণ কথাত পৰিণত
হৈছে । ই কোনো কাৰণতে সমৰ্থনযোগ্য নহয় । মহ,
বীজাণু আদিৰ বাবে আদৰ্শ প্ৰজননস্থল, উৎপত্তিস্থল হৈ পৰে ৷
২)
প্লাষ্টিক আৱৰ্জনাই মাটিৰ উৰ্বৰা গুণাগুণ নষ্ট কৰি তাৰ মানদণ্ড হ্ৰাস কৰে । যিয়ে
কৃষিকাৰ্যত প্ৰভাৱ পেলাব পাৰে ৷ আৱৰ্জনাবোৰ লাহেলাহে মাটিৰ লগত মিলি যেতিয়া
শীৰ্ণপ্ৰায় হ’বলৈ ধৰে, তাৰ পৰা নানান ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য ওলাই মাটিৰ
সৈতে মিহলি হৈ পৰে আৰু মাটিৰ উৰ্বৰতা হ্ৰাস কৰে । তেনে
পেলনীয়া আৱৰ্জনা পশু-পক্ষীয়ে ভক্ষণ কৰি সিহঁতো মৃত্যু মুখত পৰিব পাৰে ৷
৩)
সামুদ্ৰিক জীৱকুলৰ বিষয়ে যদি চাবলৈ যাওঁ, প্লাষ্টিকৰ
প্ৰভাৱ নপৰাকৈ থকা নাই । প্লাষ্টিকৰ ভয়ংকৰ গ্ৰাসত সামুদ্ৰিক জীৱকুলেও
ত্ৰাহিমধুসূদন কাঢ়িছে ৷ বিভিন্ন সময়ত মাছুৱৈসকলে মাছ মাৰিবলৈ ব্যৱহাৰ কৰা
প্লাষ্টিকৰ জাল আদি নানান কাৰণত ছিগি-ভাগি সাগৰৰ তলিত ৰৈ যায়,
সাগৰৰ মাছ বা অন্য জীৱ তেনে জালৰ ভগ্নাৱশেষৰ ফান্দত পৰি
মৃত্যুমুখত পৰে বা আঘাতগ্ৰস্ত হয় । তদুপৰি সাগৰৰ পাৰত এচাম বিনোদভ্ৰমণকাৰীৰ
কৃপাত সাগৰ, মহাসাগৰৰ বুকুলৈ অসংখ্য প্লাষ্টিকৰ সোঁত বয় । নদ-নদীৰ
জৰিয়তেও প্লাষ্টিক আহি সাগৰত
পৰেহি । মুঠতে কথা বিষম, উপশমহে
পাবলৈ নাই।
কিন্তু,
এই সকলো কথা বাদ দি উল্লেখনীয় মূল প্ৰসংগটো হ’ল--
প্লাষ্টিকে স্বয়ংক্ৰিয়ভাৱেই পৃথিৱী গ্ৰাস কৰিছেনে ?
প্লাষ্টিক নিজেই গৈ সাগৰত পৰিছেগৈ নে ? নে নিজেই বতাহৰ লগত মিলি গৈছে ? মুঠতে
প্লাষ্টিকে নিজেই ইমান ধ্বংসলীলাৰ কাৰক হৈ উঠিছে জানো ? প্লাষ্টিকৰ আৱিস্কাৰ
প্ৰকৃততে মানৱ সভ্যতাৰ বাবে এলা-পেছা উদ্ভাৱন নহয় ৷ ই এক বৈপ্লৱিক উদ্ভাৱন ৷ ইয়াৰ
আৱিস্কাৰে বিজ্ঞানৰ জয়যাত্ৰাৰ অন্য এক মাইলৰ খুঁটিৰূপে সাক্ষী বহন কৰিছে । গতিকে পোনেপোনে
আমি “প্লাষ্টিক”-লৈ সকলো দোষ ঠেলি দিয়াটো অনুচিত হ’ব । তথাকথিতভাৱেই
আমি জানো যে অতিমাত্ৰা সকলো ক্ষতিকাৰক । নিয়ন্ত্ৰিত ব্যৱহাৰ তথা সতৰ্কতাই মানৱজীৱন তথা পৃথিৱীৰ
আনন্দক অনন্য মাত্ৰা প্ৰদান কৰে । একেই কথা প্লাষ্টিকৰ ক্ষেত্ৰতো খাটে বুলি ভাবোঁ । মানুহৰ
অসংযমশীলতাই, অসতৰ্কমূলক আচৰণেহে প্ৰকৃতিক প্ৰত্যক্ষ-পৰোক্ষভাৱে আঘাত
সানি আহিছে । অবিবেচকী বনধ্বংস, প্ৰকৃতিৰক্ষাৰ
প্ৰতি উদাসীন মনোভাব, আমাৰ কেউকাষেও যে এখন পৃথিৱী আছে তাৰ প্ৰতি একপ্ৰকাৰৰ
অনুভৱহীন মানসিকতা, স্বাৰ্থান্বেষী মনোভাব ইত্যাদি কাৰণবোৰৰ বাবেই
প্লাষ্টিকৰ দৰে অত্যাৱশ্যকীয় পদাৰ্থই প্ৰকৃতি ধ্বংসৰ কাৰক হৈ উঠিছে । হয়,
এই কথাও সত্য যে উন্নয়ন আমাৰ চিৰকাম্য কিন্তু সেই উন্নয়ন
ধ্বংসমুখী হ’ব নালাগে । মানুহৰ ন্যস্ত স্বাৰ্থসিদ্ধিৰ বাবে প্ৰকৃতিয়ে কিয়
বাৰেবাৰে মূল্য বহন কৰিব সেয়াহে মুখ্যতঃ বিবেচ্য।
প্লাষ্টিকৰ
দীৰ্ঘম্যাদী স্বৰূপ, কম খৰচী আৰু সহজলভ্য গুণাগুণৰ বাবে ইয়াৰ অবাধ ব্যৱহাৰ হৈ আহিছে । কিন্তু ইয়াৰ নেতিবাচক দিশবোৰলৈ চকু দিয়াটো মানুহৰ
দায়িত্ব । চৰকাৰেও এইক্ষেত্ৰত অধিক সজাগতামূলক ব্যৱস্থা গ্ৰহণ
কৰাটো উচিত । মানুহৰ কৃপাত ইতিমধ্যেই বিশ্বপ্ৰকৃতিৰ সৰ্বত্ৰ
প্লাষ্টিকে গ্ৰাস কৰিছে ৷ কিন্তু এই গ্ৰাসক নিয়ন্ত্ৰণলৈ
অনাৰ সামৰ্থ কেৱল মানৱজাতিৰ হাততেই আছে ।
প্লাষ্টিকৰ
ব্যৱহাৰ তথা আৱৰ্জনা হ্ৰাসকৰণ, পুনৰব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী সংগ্ৰহকৰণ,
পলিথিন বৰ্জন, এবাৰ
ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাসকৰণ, খাদ্য-বস্তুৰ
ক্ষেত্ৰত প্লাষ্টিকৰ আচ-বাব বৰ্জন, গৰম
খাদ্য-বস্তু প্লাষ্টিকৰ পাত্ৰত পৰিবেশনৰ অভ্যাস ত্যাগ, পলিভিনাইল
ক্ল’ৰাইড ( PVC ), পলিষ্টিৰিণ আদিৰ দ্বাৰা
নিৰ্মিত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাসকৰণ, পলিকাৰ্বনেটমুক্ত
( BPA Free ) প্লাষ্টিকৰ ব্যৱহাৰ জাতীয়
পদক্ষেপৰ জৰিয়তে প্লাষ্টিকৰ ভয়াৱহ সমস্যাৰ কবলৰ পৰা প্ৰাকৃতিক পৰিৱেশক কিছু
পৰিমাণে হ’লেও সকাহ দিব পৰা যায় । লগতে আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰাটোও
মংগলজনক।
মূলতঃ
ৰাইজৰ সজাগতাই সুৰক্ষিত প্ৰকৃতিৰ বাহক । কথাষাৰ যথাসম্ভৱ হৃদয়ংগম কৰিব পৰাটো আশাপ্ৰদ ৷
ফোন : ৯৮৫৪৫৩৯০৬১





Comments
Post a Comment