গণতন্ত্ৰ নে স্বৈৰতন্ত্ৰৰ পূৰ্বাভাস !
গণতন্ত্ৰ নে
স্বৈৰতন্ত্ৰৰ পূৰ্বাভাস !
দেৱজিৎভৰালী
ভাৰতবৰ্ষৰ ”গণতান্ত্ৰিক ব্যৱস্থা” দেশৰ লৌহ গম্বুজস্বৰূপ।আৰু দেশৰ সংবিধান দেশৰ আত্মাসদৃশ।গণৰাজ্য দিৱসে দেশৰ সংবিধান ৰচনাৰ চূড়ান্ত বিশেষ দিনটোৰ লগতে একতা, অখণ্ডতা তথা জনসাধাৰণমুখী উক্ত ব্যৱস্থাটোক সোঁৱৰাই দিয়ে।ঔপনিৱেশিক ( বৃটিছ ) শাসনৰ পৰা এচামে আত্মবলিদান, ত্যাগেৰে দেশৰ এই স্বকীয় ধাৰাটোক অক্ষত কৰিলে।দেশ স্বাধীন হ’ল। বিগত ৭০-৭৫ দশকজোৰা বৃহৎ সময়ছোৱাত দেশে বহুতো দেখিলে, বহুতো সহিলে। গণতন্ত্ৰৰ বহুসময়ত মৃত্যু হ’ল, বহুসময়ত পুনঃস্থাপন হ’ল। তৎসত্ত্বেও এই উত্থান-পতনৰ আখ্যানে দেশৰ এনে স্বকীয় ব্যৱস্থাক এতিয়াও জিলিকাই ৰখাত সমৰ্থ হোৱাৰ আঁৰতে হ’ল দেশবাসীৰ এই ব্যৱস্থাৰ ওপৰত থকা অগাধ আস্থা আৰু বিশ্বাস।আবাল, বৃদ্ধ, বনিতাৰ পৰা শিশুটিলৈকে যেতিয়া ৰাষ্ট্ৰীয় পতাকাখনিত দৃষ্টিনিৱদ্ধ হয়, মনলৈ মাথোঁ এটা ধাৰণাই আহে-ভাৰত দেশ স্বাধীন, স্বকীয়, চিৰউন্নত শিৰেৰে, খামি ডাঠ বুকুৰে সদায় মহান হৈ ৰোৱা গণতন্ত্ৰৰ এক দিগন্ত বিয়পা সত্তা।
কিন্তু মূল চিন্তনীয় প্ৰসংগটো হ’ল গণৰাজ্য দিৱস উদযাপনৰ সাম্প্ৰতিক যি
বাহ্যিক ধামখুমীয়া যথা- দিল্লীৰ কৰ্তব্যপথত বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক প্ৰতীকপট
প্ৰদৰ্শনৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ উদাত্ত ভাষণলৈকে; প্ৰতিখন ৰাজ্যৰ
চুকে-কোণে দেশৰ গণতান্ত্ৰিক তথা সংবিধান প্ৰদত্ত ব্যৱস্থাক সুঁৱৰি, ভাৰতীয় বুলি গৰ্বিত সত্তাৰে কৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, বিভিন্ন সাংস্কৃতিক
শোভাযাত্ৰা, সামৰিক শক্তি প্ৰদৰ্শন, নৃত্য-গীত পৰিৱেশনলৈকে যি উচাহে বিৰাজ কৰে সেয়া প্ৰকৃতপক্ষে জিলিকি ৰৈছেনে
নাই সেয়াহে।
বিগত ১০
বছৰীয়া বিজেপি চৰকাৰৰ শাসনকালত যে দেশৰ মূল গণতান্ত্ৰিক ধাৰা বিঘ্নিত হৈছে তাক ন-কৈ
কোৱাৰ প্ৰয়োজন নাই ।দেশৰ সংবিধানে দেশক তথা জনসাধাৰণক প্ৰদান কৰাক্ৰমে সাৰ্বভৌম, ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিক, গণতান্ত্ৰিক
গণৰাজ্যৰ অভিধা আৰু মৌলিক অধিকাৰৰাজিক সম্প্ৰতি চৰকাৰ দেউতা ঈশ্বৰে নিঃশেষ কৰিবলৈ
বিচাৰিছে।কোনোস্বাধীন সংস্থা, ব্যক্তিয়ে
কৰা জনবিৰোধী কাৰ্যৰ প্ৰতিবাদক ৰাষ্ট্ৰদ্ৰোহৰ দৰে গোচৰৰ আওতালৈ অনা হৈছে।দেশৰ
শাসনযন্ত্ৰই যে দেশৰ এই স্বকীয় ধাৰাক নিঃশেষ কৰাৰ ক্ষেত্ৰত উদ্যত হৈছে আৰু তাৰ
ঠাইত যে স্বৈৰতান্ত্ৰিক ধাৰা এটা প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে
সেয়া স্পষ্টৰূপে প্ৰকাশ পাইছে।
উল্লেখযোগ্যযেবিগতবৰ্ষৰ মাজভাগত ছুইডেনৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এক সমীক্ষাই বিশ্বৰ ৪২ খন দেশক বিশ্বৰ ভিতৰতে স্বৈৰতান্ত্ৰিক দেশৰূপে চিহ্নিত কৰিছে।দুখৰ বিষয় যে এই সমীক্ষাৰ তালিকাত ভাৰতৰ নামো সন্নিৱিষ্ট হৈছে।উক্ত প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ৭২% লোক স্বৈৰতান্ত্ৰিক শাসনব্যৱস্থাৰ সৈতে জীয়াই আছে।তাৰে ভিতৰত ২৮% জনগণ বদ্ধ স্বৈৰতন্ত্ৰ ( Closed Autocracy ) শাসন ব্যৱস্থাৰ সৈতে সহাৱস্থান কৰিছে।উদাৰবাদী গণতান্ত্ৰিক ব্যৱস্থা ( Liberal Democracy ) সম্প্ৰতি নগণ্য।বিশ্বৰ মাত্ৰ ১৩% জনতাহে এই উদাৰবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ সৈতে জীয়াই আছে বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।আমাৰ দেশো সম্প্ৰতি এই অপ্ৰত্যাশিত ধাৰাৰ ব্যতিক্ৰম নহয়বুলি ক’লেও বঢ়াই কোৱা নহ’ব।সম্প্ৰতি ক্ষমতা কেন্দ্ৰীয়কৰণৰ ধাৰা সৃষ্টি কৰা হৈছে।সংসদীয় বিচাৰ-বিবেচনা, সিদ্ধান্ত গ্ৰহণ, ন্যায়পালিকা আদি প্ৰক্ৰিয়াক লাহেলাহে মুক্তভাৱে উপেক্ষা কৰা হৈছেযাৰ ফলত কাৰ্যপালিকাৰ জৰিয়তে কেতবোৰ কঠোৰ অবিবেচকী স্বৈৰাচাৰপূৰ্ণ সিদ্ধান্তৰে দেশৰ গণতন্ত্ৰত নিৰ্মম আঘাত সনা হৈছে।“ব্যক্তিবিশেষ ক্ষমতা কেন্দ্ৰীভূতকৰণ”-ৰ এই প্ৰক্ৰিয়াত দেশৰ মূল ব্যক্তিজনেই পোনপটীয়াকৈ জড়িত হৈ পৰিছে। আৰু তেখেতৰ নীতি-নিৰ্দেশনাত দেশৰ সমগ্ৰ শাসনব্যৱস্থাই এক অহেতুক দিশে গতি কৰিছে। এনেস্থলত দেশৰ সংবিধান সুৰক্ষাৰ প্ৰসংগটো স্পৰ্শকাতৰ হৈ পৰিছে।ইপিনেৰাজনৈতিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, ৰাজনৈতিক মহামঞ্চত বিৰোধীশিবিৰক ধুলিসাৎ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷ বিগত সময়ছোৱাত মণিপুৰৰ গোষ্টীগত সংঘৰ্ষৰ প্ৰসংগই যেতিয়া দেশৰ দুয়ো সদন তোলপাৰ লগাইছিল, বিৰোধীয়ে প্ৰতিবাদস্বৰূপে বাৰে বাৰে সদন ত্যাগ কৰিবলগাত পৰিছিল, শাসকীয়ই তাকে চেলু হিচাপে লৈ বিৰোধী শিবিৰক সদনৰ পৰা বহিষ্কাৰ কৰিছিল। তেনেক্ষেত্ৰত শাসকীয়ৰ ভূমিকাই বহুতো প্ৰশ্নৰ উদ্ৰেক ঘটাইছিল।আনকি মাননীয় সদনৰ অধ্যক্ষপদত অধিষ্ঠিত ব্যক্তিজনায়ো শাসকৰ কৰ্মৰাজিক প্ৰশংসাৰেহে উপচাই পেলাইছিল।ছেগ বুজি শাসকীয়ই বিৰোধীশূন্য সদনতে এককভাৱে নিজৰ একনায়কত্ব মানসিকতাৰে কেইবালানিও সিদ্ধান্ত, বিধেয়ক আদি চূড়ান্ত কৰিছিল।গণতান্ত্ৰিক ব্যৱস্থাৰ কেনে এক চূড়ান্ত প্ৰহসন ! কিন্তু শাসকীয়পক্ষৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই, সমালোচনা আদিলৈয়ো তেখেতলোকে কেৰেপ নকৰে।তেওঁলোক মগ্ন কেৱল ক্ষমতাৰ অপপ্ৰয়োগৰ চিন্তাত।
সম্প্ৰতি প্ৰায়বোৰ চৰকাৰী বিভাগীয়খণ্ডক চৰকাৰে স্বেচ্ছাচাৰপূৰ্ণ নিৰ্দেশনাৰে বিপথে পৰিচালিত কৰিছে।একক, স্বাধীন একোটা চৰকাৰী সংস্থাক এইদৰে ক্ষমতাৰ অপপ্ৰয়োগৰ বাবে ব্যৱহাৰ কৰাৰ হেতু বহুসময়ত চৰকাৰ সমালোচনাৰ পাত্ৰও হৈছে।কিন্তু চৰকাৰ নাচোৰবান্দা। ইডি ( আৰ্থিক তদন্তকাৰী সঞ্চালকালয়), চিবিআই, আৰক্ষীবিভাগৰ দৰে স্বতন্ত্ৰ চৰকাৰী সংস্থাবোৰ সম্প্ৰতি দেশৰ সংবিধান অনুসাৰে চলিবলৈ বাধ্য নহয়, বাধ্য চৰকাৰৰস্বৈৰাচাৰপূৰ্ণ নীতি-নিৰ্দেশনা অনুসাৰে।উল্লেখযোগ্য যে বিগত ক’ভিডকালীন পৰিৱেশে দেশৰ শাসকীয়পক্ষৰ একছত্ৰী মানসিকতাত আৰু ইন্ধন যোগালে।এই পৰিৱেশে একপ্ৰকাৰে শাসকীয়পক্ষক ক্ষমতাৰ কেন্দ্ৰীয়কৰণৰ সোণালী সুযোগ দিলে।ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৰ্বত্ৰে লকডাউন ঘোষণাৰ জৰিয়তে শাসকীয়গোষ্ঠীয়ে ব্যক্তিবিশেষ ক্ষমতা কেন্দ্ৰীয়কৰণ প্ৰক্ৰিয়া তীব্ৰতৰ কৰিলে।তাৰ প্ৰভাৱ অসমতো নপৰাকৈ নাথাকিল।
ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দুটিমান প্ৰসংগ তুলি ধৰিলোঁ।
১) ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতনয়াহুৱে সংসদীয় ব্যৱস্থাপনাক আওকাণ কৰি ইজৰাইলত তৎকালীন নিয়মাৱলী ঘোষণা কৰিছিল তথা তাৰ জনতাৰ স্বাধীনতা ভংগ কৰি যান্ত্ৰিক নিৰীক্ষণ ( Digital survelliance ) ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল।
২) ক’ভিডকালতেই হাংগেৰীৰ ৰাষ্ট্ৰপতিয়ে ক্ষমতাৰ সকলো উপাদান নিজৰ বিবেচনাত ৰাখিব বুলি সংসদত বিধেয়ক অনুমোদন কৰাই সকলো ক্ষমতা নিজৰ হাতলৈ আনিছিল।
৩) অসমতো ক’ভিডকালীন পৰিৱেশে পিপিই কিট কেলেংকাৰী, আৰক্ষী প্ৰশাসনৰ উন্মুক্ত, অবাধ আচৰণ আদি দমননীতিমূলক চিন্তাৰ পোষকতা কৰা হৈছিল।
অৰ্থাৎ ক’ভিডকালীন পৰিৱেশেই একপ্ৰকাৰে বিশ্বৰ বিভিন্ন প্ৰান্তত স্বৈৰাচাৰী সংস্কৃতিক তীব্ৰতৰ কৰি তুলিছিল।
যি কি নহওক, ২৬ জানুৱাৰী, গণৰাজ্য দিৱসৰ এই পৱিত্ৰ দিনটো উল্লেখযোগ্য হৈ পৰাৰ আঁৰৰ বৰেণ্য ইতিহাসৰ কথা নজনা ব্যক্তিহয়তো নোলাব।ঔপনিৱেশিক শাসনৰ ওৰ পেলাই ভাৰতৰ স্বাধীনতা সংগ্ৰামে অৱশেষত ১৯৪৭ বৰ্ষৰ ১৫ আগষ্টৰ দিনা শেষ হাঁহি মাৰিলে।ভাৰত, ইংৰাজৰ কবলৰ পৰা স্বাধীন হ’ল।স্বাধীন ভাৰতৰ ন-সূৰুযৰ কিৰণে ভাৰতভূমি স্পৰ্শ কৰাৰে পৰা নতুন দেশৰ নতুন প্ৰগতিশীল চিন্তাই পোখা মেলিবলৈ ল’লে। দেশখনক কেৱল বিদেশীমুক্ত কৰাই দেশ স্বাধীনৰ লক্ষ্য নাছিল। বহু শতিকাজুৰি লাঞ্চিত, বঞ্চিত, শোষিত, নিপীড়িত, অৱহেলিত দৰিদ্ৰ জনসাধাৰণক অন্ধকাৰৰ পৰা পোহৰৰ বাট দেখুওৱাৰ দৰে প্ৰচেষ্টা অন্যতম মূল চিন্তাৰূপে স্বাধীনতাৰ লক্ষ্যত সংপৃক্ত হৈছিল। স্বাধীনতাৰ মুখ্য উদ্দেশ্য আছিল দেশৰ মুঠ জনসংখ্যাৰ ৯৯%দৰিদ্ৰ, নিপীড়িত, সমাজৰ পিছপৰাসকলক উদ্ধাৰ কৰি প্ৰতিষ্ঠা কৰা তথা দেশৰ আন্তঃগাঁথনি, উদ্যোগ, কৃষি আদিৰ পৰিসেৱাসমূহ দ্ৰুতগতিত উন্নতি ঘটাই সেই দৰিদ্ৰচামক কৰ্মসংস্থাপিত কৰা।সুযোগ সন্ধানী চিন্তাৰ সোপানেৰে, নতুন সমাজ গঢ়াৰ পৰিকল্পনাৰে, স্বাস্থ্যহীনতা, অপুষ্টিৰ দৰে অভিশাপৰ পৰা মুক্ত কৰাৰ সংকল্পেৰে নৱচিন্তা, নৱউত্তৰণৰ উদ্দেশ্য আগত ৰাখিয়েই স্বাধীন ভাৰত এখনৰ সপোন ৰচনা কৰা হৈছিল।
এখন দেশৰ স্বাধীনতাই পূৰ্ণতা পাবলৈ প্ৰয়োজন হয় দেশহিতৈষীমূলক বহুতো ৰাষ্ট্ৰীয় নীতিজড়িত উপাদানৰ।দেশখন সুচাৰুৰূপে পৰিচালিত হ’বলৈ, এক নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ মাজেৰে দেশৰ উন্নতিৰ হকে কৰ্ম কৰাৰ তথা জনগণকো দেশপ্ৰেমৰ নিভাঁজ সোৱাদ যাচিবলৈ প্ৰয়োজনীয় তেনে উপাদানৰ কথা দেশ স্বাধীনৰ পূৰ্বৰে পৰাই তেতিয়াৰ মহান ৰাজনীতিকসকলে চিন্তা-পৰিকল্পনা কৰিছিল। ফলস্বৰূপে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা দেশে স্বাধীনতা লাভ কৰিল, গঠিত হ’ল দেশৰ সংবিধান খচৰা পৰিষদ সমিতিৰ ৷ ড° ভীমৰাও আম্বেদকাৰ, পণ্ডিত জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লৱভাই পেটেল, মৌলানা আবুল কালাম আজাদ আদি বিশিষ্টসকলৰ পৃষ্ঠপোষকতাত দেশৰ সংবিধান ৰচনাৰ কাম আৰম্ভ হ’ল।সৰ্বমুঠ ২২ খনকৈ সমিতি গঠনৰ জৰিয়তে দেশৰ এই মহান দায়িত্বভাগী পালন কৰিবলৈ যো-জাচলিল।তাৰে মাজত ড° আম্বেদকাৰদেৱৰ তত্বাৱধানত সংবিধানৰ খচৰা প্ৰস্তুতকৰণৰ কাম আৰম্ভ হ’ল। প্ৰায় ২ বছৰ, ১১ মাহ আৰু ১৮ দিনৰ কঠোৰ তপস্যাৰ অন্তত ড° আম্বেদকাৰে সংবিধান পৰিষদৰ ( cconstituent assembly ) সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত সংবিধানৰ হাতে লিখা খচৰা অৰ্পণ কৰিলে ৷ সেই দিনটো আছিল ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।তাৰ পাছতো সংবিধানৰ বহুতো দফা, অনুচ্ছেদ বাৰম্বাৰ সংশোধন কৰা হ’ল আৰু ১৯৫০ চনৰ ২৪ জানুৱাৰীৰ দিনা ২৮৪ জন সংবিধান পৰিষদৰ সদস্যৰ স্বাক্ষৰসহিতে সেই দিনটোৰ দুদিন পাছৰ অৰ্থাৎ ২৬ জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ আত্মাস্বৰূপ দেশৰ সংবিধান গৃহীত হ’ল। ওপৰি উল্লেখ্য মনীষীসকলৰ দূৰদৰ্শী চিন্তা আৰু পৰিকল্পনাৰে ভাৰত দেশ সমৃদ্ধ হ’ল।
পাচে, দেশৰ সেই সমৃদ্ধি, একতা, ধৰ্মনিৰপেক্ষ চৰিত্ৰ, ভাতৃত্ববোধ, জনগণৰ মৌলিক অধিকাৰ আদি বৈশিষ্ট্যক পদাঘাত কৰি আজিৰ শাসকীয়ই উক্ত বিশেষ দিনটোক এক চৰম উপহাসলৈ পৰ্যবসিত কৰিবলৈ উদ্যত হৈছে।দেশৰ গণতান্ত্ৰিক চৰিত্ৰ, বাকস্বাধীনতা, সংবাদ মাধ্যমৰ ওপৰত হস্তক্ষেপ, সামাজিক চৰিত্ৰ স্খলন, ৰাজনৈতিক নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ৰমহ্ৰাসমান নিৰপেক্ষ চৰিত্ৰ আদিৰ জৰিয়তে চৰকাৰে ক্ষমতাৰ অপপ্ৰয়োগৰ যোগেদি একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ অহৰ্নিশ প্ৰচেষ্টা চলাইছে।ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি, ধৰ্মীয় মেৰু বিভাজন, সাম্প্ৰদায়িক উক্তি, বক্ৰোক্তি ইত্যাদিৰ দ্বাৰা গণতন্ত্ৰ নিঃশেষ কৰিবলৈ বিচৰা হৈছে।ফলত জনতাই বিমোৰ হৈ এনে পাকচক্ৰত সোমাই পৰি দিকবিদিক হেৰুৱাইছে।দুপইছাৰ আশাত নিজৰ বিবেক, মূল্যবোধক বন্ধকত ৰাখিবলৈকো কুণ্ঠাবোধ নকৰা হৈছে।এনে স্বৈৰাচাৰী ধুমুহাৰ চাকনৈয়াৰ মাজত গণতন্ত্ৰৰ বাবে চিৰস্মৰণীয় গৰিমামণ্ডিত গণৰাজ্য দিৱসৰ প্ৰকৃত শৌৰ্য যেন তেনেই ম্লান পৰিছে। বাহ্যিক ৰং-ৰহইছ, বাহ্যিক দেশপ্ৰেমৰ অজুহাতস্বৰূপহে যেন হৈ পৰিছে এই দিৱস।নৱপ্ৰজন্মই ইয়াৰ মৰ্মাৰ্থ বুজি নাপায়, ড° আম্বেদকাৰক চিনি নাপায়, গণতন্ত্ৰ আৰু গণৰাজ্যৰ মাজৰ পাৰ্থক্য বুজি নাপায়।মুঠতে যেন এক উৎসৱমুখী চিন্তাকহে প্ৰশ্ৰয় দিয়াৰ দিন হিচাপে ৰৈ গৈছে এই বিশেষ দিনটো।
তথাপি আশাবাদক নেওচি আগুৱাব নোৱাৰি।যথা আশা কৰোঁ, দেশৰ জনগণে গণৰাজ্য দিৱসৰ প্ৰাসংগিকতাক ম্লান পৰিবলৈ নিদিয়ে।এদিন সকলোৱে হয়তো বুজি উঠিব আৰু তীব্ৰ কণ্ঠস্বৰে, সমস্বৰে দেশৰ একতা, অখণ্ডতাক হানি কৰিব পৰা অপশক্তিক নাশ কৰিবলৈ সক্ষম হ’ব।শুভবোধৰ উদয়ে দেশৰ নীলিম আকাশৰ বুকুত উৰি থকা ত্ৰিৰংগ ধ্বজাই দেশৰ সংবিধান সুৰক্ষাৰ প্ৰত্যয়েৰে গণৰাজ্য দিৱসৰ প্ৰাসংগিকতাক চিৰপ্ৰবহমান কৰি ৰাখিব।
দূৰভাস : ৯৮৫৪৫৩৯০৬১

Comments
Post a Comment