প্ৰসংগ : অসম আৰু চাহ পৰ্যটন
প্ৰসংগ : অসম আৰু চাহ পৰ্যটন
দেৱজিৎ ভৰালী
চাহশিল্প অসমৰ সুকীয়া বৈশিষ্ট্য তথা প্ৰকৃতিৰ আশীৰ্বাদস্বৰূপ। সুন্দৰ সুগন্ধি আৰু স্বাদযুক্ত এইবিধ পানীয় বিশ্বৰ সৰ্বস্তৰতে পানীৰ পিছতে সৰ্বাধিক জনপ্ৰিয়।
অসমৰ নৈসৰ্গিক শোভাই ইতিমধ্যেই বিশ্বদৰবাৰত এক স্বকীয় আসন দখল কৰিছে।তাতে আকৌ চাহবাগিছাসমূহৰ পৰিবেষ্টিত বিশাল সেউজ পৰিবেশে ৰাজ্যখনৰ এই শোভাত সুৱগা চৰাইছে ৷
বৃটিছৰ পৃষ্ঠপোষকতাত পোনপ্ৰথমে অসমত চাহশিল্পই জন্মলাভ কৰিছিল।পাছলৈ মণিৰাম দেৱানকে মুখ্য কৰি আন আন অসমীয়াৰ কষ্ট আৰু অৱদানেৰে চাহশিল্পই নিজৰ ভেটি গঢ়িবলৈ সক্ষম হয় ৷ কোৱা হয় যে ১৮২৮ চনত ৰবাৰ্ট আৰু চাৰ্লছ ব্ৰুছ্ নামৰ দুগৰাকী বৃটিছ পৰ্যটকে প্ৰথমে অসমত চাহপাত আৱিষ্কাৰ কৰিছিল ৷ তাৰ পাছৰ ইতিহাস দীঘলীয়া, সেয়া পাছৰ আলোচনালৈ থলোঁ।
সম্প্ৰতি অসমৰ প্ৰায় ৩ লাখ ১২ হাজাৰ হেক্টৰ মাটিকালি আগুৰি প্ৰায় ৮৫০ খন চাহবাগিছা ইয়াত আছে।পৰিসংখ্যা চায়েই বুজিব পাৰি ইয়াৰ সম্ভাৱনা। আজিৰ মূল প্ৰসংগটো হ’ল চাহ পৰ্যটন বা ইংৰাজীত Tea Toruism ৷ আমাৰ ৰাজ্য বিভিন্ন সমলৰাজিৰে সমৃদ্ধ। পৰ্যাপ্ত অৱস্থাত থকা এই সমলৰ দ্বাৰা আমি ইচ্ছা কৰিলে ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ নানান দিশ মুকলি কৰিব পাৰোঁ। চাহশিল্পও তেনে এবিধ সমৃদ্ধময় সমলেই ৷ চাহশিল্পক লৈ সফল পৰ্যটন উদ্যোগ বা বিভাগ এটা গঢ়ি তোলাৰ পৰ্যাপ্ত সমল প্ৰকৃততে আমাৰ ৰাজ্যত আছে। এইক্ষেত্ৰত চিন্তা-চৰ্চা ইতিমধ্যেই পলম হৈছে বুলিয়েই ধৰিব পাৰি। কাৰণ সম্প্ৰতি চৰ্চাত থকা চাহপৰ্যটনৰ ধাৰণাটো বৰ বিশেষ পুৰণি নহয়। সমসাময়িকভাৱেই এই ধাৰণাৰ পোষকতা কৰা হৈছে। চলিত ২১ শতিকাৰ আৰম্ভণিতে এই ধাৰণাই জন্ম পাইছে। অসমৰ পয়োভৰা চাহবাগিছাসমূহৰ বিশাল সেউজ আচ্ছাদনে পৰ্যটকসকলক সদায় আকৰ্ষিত কৰি আহিছে। ১৮ শতিকাতে অসমত এই শিল্পই গা কৰি উঠিছিল আৰু বৃটিছসকলৰ পৰশেৰে ৰাজ্যৰ কৃষিখণ্ডত এক শক্তিশালী উপাদানৰ সংযোজন ঘটিছিল। ক্ৰমাৎ চাহকৃষিৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰা ভাৰতৰ পূবখণ্ডৰ বিভিন্ন ৰাজ্য যেনে ছত্তীশগড়, ঝাৰখণ্ড, ওডিশা ইত্যাদিৰ পৰা চাওঁতাল জনগোষ্ঠীৰ লোকসকলক ইংৰাজে অসমলৈ আনি এই কৃষিকৰ্মত নিয়োগ কৰিছিল। আৰু সময়ৰ লগে লগে এইসকল জনজাতিয়ে অসমৰ কলা-সংস্কৃতি, আচাৰ-নীতিৰ সতে একাকাৰ হৈ পৰিছিল ৷ গতিকে চাহপৰ্যটনৰ জৰিয়তে এইসকল জনজাতিৰ সংস্কৃতিৰাজিকো নিচেই কাষৰ পৰা জুমি চোৱাৰ অৱকাশ আছে ৷
এতিয়া কথা হ’ল পৰ্যটকসকলে চাহপৰ্যটনৰ সৈতে জড়িত হ’ব পৰাকৈ কি কি প্ৰসংগ আছে সেয়া ৷ চাহ পৰ্যটকসকলৰ বাবে একো একোখন চাহবাগিছাত উপভোগ্য, প্ৰমোদ ভ্ৰমণ আৰু জ্ঞান আহৰণৰ বাবে যথেষ্ট সমল আছে ৷ চাহশিল্পৰ ইতিহাস, বৃটিছযুগীয় ইংলেণ্ড আৰ্হিৰ প্ৰাসাদ বা বাংল’, কীৰ্তিচিহ্ন, বাগিছাৰ পৰা চাহপাত তোলাৰ কৌশল বা পদ্ধতি, বিভিন্ন প্ৰকাৰৰ চাহৰ পৰা প্ৰস্তুত কৰা পানীয়ৰ সোৱাদলভা ইত্যাদি বহুধৰণৰ সমলেৰে পৰ্যটকসকল পৰিতৃপ্ত হ’ব পাৰে ৷ চাহ জনজাতিসকলৰ উৎসৱ, সংস্কৃতি, ৰীতি-নীতি, নৃত্য-গীত আদিৰেও পৰ্যটকসকল সংপৃক্ত হ’ব পাৰে ৷
চাহবাগিছাসমূহ স্বাভাৱিকতে বিশাল এলেকাজুৰি থাকে। চাৰিওফালে মনোমোহা সেউজ আভাৰে পৰিবেষ্টিত বাগিছাসমূহ ভ্ৰমণ কৰাৰ মাদকতাই সুকীয়া ৷ বিশেষকৈ অসমৰ চাহবাগিছাসমূহৰ নৈসৰ্গিক দৃশ্য অনুপম। বৃটিছসকলৰ শাসনকালতে গঢ় লৈ উঠা অসমৰ এই বাগিছাবোৰৰ পৰিসৰত তেতিয়াৰ চাহকৃষকসকলে ( Tea Planters ) বা গৰাকীসকলে ( ইংৰাজ ) প্ৰাসাদোপম বাংল’ সাজি তাত চাহবাগিছাৰ সকলোপ্ৰকাৰৰ কাম-কাজ চোৱা-চিতাৰ নিমিত্তে বসতি পাতিছিল। সুন্দৰ, নিৰিবিলি, কোলাহলবিহীন একোটা নিজম পৰিবেশৰ মাজত থাকি চাহ ব্যৱসায় চলাইছিল। আৰু এই ধাৰা এতিয়াও যিহেতু অব্যাহত আছে, তেনে পৰিবেশৰ অভিজ্ঞতা বুটলিবলৈ পৰ্যটকসকলে চাহপৰ্যটনৰ জৰিয়তে এক সুন্দৰ সুযোগ গ্ৰহণ কৰিব পাৰে ৷ চাহবাগিছাত বাহৰ পাতি পৰ্যটকসকলে বৃটিছযুগীয় ঔপনিৱেশিক পৰিবেশৰ সোৱাদো ল’ব পাৰে। তদুপৰি, নিৰ্দিষ্ট চাহবাগিছা থকা ঠাইখনৰ কেউকাষৰ পৰ্যটনথলীসমূহো ভ্ৰমণৰ অংশৰূপে বিবেচনা কৰিব পাৰে।
সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য হিচাপে অসমৰ কথাকে মনলৈ আহে আৰু এয়া অতি আশাব্যঞ্জক বিষয় যে এইকথা দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰো জ্ঞাত। গতিকে অসমক বাদ দি চাহপৰ্যটনৰ কথা ভাবিব নোৱাৰি।
অসমৰ চাহশিল্প ( বিশেষকৈ উজনি অসমত ) জনপ্ৰিয়। তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, গোলাঘাট, মধ্যঅসমৰ শোণিতপুৰ আদি জিলাসমূহত বহুলভাৱে চাহখেতি কৰা হয়। কেৱল সেয়াই নহয়, ক্ষুদ্ৰ চাহখেতিয়কসকলে নিজৰ মাটিত, নিজগৃহৰ প্ৰাংগনতো চাহখেতি কৰে। আৰু এই কথা সকলোৰে জনাজাত ৷ গতিকে পৰ্যটকৰ বাবে এই ঠাইসমূহৰ পৰিভ্ৰমণ এক আকৰ্ষণৰ কেন্দ্ৰ হ’ব পাৰে ৷ ইয়াৰোপৰি পূৰ্বউল্লিখিত চাহবাগিছাবোৰত বৃটিছৰাজৰ ঔপনিৱেশিক ঐতিহ্য বহন কৰা তাহানিৰ প্ৰাসাদ / বাংল’সমূহ আজিও বৰ্তী আছে আৰু তাৰ আভিজাত্য তথা আতিথ্য পৰ্যটকসকলে এই চাহপৰ্যটনৰ জৰিয়তেই উপভোগ কৰিব পাৰে।
অসমৰ চাহবাগিছাসমূহ অতি পুৰণি তথা দৃষ্টিনান্দনিক হোৱাৰ হেতুকে পৰ্যটনক্ষেত্ৰত ই অবিচ্ছেদ্য অংগৰূপে পৰিগণিত হৈ আহিছে। পৰ্যটকসকলৰ বাবে অতিকৈ আকৰ্ষণীয় এই চাহবাগিছাবোৰৰ আভিজাত্য অতিকৈ চকুত লগা। কেতবোৰ চাহবাগিছাৰ মালিকপক্ষই বাগিছাৰ পৰিসৰত হেলিপেড্, এয়াৰষ্ট্ৰীপ আদি পৰ্যন্ত ব্যৱস্থা কৰি থয়। বিশ্বনাথ জিলাস্থিত মনাবাৰী চাহবাগিছাৰ কথাই সুকীয়া। কেৱল অসম বা ভাৰতৰে নহয়, সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ চাহবাগিছা হিচাপে মনাবাৰী চাহবাগিছাৰ নাম আছে। প্ৰায় ১৪০০ হেক্টৰ মাটিকালি আগুৰি থকা মনাবাৰী চাহবাগিছাত প্ৰায় ১১৬০ হেক্টৰ এলেকাত চাহখেতি কৰা হয় ৷ গতিকে চাহপৰ্যটনৰ ক্ষেত্ৰত মনাবাৰী চাহবাগিছাৰ গুৰুত্ব তথা সম্ভাৱনা কেনে সেয়া সহজেই অনুমেয়।
অসমৰ চাহপৰ্যটন বুলিলে বিশ্বৰ ভিতৰতে সৰ্বাধিক চি টি চি বা অৰ্থডক্স ( orthodox ) চাহপাতৰ নিলাম হোৱা কেন্দ্ৰ বুলি পৰিচিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰক পাহৰিলে নহ’ব। বিগত ২০২০ বৰ্ষত ৫০ বছৰ সম্পূৰ্ণ কৰা গুৱাহাটী চাহ নিলাম কেন্দ্ৰটি প্ৰকৃততে এক ঐতিহ্যমণ্ডিত আৰু বিশ্বৰ ভিতৰতে এটি অতিব্যস্ত চাহ নিলাম কেন্দ্ৰ। গতিকে দেশ-বিদেশৰ পৰ্যটকসকলৰ বাবে এই কেন্দ্ৰটিও হ’ব পাৰে আকৰ্ষণৰ বিন্দু ৷ দৰাচলতে উজনি, নামনি বা মধ্য অসম য’তেই নহওক অসমৰ চুকে-কোণে চাহশিল্প কম-বেছি পৰিমাণে উপলব্ধ। গতিকে, ওপৰত উল্লেখ কৰা ধৰণে পৰ্যটকসকলক চাহপৰ্যটনৰ লগতে সেই নিৰ্দিষ্ট ঠাইখনৰ অন্যান্য পৰ্যটনথলীসমূহো ভ্ৰমণ কৰাৰ সুযোগ লাভৰ থল আছে ৷ উদাহৰণস্বৰূপে - যোৰহাট, শিৱসাগৰ আদি জিলাসমূহত চাহবাগিছা তেনেই সহজলভ্য আৰু লগতে এইবোৰ ঠাই অন্য পৰ্যটনৰ বাবেও বিখ্যাত। যোৰহাটৰ মাজুলী, শিৱসাগৰৰ ঐতিহাসিক দৌল, দেৱালয়, পুখুৰী আদিৰ গৰিমা সকলোৰে জ্ঞাত ৷ সেইমৰ্মে চাহপৰ্যটনৰ সৈতে এইসমূহ পৰ্যটনথলী সাঙুৰি লৈ পৰ্যটকসকলে অনন্য আনন্দৰ সাক্ষী হ’ব পাৰে ৷ লগতে অসমৰ ভিন ভিন প্ৰান্তত থকা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যবোৰো চাহপৰ্যটনৰ অংশ হোৱাৰ থল আছে - যিহেতু এইবোৰৰ আশেপাশে বহু এলেকা জোৰা চাহবাগিছা উপলব্ধ।
অসমৰ পৰ্যটন উন্নয়ন নিগমে চাহপৰ্যটনক উন্নত
আৰু জনপ্ৰিয় কৰি
তোলাৰ ক্ষেত্ৰত অনেক
উদ্যোগ হাতত ল’ব পাৰে ৷ অসম চাহ নিগমৰ ( Assam Tea Corporation ) সৈতে বুজা-পৰা
চুক্তি আদি কৰি এইক্ষেত্ৰত এক
বলিষ্ঠ পদক্ষেপ গ্ৰহণ
কৰি অসমৰ অৰ্থনীতিক অধিক
টনকিয়াল কৰি
তুলিব পাৰে ৷ অৱশ্যে অসম চৰকাৰৰ বিত্ত বিভাগে পোনপ্ৰথমবাৰৰ বাবে
চাহপৰ্যটনৰ সম্ভাৱনা
আৰু ইয়াৰ উন্নয়নলৈ লক্ষ্য
ৰাখি চলিত ২০২২-২৩ বাজেট বৰ্ষত ৫০ কোটি টকা ধাৰ্য কৰিছে। চাহবাগিছাসমূহক কিদৰে পৰ্যটনক্ষেত্ৰলৈ উন্নীত কৰি আন্তঃগাঁথনি সবল কৰিব পাৰি সেই সন্দৰ্ভত পৰিকল্পনা হাতত লৈছে। যোৱা মাৰ্চ’২২ মাহত বিধানসভাৰ বাজেট অধিবেশনত অসমৰ বিত্তমন্ত্ৰী মাননীয়া অজন্তা নেওগে সদৰি কৰে যে - “ অসমৰ চাহউদ্যোগ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ হোৱা সত্ত্বেও কিছু কিছু সীমাবদ্ধতাৰ হেতু সম্পূৰ্ণৰূপে পৰ্যটকসকলক আকৰ্ষিত নহয়। যেনে- চতুৰ্দিশে দৃষ্টিনন্দন পৰিবেশ থকা সত্ত্বেও কেতবোৰ চাহবাগিছাৰ পৰিসৰত থকা-খোৱাৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ বাবে পৰ্যটকসকল নিৰাশ হ’বলগীয়াত পৰে ৷ কাজেই, সেইক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নমূলক কেতবোৰ আঁচনি-পৰিকল্পনাৰ প্ৰয়োজন আছে ৷ এইক্ষেত্ৰত চৰকাৰৰ সহযোগিতাত অতিথিশালাৰ নৱীকৰণ, নতুন অতিথিশালাৰ নিৰ্মাণ তথা পৰ্যটকৰ সকলো সুবিধাৰ্থে প্ৰয়োজনীয় যাৱতীয় সকলো সমল যুগুতাব পৰা যায় ৷ ” অৱশ্যে চলিত ২০২২-২৩ বৰ্ষত ৫০ খন মান বাছনিকৃত চাহবাগিছালৈ ২ কোটি পৰ্যন্ত ধনৰাশি বিত্ত বিভাগে ঠিৰাং কৰিছে। ইয়াৰোপৰি চাহবাগিছাসমূহৰ সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে কৃষিবনানীকৰণ ( Agro
forestry ) , সৌৰশক্তি প্ৰকল্প আদি ব্যৱস্থাৰ বাবেও উৎসাহিত কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগমে অৱগত কৰিছে যে “ বহুতো চাহবাগিছাৰ পৰিসৰত বৃহৎ এলেকা জুৰি গ’লফ্ ক’ৰ্চৰ ব্যৱস্থা থাকে আৰু এয়া পৰ্যটকসকলৰ বাবে এক নান্দনিক অভিজ্ঞতা লাভৰ সমল হ’ব পাৰে ৷ তদুপৰি ক্লাৱ, ৰংগমঞ্চ, এয়াৰষ্ট্ৰীপ আদিৰো ব্যৱস্থা থাকে যাতে পৰ্যটকৰ বাবে চাহবাগিছাসমূহ পোনপটীয়া পৰ্যটন গন্তব্যস্থল হিচাপে বিবেচিত হয়।“
চৰকাৰ আৰু চৰকাৰী সংস্থাৰ এনে পৃষ্ঠপোষকতা নিশ্চিতভাৱে চাহ পৰ্যটন উদ্যোগৰ বাবে এক আশাৰ বতৰা ৷ তথাপি এনে বিভাগীয় ঘোষণাবোৰ সমান্তৰালকৈ কাৰ্যক্ষেত্ৰত আগবাঢ়িছে বুলি ক’ব নোৱাৰি বা তেনে পদক্ষেপ সাম্প্ৰতিক সময়ছোৱাত পৰিলক্ষিত হোৱা নাই। আশা কৰোঁ চৰকাৰে এই দিশত নিশ্চয়কৈ গুৰুত্ব আৰোপ কৰিব।
চাহ পৰ্যটন অসমৰ অৰ্থনীতিৰ বাবে এক অমৃতসম উপাদান। কেৱল অসমৰ বাবেই নহয় ই দেশৰ অৰ্থনীতিৰো এক মুখ্য সমল। অসমৰ প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ ক্ষেত্ৰতো এই চাহবাগিছাসমূহৰ ভূমিকা অপৰিসীম। নিয়োগৰ সম্ভাৱনা বৃদ্ধিৰ ক্ষেত্ৰতো চাহ পৰ্যটনে অনন্য ভূমিকা ল’ব পাৰে ৷ সামাজিক গাঁথনি মজবুত কৰি অসমৰ জনগোষ্ঠীয় বিন্যাস টনকিয়াল কৰি ৰখাতো চাহউদ্যোগৰ বিশেষ অৰিহণা আছে ৷ গতিকে, সকলোখিনি সামৰি শেষত এষাৰ কথাই নিশ্চিতি দি ক’ব পাৰি যে প্ৰচুৰ সম্ভাৱনাময় চাহ পৰ্যটনে অসমৰ স্থান বিশ্বপৰ্যটনৰ মানচিত্ৰত চিৰকাল জিলিকাই ৰাখিব পাৰিব। মাথোঁ প্ৰয়োজন হ’ব আমাৰ তথা চৰকাৰৰ সদিচ্ছা আৰু সহযোগিতা ৷
ফোন : ৯৮৫৪৫৩৯০৬১

Comments
Post a Comment