প্ৰসংগ : ডিজিটেল মাৰ্কেটিং
প্ৰসংগ : ডিজিটেল মাৰ্কেটিং
দেৱজিৎ ভৰালী
আজিৰ যুগটো হ’ল তথ্যপ্ৰযুক্তিৰ যুগ বা ডিজিটেল যুগ ৷ আঙুলিৰ এটা মাত্ৰ টিপাতেই আমি সমগ্ৰ বিশ্বৰে খবৰ ঘৰত বহি পাব পাৰোঁ ৷ অৰ্থাৎ তথ্যপ্ৰযুক্তিয়ে আমাক সিমানখিনি পৰ্যায়লৈ আগবঢ়াই নিছে ৷ সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়, টকা-পইছাৰ লেনদেন, সভা-সমিতি, পেচাগত কাম-কাজ ইত্যাদি সকলোবোৰেই আমি অতি সহজতে ঘৰৰপৰাই পৰিচালনা কৰিব পাৰোঁ ৷ মুঠতে কৈ শেষ কৰিব নোৱাৰি ৷ আজিৰ আলোচ্য বিষয়টো তথ্যপ্ৰযুক্তিৰ সতে সংলগ্ন এটি বিষয় অৰ্থাৎ তথ্যপ্ৰযুক্তিৰেই এটি বিকশিত দিশৰূপে গঢ় লৈ উঠা এক পৰম্পৰাগত ধাৰণাৰ পুনঃনৱীকৰণৰ ধৰণটোৰ বিষয়েহে ৷
' বজাৰ ', এটি চিৰপৰিচিত শব্দ ৷ যিকোনো এবিধ পণ্য সামগ্ৰীক যেতিয়া ক্ৰেতাৰ কাষলৈ বা ক্ৰেতাৰ মাজত চিনাকি কৰাই দিবলগীয়া হয় তেতিয়া সেই বিশেষ সামগ্ৰী উৎপাদনকাৰী প্ৰতিষ্ঠানে বিভিন্ন বিজ্ঞাপনৰ সহায় লয় ৷ আৰু সেই বিজ্ঞাপনৰাজিক বিভিন্ন গণমাধ্যম যথা- বাতৰি কাকত, ৰেডিঅ’, টিভি, ৰাজহুৱা স্থানত ডাঙৰ প’ষ্টাৰ, বেনাৰ আদিৰ জৰিয়তে প্ৰচাৰ চলাই গ্ৰাহকৰ মাজত সেই বিশেষ সামগ্ৰীবিধৰ প্ৰয়োজনীয়তা, গুণাগুণ আদিৰ বিষয়ে অৱগত কৰা হয় ৷ কিন্তু বৰ্তমানে তথ্যপ্ৰযুক্তিৰ পয়োভৰ তথা জনপ্ৰিয়তাৰ বাবে ইয়াক ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিভিন্ন বাণিজ্যিক প্ৰচাৰৰ বা বিপণনৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয় ৷ অৰ্থাৎ সহজ উপলব্ধতাৰ হেতু বাণিজ্যিক প্ৰচাৰক যেতিয়া ইন্টাৰনেটৰ সহায়ত ক্ৰেতা বা সাধাৰণ গ্ৰাহকৰ কাষ চপাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয় আৰু বিভিন্ন ই-মাধ্যম যেনে- স্মাৰ্টফোন, লেপটপ, কম্পিউটাৰ বা তেনে কোনো ইলেক্ট্ৰনিক মাধ্যমৰ সহায় লোৱা হয় তেতিয়া সেই প্ৰক্ৰিয়াটোকেই কোৱা হয় ডিজিটেল মাৰ্কেটিং বা ডিজিটেল বিপণন প্ৰক্ৰিয়া ৷ একেবাৰে সহজ ভাষাত অনলাইন মাৰ্কেটিং বুলিও ক’ব পাৰি ৷ তথ্যপ্ৰযুক্তিৰ এই দিশটোৰ বিষয়ে আজিকালি সকলোৱেই কম-বেছি পৰিমাণে জ্ঞাত যদিও আলোচনাৰ থল নথকা নহয় ৷ তাকে ভাবি লেখাটি যুগুতোৱা হৈছে ৷
সম্প্ৰতি গোটেই জগত বিয়াপি তথ্যপ্ৰযুক্তিৰ উত্থানে পৃথিৱীখনকে এখনি ক্ষুদ্ৰ গাঁৱলৈ ( Global Village) পৰিণত কৰিছে ৷ আপুনি য’তেই নাথাকক, আপোনাৰ কেউকাষৰ খবৰ মুহূৰ্ততে আপোনাৰ নখদৰ্পণত উপনীত কৰাব পৰাকৈ তথ্যপ্ৰযুক্তি সক্ষম ৷ সকলোৰে হাতে হাতে স্মাৰ্টফোন, লেপটপ, টেবলেট আদিৰ উপলব্ধতাই বহুধৰণৰ জটিল যেন লগা কাম অতিকৈ সহজ কৰি পেলাইছে ৷ এতিয়াৰপৰা তিনিদশক পূৰ্বে আৱিষ্কাৰ হোৱা ইন্টাৰনেট ( ১ জানুৱাৰী, ১৯৮৩ ) সেৱাই এতিয়া পৃথিৱী, মহাকাশ য’তেই নহওক নিজৰ আধিপত্যৰে জনজীৱন অতি সহজ কৰি পেলাইছে ৷ যিকি নহওক, ডিজিটেল মাৰ্কেটিঙৰ ধাৰণাটো একপ্ৰকাৰে ইন্টাৰনেটৰ সতেই জড়িত ৷ এই ধাৰণাৰ জন্ম বৰ বেছি পুৰণি নহয় ৷ বিভিন্ন সামাজিক মাধ্যমৰ পয়োভৰ সম্প্ৰতি অলেখ ৷ ফে’চবুক, হুৱাটচএপ্, টুইটাৰ ইত্যাদি সামজিক মাধ্যমৰ যোগেদি বহুধৰণৰ সামাজিক বাৰ্তা আদান-প্ৰদান, প্ৰচাৰ, সম্প্ৰচাৰ আদি কৰিব পাৰি ৷ ইফালে আমাৰ চিৰ পৰিচিত "বজাৰ" বোলা শব্দটোৰ অৰ্থ পৃথক ৷ পণ্য সামগ্ৰীৰ য’ত দৰ-দাম, বেচা-কিনা হয়, সহজ অৰ্থত সেয়াই "বজাৰ" ৷ বিক্ৰেতাই যিকোনো ধৰণৰ নতুন সামগ্ৰী ( Product) বজাৰলৈ আহিলে তাক গ্ৰাহকৰ সতে পৰিচয় কৰাই দিবৰ নিমিত্তে বিভিন্ন বিজ্ঞাপনৰ সহায় লয় বুলি আমি জানো ৷ বিভিন্ন কলাত্মক দিশেৰে সেই বিশেষ সামগ্ৰীবিধ গ্ৰাহকৰ বাবে কিয় প্ৰয়োজন সেয়া বিজ্ঞাপনটিত উপস্থাপন কৰা হয় আৰু গ্ৰাহকে সেই বিশেষ সামগ্ৰীবিধৰ বিষয়ে অৱগত হয় ৷ এইধৰণৰ বাণিজ্যিক প্ৰচাৰ এক ব্যৱসায়িক নিয়মৰ গণ্ডীত পৰে ৷ গতিকে এনে বাণিজ্যিক প্ৰচাৰৰ ধৰণটো সম্প্ৰতি সলনি হৈছে আৰু লাহেকৈ উল্লিখিত বিভিন্ন ডিজিটেল মাধ্যমৰ আওতাত সোমাই পৰিছে ৷ যিহেতু ডিজিটেল মাধ্যম বা পদ্ধতিৰ জৰিয়তে ব্যৱসায়িক প্ৰচাৰসমূহ চলাবলৈ লোৱা হৈছে গতিকে চমু অৰ্থত এই প্ৰক্ৰিয়াটোক " ডিজিটেল মাৰ্কেটিং" বোলা সংজ্ঞাৰে সংজ্ঞাবদ্ধ কৰা হৈছে ৷
ডিজিটেল মাৰ্কেটিঙৰ প্ৰয়োজনীয়তা কি ? স্বাভাৱিকতেই মনলৈ অহা এক প্ৰশ্ন ৷ বাণিজ্যিক ক্ষেত্ৰখনৰ কেতবোৰ নিজা নীতি আছে। এটি উদাহৰণ দিলে বেছি অৰ্থৱহ হ’ব- ধৰা হওক, আপোনাৰ গুৱাহাটী চহৰৰ মাজ মজিয়াত ব্ৰেণ্ডেড্ কাপোৰৰ এটা শ্ব’ৰুম আছে ৷ তাত বিধে বিধে আটকধুনীয়া কাপোৰেৰে ভৰি আছে ৷ কিন্তু আপুনি মন কৰিছে যে ইমান জাকজমকতাপূৰ্ণ হোৱা সত্বেও আপোনাৰ শ্ব’ৰুমত গ্ৰাহকৰ উপস্থিতি তেনেই কম ৷ ইপিনে, শ্ব’ৰুমৰ পৰিচালনাৰ বাবদ আপোনাৰ প্ৰতিমাহে বুজন পৰিমাণৰ খৰচ হয় ৷ ধৰক, আপুনি অৱশেষত বুজি পালে যে শ্ব’ৰুমৰ কাপোৰ বা বাণিজ্যিক অৰ্থত সামগ্ৰীবোৰ অত্যধিক দামী হোৱাৰ বাবে গ্ৰাহকৰ উপস্থিতি কম ৷ আপুনি তেতিয়া "অফাৰৰ" ব্যৱস্থাৰ কথা চিন্তা কৰিলে আৰু শ্ব’ৰুমৰ সমুখৰফালে ডাঙৰ ডাঙৰকৈ ৫০ শতাংশ পৰ্যন্ত ৰেহাই বুলি প’ষ্টাৰ আঁৰি দিলে ৷ লাহেকৈ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে ৷ তথাপি আশা কৰা ধৰণৰ নহ’ল ৷ তেতিয়া আপুনি ডিজিটেল মাধ্যমৰ সহায় ল’লে ৷ শ্ব’ৰুমৰ সামগ্ৰীসমূহৰ বৈশিষ্ট্য, দাম, ৰেহাই মূল্য , গ্ৰাহকৰ অতিৰিক্ত লাভ ইত্যাদি সকলোবোৰ সাঙুৰি এক সুন্দৰ বিজ্ঞাপন তৈয়াৰ কৰি সকলো সামাজিক মাধ্যমতে আপুনি প্ৰচাৰ কৰি দিলে ৷ লাহে লাহে আপুনি মন কৰিলে যে বিভিন্ন ঠাইৰপৰা গ্ৰাহকৰ ফোন আহিবলৈ ধৰিছে, শ্ব’ৰুমত গ্ৰাহকৰ সংখ্যা আশাজনকভাৱে বাঢ়িবলৈ ধৰিছে ইত্যাদি ইত্যাদি ৷ অৰ্থাৎ ডিজিটেল মাধ্যমযোগে কৰা বাণিজ্যিক প্ৰচাৰৰ বাবেই আপুনি আশানুৰূপ ফল পালে ৷ গতিকে উদাহৰণটিৰপৰা গ’ম পোৱা গ’ল যে ডিজিটেল মাৰ্কেটিং পদ্ধতিয়ে_
১/ তাৎক্ষণিকভাৱে বৃহৎ সংখ্যক ব্যক্তিৰ মাজলৈ বাৰ্তা বিয়পোৱাত সহায় কৰে আৰু গ্ৰাহকৰ সংখ্যাও বৃদ্ধি কৰে ৷
২/ কেৱল নিজ ভৌগোলিকক্ষেত্ৰতে সীমাবদ্ধ নাথাকি বিপণনৰ ভৌগলিক সীমা বৃদ্ধি কৰে ৷
৩/ সময় আৰু অৰ্থৰ ব্যয় সংকোচিত কৰে ৷
৪/ দৈনিক পৰ্যায়ত হোৱা বাণিজ্যিক লাভ-লোকচানৰ খতিয়ান তৈয়াৰ কৰাত সহায় কৰে ৷
৫/ সম্ভাব্য গ্ৰাহকৰ সংখ্যা বৃদ্ধি হোৱাত অৰিহণা যোগায় ৷
গতিকে গ’ম পোৱা গ’ল যে ডিজিটেল মাৰ্কেটিঙৰ প্ৰয়োজনীয়তা কেনে ? এতিয়া আহোঁ ডিজিটেল মাৰ্কেটিঙৰ ভিন ভিন ভাগসমূহৰ কথালৈ ৷ ডিজিটেল মাৰ্কেটিঙৰ বিভিন্নধৰণৰ প্ৰায়োগিক পদ্ধতি অনুসৰি ইয়াক ভিন ভিন ভাগত ভগোৱা হৈছে ৷ নানান ডিজিটেল মঞ্চৰ জৰিয়তে পৃথকে পৃথকে বিপণনৰ ( মাৰ্কেটিং ) সুবিধা কৰি ল’ব পৰা ইয়াৰে কেতবোৰ পদ্ধতি তুলনামূলকভাৱে বেছিকৈ ব্যৱহৃত হয় ৷ এইলেখাত বেছি ব্যৱহৃত ডিজিটেল মাৰ্কেটিঙৰ ভাগসমূহৰ বিষয়ে এক চমু আভাস আগবঢ়াবলৈ বিচাৰিছোঁ ৷
প্ৰথমেই আহোঁ ছ’চিয়েল মিডিয়া মাৰ্কেটিং বা সামাজিক মাধ্যমযোগে বিপণন পদ্ধতিলৈ ৷ আমি জানো যে সম্প্ৰতি অনলাইন সামাজিক মাধ্যমৰ ভূমিকা মানৱজীৱনত অপৰিসীম ৷ ফে’চবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, লিংকড্ইন, হুৱাটচ্এপ আদিৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই ৷ যি বাণিজ্যিক বিপণন ( প্ৰায় সকলোধৰণৰ ) এই সামাজিক মাধ্যমসমূহৰ যোগেদি হয়, তাকেই ছ’চিয়েল মিডিয়া মাৰ্কেটিং বুলি কোৱা হয় ৷
দ্বিতীয়তে উল্লেখ কৰিব বিচাৰিছোঁ ছাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্বন বা ছাৰ্চ ইঞ্জিনযোগে মাৰ্কেটিং পদ্ধতিৰ বিষয়ে ৷ এই পদ্ধতিৰ জৰিয়তে কাৰোবাৰ বাণিজ্যিক প্ৰতিষ্ঠানৰ ৱেবছাইট আদিক ছাৰ্চ ইঞ্জিন ( গুগল, য়াহু ইত্যাদি) ত মুখ্যৰূপে উপলব্ধ কৰোৱা হয়, যাতে সেই বিশেষ প্ৰতিষ্ঠান সম্বন্ধীয় যিকোনো তথ্য ছাৰ্চ ইঞ্জিন মাধ্যমেৰে বিচাৰিলেই সহজতে গ্ৰাহকে লাভ কৰিব পাৰে ৷
কন্টেন্ট মাৰ্কেটিং বা বিষয়প্ৰভৃতি বিপণন পদ্ধতি : কোনো সংশ্লিষ্ট তথ্য বা নিৰ্ধাৰিত বিষয়সম্বলিত অনলাইন বাণিজ্যিক বিপণনক কন্টেন্ট্ মাৰ্কেটিং শাখাত ধৰা হয় ৷ যেনে- ই-বুক, ব্লগ-লিখন, তথ্যসম্বলিত ভিডিঅ’ আদি কন্টেন্ট্ মাৰ্কেটিঙৰ উদাহৰণ ৷
ই-মেইল মাৰ্কেটিং বা ই-বাৰ্তাযোগে বিপণন পদ্ধতি : ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বাণিজ্যিক বিপণনৰ বাবে এই পদ্ধতি অৱলম্বন কৰে আৰু ইয়াৰ জৰিয়তে ঈপ্সিত গ্ৰাহকসকলৰ সতে এক সংযোগ স্থাপন কৰা হয় ৷ ব্যৱসায় সংক্ৰান্তীয় বিভিন্ন প্ৰচাৰ, বিজ্ঞাপন আদি ই-মেইল মাৰ্কেটিঙৰ দ্বাৰা গ্ৰাহকে পৰিচিত হ’ব পাৰে ৷ গতিকে ই-মেইল মাৰ্কেটিঙো ডিজিটেল মাৰ্কেটিঙৰ এক গুৰুত্বপূৰ্ণ ভাগ হিচাপে গণ্য কৰা হয় ৷
একোটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই ডিজিটেল বিপণনে কেনেধৰণৰ ভূমিকা পালন কৰে , সেয়াও প্ৰসংগক্ৰমে উল্লেখযোগ্য ৷ আমি দেখোঁ যে পৰম্পৰাগত নীতি অনুসৰি যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ উৎপাদিত বা মজুত থকা সামগ্ৰীৰ বিষয়ে বাণিজ্যিক প্ৰচাৰ কৰিবলৈ যথেষ্ট ব্যয় কৰিব লাগে ৷ যেনে- ৰাজহুৱাস্থানত বৃহদাকাৰৰ হ’ৰ্ডিং সংস্থাপন, প’ষ্টাৰ আদিৰ বিতৰণ, ফোনযোগে প্ৰত্যেক গ্ৰাহককে পৃথকে পৃথকে প্ৰচাৰ সম্বন্ধীয় যোগাযোগ স্থাপন ইত্যাদি পদক্ষেপবোৰ জটিলতাপূৰ্ণ, ব্যয়বহুল তথা সময়খৰচী হয় ৷ কিন্তু ডিজিটেল পদ্ধতিৰ আগমনৰ লগে লগে এনে পাৰম্পৰিক পদ্ধতিসমূহৰ লগতে এক অনন্য বিপণন পদ্ধতিৰ সূচনা হ’ল যাৰ বিষয়ে আমি ইতিমধ্যেই আলোচনা কৰি আহিছোঁ ৷ ডিজিটেল বিপণন পদ্ধতিয়ে সেই জটিলতাপূৰ্ণ প্ৰত্যাহ্বানসমূহক প্ৰশমিত কৰি বাণিজ্যিক বিপণনক ডিজিটেলাইজেশ্বন কৰি তুলিলে ৷ আঙুলিৰ এটি টোকৰতে সমগ্ৰ সামাজিক মাধ্যমত প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ এক সুন্দৰ উপায় আৱিষ্কাৰ হ’ল ৷ গতিকে, এতিয়াও পাৰম্পৰিক প্ৰচাৰ পদ্ধতিসমূহ আছে যদিও ডিজিটেল বিপণনে এইক্ষেত্ৰত সময় আৰু অৰ্থ ৰাহি হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে সমগ্ৰ বাণিজ্যিক প্ৰচাৰ ধাৰণাটোকে সলায় পেলাই আধুনিকীকৰণৰ এক নতুন ডিজিটেল ধাৰণাৰ পোষকতা কৰিছে ৷ সেয়েহে ক’ব পাৰি যে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই পদ্ধতি একপ্ৰকাৰৰ অমোঘ আশীৰ্বাদস্বৰূপ ৷
অতপৰে হোৱা আলোচনাৰপৰা ডিজিটেল বিপণন বা মাৰ্কেটিং পদ্ধতিৰ বিষয়ে সকলোৱে এক সম্যক ধাৰণা লাভ কৰিব পাৰিব বুলি মনে ধৰে ৷ ডিজিটেল মাৰ্কেটিং তথ্যপ্ৰযুক্তিজগতৰ এক অনবদ্য উপাদানস্বৰূপ আৰু ই বাণিজ্যিক জগতখনক অনন্য পৰ্যায়লৈ লৈ যোৱা দেখা গৈছে ৷ আমি সকলোৱেই যিহেতু তথ্যপ্ৰযুক্তিৰ ওপৰত বহুলভাৱে নিৰ্ভৰশীল, ডিজিটেল মাৰ্কেটিং প্ৰক্ৰিয়াকো আমি আওকাণ কৰিব নোৱাৰোঁ ৷ প্ৰত্যক্ষ-পৰোক্ষভাৱে ই আমাৰ দৈনন্দিন জীৱনৰ সতে জড়িত ৷ দেশ তথা ৰাজ্যৰ অৰ্থনীতিত যোগাত্মক প্ৰভাৱ ( বিয়োগাত্মক প্ৰভাৱো নথকা নহয়, সেয়া এক পৃথক অধ্যায় ) পেলাব পৰাকৈ ডিজিটেল মাৰ্কেটিঙৰ সম্ভাৱনা অনস্বীকাৰ্য ৷ সম্প্ৰতি, ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ এই বিষয়টিৰ ওপৰত বিভিন্ন পাঠ্যক্ৰমো যুগুত কৰা হৈছে ৷ আগ্ৰহী শিক্ষাৰ্থীসকলে এই বিষয়ত শিক্ষাগ্ৰহণ কৰি তথ্যপ্ৰযুক্তিৰ প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰখনত নিজৰ ভৱিষ্যৎ কৰ্মজীৱন সুৰক্ষিত কৰিব পাৰে ৷ তথ্যপ্ৰযুক্তিৰ এনে উত্তৰণে অদূৰ ভৱিষ্যতে ডিজিটেল মাৰ্কেটিঙৰ দৰে আৰু সম্ভাৱনাময় ন ন শাখা উদ্ভাৱনৰ পোষকতা যে নকৰিব তাত কোনো সন্দেহ নাই ৷ কোনে জানে, হয়তো ডিজিটেল মাৰ্কেটিং ব্যৱস্থাই কিজানি আগলৈ দেশৰ অৰ্থনৈতিক উন্নয়নৰ একমাত্ৰ বিকল্প বাটকটীয়াস্বৰূপ হৈ পৰে ৷
ভ্ৰাম্যভাষ : ৯৮৫৪৫৩৯০৬১



Comments
Post a Comment