ভাৰত : নিকৃষ্ট স্বৈৰতন্ত্ৰৰ এটা দশক
ভাৰত : নিকৃষ্ট স্বৈৰতন্ত্ৰৰ এটা দশক
দেৱজিৎ ভৰালী
ছুইডেনৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ ভি-ডেম ইনষ্টিটিউতে ( V-Dem Institution / V-Dem : Varieties Of Democracy ) অলপতে প্ৰকাশকৰা এটি প্ৰতিবেদনমৰ্মে বিশ্বৰ ৪২ খন দেশক (বিগত ২০২২ বৰ্ষলৈকে) বিশ্বৰ ভিতৰতে স্বৈৰতান্ত্ৰিক দেশৰূপে চিহ্নিত কৰা হৈছে।অতি পৰিতাপৰ বিষয় যে এই তালিকাত ভাৰতবৰ্ষৰ নামো সন্নিবিষ্ট হৈছে।প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ৭২% লোকে স্বৈৰতান্ত্ৰিক শাসনব্যৱস্থাৰ সৈতে জীয়াই আছে।তাৰে ভিতৰত ২৮% জনতাই বদ্ধ স্বৈৰতন্ত্ৰ ( Closed Autocracy ) শাসনব্যৱস্থাৰ সৈতে সহাৱস্থান কৰিছে ৷ উদাৰবাদী গণতান্ত্ৰিক ব্যৱস্থা ( Liberal Democracy ) সম্প্ৰতি নগণ্য।বিশ্বৰ মাত্ৰ ১৩% জনগণহে এই উদাৰবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ সহিতে জীয়াই থাকে বুলি প্ৰতিবেদনটিত উল্লেখ কৰিছে।
আমাৰ দেশ ভাৰতো এতিয়া স্বৈৰতান্ত্ৰিক শাসনব্যৱস্থাৰ ব্যতিক্ৰম নহয়।বিশ্বৰ
অন্যান্য দেশসমূহৰ লগতে যোৱাটো দশকত ভাৰততো স্বৈৰাচাৰী শাসনৰ প্ৰভুত্ব দুগুণে
বৃদ্ধি পাইছে।শেহতীয়াকৈ ক’ভিডকালীন পৰিবেশে এই পদ্ধতিত আৰু অধিক ইন্ধন যোগাইছে।ক’ভিডৰ
অপ্ৰত্যাশিত পৰিবেশে দেশৰ শাসকীয়পক্ষক ক্ষমতাৰ কেন্দ্ৰীয়কৰণ কৰিবলৈ সোণালী সুযোগ
দিলে।২০২০ বৰ্ষটোলৈ মনত পেলাওক -- ক’ভিডৰ
বিভীষিকাই কিদৰে জনজীৱন দুৰ্বিষহ কৰি তুলিছিল। যেতিয়া ক’ভিড মহামাৰীৰ
পৰিপ্ৰেক্ষিতত শাসকীয়পক্ষই সৰ্বত্ৰে লকডাউন ঘোষণা কৰিছিল, সেই
সময়ছোৱাতে বহুতো চিন্তা-পৰিকল্পনাৰ পৰিবৰ্তন ঘটিছিল।ৰাইজৰ অসহায় অৱস্থাৰ সুযোগ
এচামে ভালদৰেই গ্ৰহণ কৰিছিল। ক্ষমতা কেন্দ্ৰীভূতকৰণৰ এক নতুন ধাৰণা তথা ধাৰাৰ
সৃষ্টি হৈছিল।বহুতো দেশৰ শাসনব্যৱস্থাই কেৱল ক’ভিডসৃষ্ট জৰুৰীকালীন পৰিবেশৰ
অজুহাতত ক্ষমতাৰ কেন্দ্ৰীয়কৰণ ( বিশেষতঃ ব্যক্তিবিশেষ ক্ষমতা কেন্দ্ৰীভূতকৰণ ) প্ৰক্ৰিয়াত
ন্যস্ত হৈছিল।সংসদীয় বিচাৰ-বিবেচনা, সিদ্ধান্তগ্ৰহণ, ন্যায়পালিকা
ইত্যাদি প্ৰক্ৰিয়াক লাহেলাহে আওকাণ কৰা হৈছিল।ফলত কাৰ্যপালিকাৰ জৰিয়তে কেতবোৰ কঠোৰ
অবিবেচকী স্বৈৰাচাৰপূৰ্ণ সিদ্ধান্তৰ হাতোৰাত গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্মম আঘাত
পৰিছিল।আৰু এইদৰেই স্বৈৰতান্ত্ৰিক চিন্তাধাৰা ঘনীভূত হৈছিল। এইসূত্ৰেই জন্ম পালে
এক নতুন স্বৈৰতান্ত্ৰিক শাসনধাৰাৰ।অৱশ্যে ইয়াৰপূৰ্বে যে এনে নাছিল তেনে কোনো কথা
নাই।ক’ভিডে মাত্ৰ এনে চিন্তাত অনুঘটকৰ ভূমিকাহে লৈছিল।
কেইটামান
প্ৰসংগ তুলি ধৰা হ’ল--
১) ক’ভিডকালীন
পৰিবেশৰ পৰিপ্ৰেক্ষিতত হাংগেৰীৰ ৰাষ্ট্ৰপতিয়ে ক্ষমতাৰ সকলো উপাদান নিজৰ বিবেচনাত
ৰাখিব বুলি সংসদত অধ্যাদেশ অনুমোদন কৰোৱাই সকলো নিজৰ ক্ষমতালৈ অনাইছিল আৰু দেশখনত
চিকিৎসা সংকট অৱস্থাৰ ( state of medical emergency ) ঘোষণা
কৰাইছিল।
২) ক’ভিডকালতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যনয়াহুৱে সংসদীয় ব্যৱস্থাপনাক আওকাণ কৰি দেশত তৎকালীন নিয়মাৱলী ঘোষণা কৰিছিল তথা দেশৰ জনগণৰ স্বাধীনতা ভংগ কৰি যান্ত্ৰিক নিৰীক্ষণ ( Digital Surveillance ) নীতি প্ৰয়োগ কৰিছিল।
৩) ভাৰততো সেই সময়ছোৱাতে শাসকীয়ই সময় নষ্ট নকৰি লকডাউনৰ সুবিধা গ্ৰহণ কৰি জম্মু আৰু কাশ্মীৰ ( Central administered Kashmir ) নতুন আবাসিক আইন ( Domicil Law ) প্ৰণয়ন কৰিছিল।লগতে অন্য প্ৰসংগবোৰ আছিলেই।
অৰ্থাৎ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে ক’ভিড মহামাৰীৰ সময়ছোৱাই বিশ্বৰ বিভিন্ন প্ৰান্তত এনে স্বৈৰাচাৰী সংস্কৃতিক তীব্ৰতৰ কৰি তোলা হৈছিল।
যতদূৰ ভাৰতৰ প্ৰসংগ ক’ভিডসৃষ্ট পৰিবেশতেই শাসকীয়ৰ দ্বাৰা ক্ষমতাৰ কেন্দ্ৰীভূতকৰণৰ প্ৰক্ৰিয়া তীব্ৰ হৈছিল।জনসাধাৰণ আৰু কাৰ্যপালিকাৰ মাজৰ ব্যৱধান বৃদ্ধি পাইছিল।ইতিমধ্যেই ভি-ডেম ইনষ্টিটিউটে ২০২১ বৰ্ষতে ভাৰতবৰ্ষক “ নিৰ্বাচনী স্বৈৰতন্ত্ৰ ” ( Electoral Autocracy )ৰ দেশ বুলি অভিহিত কৰি থৈছে।লগতে Freedom House এ দেশক এখন “আংশিকভাৱে স্বাধীন ” ( Partly Free ) ৰাষ্ট্ৰৰ স্বীকৃতি দিছে।ইয়াৰোপৰি Democracy & Electoral Assistance Institute এ ভাৰতক স্খলিত গণতন্ত্ৰৰ ( Declining Democracy ) দেশৰূপে শ্ৰেণীভুক্ত কৰিছে।গ্ল’বেল ষ্টেট অৱ ডেমক্ৰেচি ( Global state of democracy, GsOD ) ৰসূচকৰ প্ৰতিবেদন মতে ২০২০ বৰ্ষৰ ক’ভিডসৃষ্ট পৰিবেশৰ ফলত সৃষ্টি পোৱা গণতান্ত্ৰিক নৈৰাজ্যৰ সূচকৰ মান আছিল (.৬১) যি ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ দিনত ঘোষিত “ঐতিহাসিক জৰুৰীকালীন অৱস্থা”ত ( India Emergency ) ভাৰতৰ সূচকৰ মানৰ (.৫৯) সমপৰ্যায়ৰ আছিল ৷ গতিকে এনে অধ্যয়নৰপৰিপ্ৰেক্ষিততেই ভি-ডেম ইনষ্টিটিউটৰ প্ৰতিবেদনে ভাৰতক বিগত দশকটোৰ “নিকৃষ্টতম স্বৈৰতন্ত্ৰ” ( Worst autocratisan ) বুলি অভিহিত কৰিছে।কোৱা বাহুল্য যে দেশৰপ্ৰধানমন্ত্ৰী মোডীৰ শাসনকালৰ প্ৰাৰম্ভণীতে হোৱা দুটি অন্যতম সিদ্ধান্ত ক্ৰমে “বিমুদ্ৰাকৰণ” ( Demonitization)আৰু এক কৰ অৰ্থাৎ “সামগ্ৰী আৰু সেৱা কৰ ( GST )” একপ্ৰকাৰৰ স্বৈৰতান্ত্ৰিক সিদ্ধান্তই আছিল।
উল্লেখ্য যে বিশ্বৰ বিভিন্ন দেশৰ জনসাংখ্যিক বিস্তাৰ সূচক ( Population weighted indicators ) ৰ আধাৰত দেশসমূহৰ গণতান্ত্ৰিক চৰিত্ৰ, বাক স্বাধীনতা, শাসকীয়পক্ষৰ সংবাদমাধ্যম হস্তক্ষেপ তথা পক্ষপাতমূলক নিৰীক্ষণ, সামাজিক চৰিত্ৰৰ অৱদমন, নিৰ্বাচন প্ৰক্ৰিয়াৰ ক্ৰমহ্ৰাসমান নিৰপেক্ষ চৰিত্ৰ আদি দৃষ্টিকোণ অধ্যয়নৰ ভিত্তিত ভি-ডেম প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।সেই অনুযায়ী আৰ্মেনিয়া, গ্ৰীচ, মৰিচাচ প্ৰভৃতি দেশো গণতান্ত্ৰিক স্খলন ( Declining democracy ) ৰ শাৰীলৈ অৱনমিত হৈছে।ইয়াৰ লগতে সাংস্কৃতিক স্বাধীনতা ব্যাঘাতকৰণ, তথ্যবিকৃতি , ধৰ্মীয় মেৰুকৰণ আদিৰ দৰে কাৰকেও শাসকীয়ৰ স্বৈৰতান্ত্ৰিক মানসিকতাত ইন্ধন যোগাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
অৱশ্যে ভি-ডেম প্ৰতিবেদনলানিয়ে এটি যোগাত্মক বাৰ্তাও প্ৰেৰণ কৰিছে।তাত কোৱা মতে গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ আঁৰত কেতবোৰ নিশ্চিত শক্তিশালী উপাদান আছে।স্বৈৰতন্ত্ৰবাদী শাসকীয়ৰ বিৰুদ্ধে গণসংগ্ৰাম, ৰাইজৰ সহযোগিতা সাপেক্ষে বিৰোধী একতা, ন্যায়পালিকাৰ একক, নিৰপেক্ষ শক্তিশালী ভূমিকা, আসোঁৱাহমুক্ত নিৰ্বাচন / ভোটদান প্ৰক্ৰিয়া আৰু লগতে আন্তঃৰাষ্ট্ৰীয় গণতান্ত্ৰিক সমৰ্থনৰ জৰিয়তে শাসকীয়ৰ স্বৈৰতান্ত্ৰিক চৰিত্ৰক দমন কৰিব পৰা যায় বুলি উল্লিখিত প্ৰতিবেদনে সদৰী কৰিছে।ৰাইজে যথাসম্ভৱ উপলব্ধি কৰাটো মংগলজনক।


Comments
Post a Comment