অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপোন

 

অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপোন

দেৱজিৎ ভৰালী

 

এগৰাকী অসমীয়া হিচাপে অসম সদায়েই শ্ৰেষ্ঠতম হৈ থকাটোৱেই কামনা কৰোঁ কিন্তু কামনা অথবা বিশ্বাস কৰিলেই জানো কাৰ্যতঃ সকলো সত্য হৈ পৰে ! প্ৰৱন্ধটিৰ শিৰোনামটিত যি সপোনাৰ কথা উল্লেখ কৰা হৈছে , সেই সপোন প্ৰকৃততে প্ৰত্যেকজন অসমীয়াৰেই সপোন হোৱাটো উচিত বাঞ্ছা কৰোঁ আৰু সপোন দিঠকত পৰিণত হোৱাৰ ক্ষেত্ৰত নিজ কৰ্তব্যত অগ্ৰসৰ হোৱাটোও বাঞ্ছিত

অসমী আইৰ গুণৰ শেষ কাহানিও নাছিল , নাছিল ৰূপৰো কিন্তু, সময়ৰ পৰিহাস- অসম সম্প্ৰতি অকল্পনীয়ৰূপে আহত, বিষেৰে জৰ্জৰিত, সমস্যাৰে জৰ্জৰিত ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ সতে সাঙুৰ খাই থকা ৰাজনৈতিক, অৰ্থনৈতিক , সামাজিক , প্ৰাকৃতিক , শৈক্ষিক ইত্যাদি প্ৰতিটো দিশ আজি অন্তহীন সমস্যা, আসোঁৱাহেৰে ভাৰাক্ৰান্ত ভালদৰে মন কৰিলে উল্লিখিত কোনো এটা দিশতেই বিশেষ কোনো সন্তোষজনক সমাধানসূত্ৰ বিচাৰি পোৱা নাযায় কাজেই, ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ যি সপোন , তাক দিঠকলৈ পৰিণত কৰাৰ ক্ষেত্ৰত আছে পৰ্বতসম প্ৰত্যাহ্বানৰ জোৱাৰ সেই প্ৰত্যাহ্বানৰ জোৱাৰক আমি কেনেদৰে, কোন স্তৰত বা কি পৰ্যায়ত গ্ৰহণ কৰিম বা গ্ৰহণ কৰিম নে নকৰিম অথবা কিদৰে প্ৰতিহত কৰিম সেয়া অতিকৈ লক্ষণীয় বিষয়ৰূপে পৰিগণিত সাধাৰণতে এষাৰ কথা থাকে যে সপোন দেখিব লাগে সপোন দেখিলেহে লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰত অধ্যৱসায় জন্মে কিন্তু যদি সেই সপোন দেশৰ, ৰাজ্যৰ মংগলৰ হকে হয় তেন্তে তাক সাকাৰৰূপ দিয়াৰ ক্ষেত্ৰত প্ৰাথমিক চৰ্তৰূপেই বিৰাজ কৰে কষ্ট, ত্যাগ, নিস্বাৰ্থ মনোভাব, সুস্থিৰ পৰিকল্পনা তথা জাতীয় চেতনাৰে উদ্বুদ্ধ হোৱা এক সুতীব্ৰ ইচ্ছা

যিকি নহওক, চিৰকাম্য এই সপোন প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হোৱাৰ পূৰ্বে আমি ৰাজ্যখনৰ সাম্প্ৰতিক স্বৰূপটোৰ সতে মুখামুখি বই লাগিব সঁচাকৈয়ে বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে অসমক দেশৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যাবনে ? শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শাসকৰ কৰণীয় কি ? জনসাধাৰণৰ দায়িত্ব কেনে ? এনে কেতবোৰ জটিল প্ৰশ্নৰ উত্তৰ আমি পোনপ্ৰথমে বিশ্লেষণ কৰি লেহে ৰাজ্যখনক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত যথোপযুক্ত যুক্তিসহ অগ্ৰসৰ পাৰিম জুকিয়াই চাওঁ আহক

অলপতে ভাৰতৰ নীতি আয়োগে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ সহযোগত ২০২০-২১ বৰ্ষৰ বহনক্ষম উন্নয়ন লক্ষ্য ( SDG INDIA : Goal & Dashboard 2020-21) শীৰ্ষক ১৯০ পৃষ্ঠাৰ এক প্ৰতিবেদন প্ৰকাশ কৰে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰৰ সামগ্ৰিক উন্নয়ন তথা দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ খতিয়ান দাঙি ধৰা হৈছে প্ৰতিবেদন অনুসৰি অসমৰ স্থান দেশৰ অন্যান্য ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত শোচনীয়ভাৱে তলফালৰপৰা তৃতীয় স্থানত আছে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ৰাজ্যখনৰ স্থান অতি দুখ লগাকৈ ইমান তলৰস্থানত থকাটো অতিশয় দুৰ্ভাগ্যজনক কিন্তু কথা - এই বিফলতা কেৱল চৰকাৰৰেই নে ! নে সমান্তৰালভাৱে আমাৰ জনসাধাৰণৰো এইক্ষেত্ৰত দোষ আছে ? মই ভাবোঁ সামূহিকভাৱে এইক্ষেত্ৰত আমি সকলোৱেই দোষী কি কাৰণেনো আমি ইমান পিছ পৰি লগা তাৰ বিশ্লেষণ জৰুৰী বিগত কংগ্ৰেছ চৰকাৰেই হওক বা সাম্প্ৰতিক বিজেপি চৰকাৰেই হওক, যিমানেই অসমৰ উন্নতিৰ ক্ষেত্ৰত আত্মতুষ্টি নলওক কিয়, অসমৰ অভূতপূৰ্ব উন্নয়নৰ (?) প্ৰচাৰ কৰি ঢাক-ঢোল নবজাওক কিয়, স্বৰূপাৰ্থত ৰাজ্যৰ উন্নতি দূৰৈৰ কথা যাৱতীয় আন্তঃগাঁথনিমূলক সমস্যাৰাজিৰেই যে কোনোধৰণৰ প্ৰত্যয়মূলক সমাধান হোৱা নাই সেয়া জনগণই ভালদৰেই উপলব্ধি কৰে বানপানীৰ সমস্যা, নিবনুৱাৰ সমস্যা, মহিলাৰ মৰ্যাদা তথা সবলীকৰণ সমস্যা, বাট-পথজনিত সমস্যা, পৰ্যটন উদ্যোগ সংক্ৰান্তীয় সমস্যা, বিদেশী অনুপ্ৰৱেশ সমস্যা, ভূমি বেদখল সমস্যা, পৰিৱেশ সম্পৰ্কীয় সমস্যা ইত্যাদি যি সমস্যাই নহওক কিয়, এতিয়াও ৰাজ্যখনে এনে বহুল সমস্যাৰাজিৰ স্থায়ী সমাধানসূত্ৰ প্ৰত্যক্ষ কৰিবলৈ বাট চাই আছে আৰু এইবিলাক সমস্যাৰ সমাধানৰ বিহনে দেশৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে অসম কিদৰে প্ৰতিষ্ঠা সেয়া এক গম্ভীৰ বিষয়   অতীতলৈ যদি ভুমুকিয়াই চাওঁ তেন্তে দেখিম যে মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আদিৰ শেষত ৰাজ্যত ইংৰাজৰ আধিপত্য চলিল, তেওঁলোকৰ শোষণমুখী শাসনে অসমৰ আৰ্থসামাজিক পৰিকাঠামোক ছিন্ন-ভিন্ন কৰি পেলাল সমান্তৰালভাৱে স্বাধীনতা আন্দোলনৰ ফলত ৰাজ্যখনত এক অচলাৱস্থাৰ সৃষ্টি পৰৱৰ্তীকালত ( স্বৰাজোত্তৰ অসম ) নতুন চৰকাৰৰ সমুখলৈ বহুতো প্ৰত্যাহ্বান আহিল অজস্ৰ সমস্যাৰ মাজত ৰাজ্যৰ অৰ্থনৈতিক ভেঁটি গঠনৰ দৰে মূল বিষয়বোৰ তল পৰি অথবা পাৰি যে কোনোধৰণৰ দীৰ্ঘম্যাদী, সুদুৰপ্ৰসাৰী আঁচনি গ্ৰহণৰ দৰে কাৰ্যাৱলীক অগ্ৰাধিকাৰ দিয়া নহ পাছৰ পৰ্যায়সমূহতো আমি চৰকাৰৰ সদিচ্ছাৰ অভাৱ প্ৰত্যক্ষ কৰি আহিছোঁ আঁচনিৰ ওপৰি আঁচনি গ্ৰহণ কৰিলেও চৰকাৰৰ পুৰণিক আধাতে এৰি নতুনত ধৰাৰ দৰে মানসিকতা, দুৰ্নীতিগ্ৰস্ততাৰ বাবে উন্নয়নমূলক আঁচনিবোৰৰ ধাৰাবাহিকতা ৰক্ষা নপৰে ইয়াৰোপৰি বিদেশী প্ৰব্ৰজনৰ দৰে সমস্যা অসমত আছেই ইয়াৰ ফলতো অসমৰ চালুকীয়া অৱস্থাত থকা আৰ্থসামাজিক পৰিৱেশক আৰু অধিক শোচনীয় কৰি তুলিছে

ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট যদি বিশ্লেষণ কৰা যায় তেন্তে তাৰ প্ৰতিচ্ছবি বৰ এটা চকুত লগা বিধৰ নহয়। বহনক্ষম উন্নয়ন সূচাংক প্ৰতিবেদনত অসমৰ হোৱা শোচনীয় ব্যৰ্থতা সাপেক্ষে যদি এনে বিশ্লেষণ চাওঁ তেন্তে নিম্নোক্তধৰণৰ কেতবোৰ কাৰণ বিচাৰি পোৱা যায়__

/ কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ প্ৰতি অত্যধিক তোষামোদজাতীয় (চৰকাৰৰ) ৰাজনৈতিক প্ৰৱণতা

/ বিজেপিৰ প্ৰধান বিৰোধী দল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ যোগ্যতা তথা বিফলতা প্ৰমাণ কৰিবলৈ সোণোৱাল চৰকাৰৰ নেতৃত্বাধীন বিত্তমন্ত্ৰীদেৱৰ প্ৰয়োজনাধিক কৌশলগত প্ৰচাৰ তথা এইক্ষেত্ৰত অপ্ৰয়োজনীয়ভাৱে খৰচ হোৱা সময় আৰু শক্তি

/ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ( নিৰ্বাচনকেন্দ্ৰিক ) হিতাধিকাৰী আঁচনিৰ সৃষ্টি আৰু ৰূপায়ণ

গতিকে উক্ত কাৰকসমূহৰ দ্বাৰা বুজিব পৰা যায় যে অসমৰ সামগ্ৰিক উন্নয়নৰ স্বৰূপটো মাথোঁ কাগজ-কলমতহে সীমাবদ্ধ হৈ ৰৈছে

এতিয়া কথা , কেৱল সমস্যাৰাজিৰ কথাই কৈ থাকিলে বা লিখি থাকিলে প্ৰকৃত বিশ্লেষণৰ পৰা আঁতৰি থাকিব লাগিব। সাম্প্ৰতিক সময়ছোৱাত ৰাজ্যখনৰ সম্ভাৱনা কিমান আৰু সেই সম্ভাৱনাৰ জৰিয়তে কিদৰে ৰাজ্যই প্ৰকৃত উন্নয়নৰ মুখ দেখা পাব তাৰো এক পদ্ধতিগত আলোচনাৰ প্ৰয়োজন নিশ্চিতভাৱে আছে আহকচোন, তেনে কিছু সম্ভাৱনাৰ দিশৰ কথা আমি ফঁহিয়াই চাওঁ

সম্ভাৱনাবোৰ : অসমৰ অৰ্থনীতি উলাই কৰিব পৰা বিধৰ নহয় দেশৰ ভিতৰতেই অসমৰ অৰ্থনীতিৰ এক সুকীয়া মান আছে তথা এক বৃহৎ অৰ্থনীতি সুজলা-সুফলা, শস্য-শ্যামলা আমাৰ এই অসমভূমিৰ প্ৰাকৃতিক সম্পদৰ ফালৰপৰা এক অভিজাত স্থান আছিল আৰু এতিয়াও আছে সমগ্ৰ অসমৰ ২৫ শতাংশ ভৌগলিক অঞ্চলেই বনাঞ্চলৰাজিয়ে আগুৰি ৰাখিছে আৰু এই বনাঞ্চলসমূহত অতিকৈ মূল্যৱান উদ্ভিদ যথা শাল, শিমলু, সৰল, চেগুণ, গমাৰি, সাঁচি, অগৰ, চিচু,  বিভিন্ন ঔষধিগুণযুক্ত তৰু-তৃণ ইত্যাদিৰ সমল আছে গতিকে নিশ্চিতভাৱে এই সম্পদসমূহৰপৰা ফল, ফুল, ঔষধ, কাঠ, ইন্ধন, সুগন্ধি আদি আহৰণ কৰিব পাৰি গতিকে, বনজভিত্তিক ( Forest based) উদ্যোগৰ সম্ভাৱনা সেয়েহে অসমত অতিকৈ প্ৰচুৰ কিন্তু দুখৰ বিষয় যে পৰ্যাপ্ত মাত্ৰাত অসমত তেনে উদ্যোগ বিৰল অসমত পোৱা বাঁহগছৰ কথাই সুকীয়া সমগ্ৰ ভাৰতৰ মুঠ উৎপাদনৰ ১৬ শতাংশ বাঁহ আমাৰ অসমতে উৎপাদন হয়, প্ৰায় ৩৪ বিধ মান প্ৰজাতিৰ বাঁহেৰে সমৃদ্ধ এই অসমত সেই অনুপাতে বাঁহ উদ্যোগৰ পয়োভৰ নগণ্য বাঁহৰ ওপৰত নিৰ্ভৰশীল অসমৰ দুয়োটা কাগজকলেই সম্প্ৰতি চৰকাৰৰ আশিসপুষ্ট হৈ বিকল তথা পৰিত্যক্ত হৈ ৰৈছে চৰকাৰে থলুৱা উদ্যোগ উন্নয়ন আঁচনিৰ অধীনত এনেবোৰ উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ লগতে এনেধৰণৰ উদ্যোগৰ সম্প্ৰসাৰণভিত্তিক পদক্ষেপ গ্ৰহণেহে অসমৰ অৰ্থনৈতিক আন্তঃগাঁথনি টনকিয়াল কৰিব

খনিজাত সম্পদৰ ফালৰপৰাও অসম পিছপৰা নহয় কয়লা, চূণশিল, গ্ৰেনাইট, বালিচন্দা ইত্যাদি মূল্যৱান খনিজদ্ৰব্যসমূহৰ চাহিদা অতিকৈ বেছি কয়লা উৎপাদনৰ ক্ষেত্ৰত অসমৰ ঔদ্যোগিকজগতখন কিছু টনকিয়াল যদিও অন্যান্য খনিজাত সামগ্ৰী আহৰণ তথা বাণিজ্যিক বিতৰণ সন্দৰ্ভত থাকিবলগীয়া সম্ভাব্য উদ্যোগসমূহ অসমত বিৰল অৱশ্যে তেল আৰু প্ৰাকৃতিক গেছৰ কথাটো সুকীয়া আৰু সেই বিষয়ে বহলাই উল্লেখ নকৰিলেও গতিকে, চৰকাৰে অন্যান্য খনিজাত সামগ্ৰীসমূহৰ উচিত বাণিজ্যিক বিতৰণ তথা পৰিশোধন আৰু উৎপাদন সংক্ৰান্তীয় কেতবোৰ উপযোগী উদ্যোগৰ কথা চিন্তা কৰিব পাৰে একপ্ৰকাৰে এনে কৰিলে অসমৰ অৰ্থনীতিত এক যোগাত্মক প্ৰভাৱ পৰাৰেই সম্ভাৱনা অধিক

এতিয়া আহোঁ অসমৰ পৰ্যটন উদ্যোগজগতলৈ কোৱা বাহুল্য মাথোন যে অসমৰ পৰ্যটন উদ্যোগ কেৱল উত্তৰপূব পৰ্যায়তে নহয়, সমগ্ৰ দেশ তথা সমগ্ৰ বিশ্বপৰ্যায়তে এক অনন্য মাত্ৰাৰ অধিকাৰী দৰাচলতে পৰ্যটন উদ্যোগক এখন দেশ বা ৰাজ্যৰ উন্নয়নৰ অন্যতম কাৰক হিচাপে গণ্য কৰা হয় দেশ বা ৰাজ্যখনৰ বিকাশ  কেৱল কৃষি, বনজসম্পদ বা উদ্যোগখণ্ডৰ লগতে জড়িত নাথাকে, সমান্তৰালকৈ পৰ্যটন উদ্যোগৰো এইক্ষেত্ৰত মহত্ত্বতম অৱদান থাকে প্ৰচুৰ সম্ভাৱনাময় অসমৰ পৰ্যটনক্ষেত্ৰখনৰ ক্ষেত্ৰত তুলনামূলকভাৱে দুৰ্বল ব্যৱস্থাপনাৰ হেতু আশা কৰা ধৰণে অসমৰ অৰ্থনৈতিক উৎকৰ্ষ সাধিব পৰা নাই অসমৰ বিভিন্ন সম্ভাৱনাপূৰ্ণ পৰ্যটনথলী এতিয়াও পঁয়ালগা অৱস্থাতেই ৰৈছে বহুতো পৰ্যটনথলী এতিয়াও অনাৱিষ্কৃত অৱস্থাতেই আছে উদাহৰণস্বৰূপে মৰিগাঁৱৰ মায়ং অঞ্চলৰ কেতবোৰ ভিতৰুৱা স্থান, দক্ষিণ কামৰূপৰ মেঘালয় ৰাজ্যৰ সীমান্তৱৰ্তী বকো অঞ্চল আদিত পৰ্যটনৰ বাবে বিভিন্ন আকৰ্ষণীয় ঠাই সুপ্ত অৱস্থাত আছে এইসমূহ ঠাই এতিয়াও ভালদৰে চৰ্চালৈ অহা নাই এনেবোৰ ঠাইক পৰ্যটনস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা লুকাই আছে ইয়াৰোপৰি সততে চকুত পৰা অসমৰ বিখ্যাত পৰ্যটনথলীসমূহৰ আন্তঃগাঁথনিও বৰ সন্তোষজনক নহয় এইক্ষেত্ৰতো চকু দিয়াৰ প্ৰয়োজনীয়তা আছে উল্লেখ্য যে ৰাজ্যৰ কেৱল পৰ্যটন উদ্যোগটোৰ পৰাই একোটা বিত্তীয় বৰ্ষত অতিকমেও ৬০০০ কোটি মান টকাৰ ৰাজহ আহে গতিকে অনুমান কৰি চাব পাৰি ইয়াৰ ভূমিকা কিমান ! তৎসত্বেও ৰাজ্যখনৰ সামগ্ৰিক পৰ্যটন উদ্যোগটোৰ যি হাৰত উন্নয়ন লাগিছিল তেনে উন্নয়ন দৃষ্টিগোচৰ হোৱা নাই তাৰোপৰি এতিয়াৰ ভিড্ মহামাৰীৰ কৃপাত সমগ্ৰ উদ্যোগটোৱেই এক পক্ষাঘাতগ্ৰস্ততাত ভূগিছে তথাপি ভেকচিন্ আদিৰ উপলব্ধতাই এই মহামাৰীক হয়তো এদিন আঁতৰাই নিব বুলি বিশ্বাস কৰিব পাৰি তেতিয়া হয়তো পৰ্যটনে পুনৰাই ঠন ধৰি উঠিব কাৰণ পৰ্যটন এন এবিধ উদ্যোগ যাৰ প্ৰয়োজনীয়তাক কেতিয়াও নুই কৰিব নোৱাৰি মানৱ জীৱনত অৱসৰ বিনোদন , প্ৰমোদ ভ্ৰমণ, বিভিন্ন ঠাই ফুৰাৰ হেঁপাহ, নেদেখাটো দেখা পোৱাৰ হেঁপাহ, নজনাটো জনাৰ হেঁপাহ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে পৰ্যটন উদ্যোগৰ গুৰুত্বও জীয়াই থাকিব গতিকে এয়া নিশ্চিত যে সুস্থিৰ, দীৰ্ঘম্যাদী পৰিকল্পনাসম্বলিত, সুন্দৰ, সবল আন্তঃগাঁথনি জড়িত পৰ্যটন উদ্যোগে ৰাজ্যৰ তথা দেশৰ অৰ্থনীতিত অৱধাৰিতভাৱেই বুজন অৰ্থত অৰিহণা যোগাই থাকিব গতিকে, এই উদ্যোগ অকলেই যে অসমৰ উন্নয়নৰ এক সবল কাৰক পাৰে সেয়া ধুৰুপ

চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ হৃদপিণ্ডস্বৰূপ বুলি লেও বঢ়াই কোৱা নহ সমগ্ৰ দেশৰ চাহ উৎপাদনৰ আধাতকৈয়ো বেছি ( প্ৰায় ৫৫ শতাংশ ) চাহপাত অসমতে উৎপাদন হয় গতিকে চাহৰ ওপৰতো আনুষংগিক অন্য বহু উদ্যোগ গঢ় লৈ উঠা পূৰ্ণসুযোগ আৰু সম্ভাৱনা অসমত আছে চাহৰ স্থানীয় বজাৰৰ চাহিদাও অত্যন্ত বেছি চাহপাতৰ বিভিন্ন প্ৰকাৰ যেনে- তাৎক্ষণিক চাহ ( Instant tea ), সেউজ চাহ ( Green tea ), ফিকা চাহ ( black tea ) ইত্যাদিৰ চাহিদা আমাৰ বজাৰত প্ৰচুৰ কিন্তু তুলনাত্মকভাৱে তাৰ বিপণনৰ হাৰ তেনেই গতিকে এইক্ষেত্ৰত বিপণন বৃদ্ধিৰ তথা সম্প্ৰসাৰণৰ প্ৰচুৰ সম্ভাৱনা তথা সুযোগ সৃষ্টি হৈছে ইয়াৰে আনুষংগিক উদ্যোগ হিচাপে টী পেকেজিং উদ্যোগ গঢ়ি তোলাৰ থল আছে যিহেতু অসমৰ চাহপাত বিশ্ববিখ্যাত আৰু এক সুকীয়া পৰিচয় আছে, গতিকে চৰকাৰে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিলে আৰু থলুৱাই গুৰুত্ব দিলে বৃহৎ পুঁজিপতিয়ে যুগ যুগ ধৰি অসমত কৰি অহা চাহ ব্যৱসায়ৰ লাভাংশ বহিঃৰাজ্যলৈ নগৈ অসমৰ উন্নয়নতেই অৰিহণা যোগাব। ইয়াৰোপৰি কণী, মিঠাতেল ( সৰিয়হৰ খেতি ), মাছ ইত্যাদি উৎপাদনৰ বাবে অসমত বিশেষ ব্যৱস্থা নাই, অৰ্থাৎ এইবোৰৰ ক্ষেত্ৰতো সম্ভাৱনাৰ অভাৱ নাই  

 

ৰাজ্যখনৰ নিবনুৱা সমস্যা যিহেতু এক বৃহৎ সমস্যা , স্বনিয়োজনৰ বাতাবৰণ সৃষ্টি হোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ওপৰি উল্লেখ্য সম্ভাৱনাৰাজিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এইক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ, দপ্তৰসমূহে বিভিন্ন সজাগতামূলক পদক্ষেপ হাতত পাৰে অৱশ্যে গুৱাহাটীস্থ ভাৰতীয় উদ্যোগী প্ৰতিষ্ঠান ( IIE, Indian Institute of Entrepreneurship ) দৰে অনুষ্ঠানে থলুৱা উদ্যোক্তা সৃষ্টি, উৎপাদন, বিপণন, দক্ষতা উন্নয়ন আদিৰ ক্ষেত্ৰত কেতবোৰ আঁচনিমূলক শিক্ষণ, প্ৰশিক্ষণ আদি আগবঢ়োৱাৰ পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰে যদিও সেয়া সকলো স্তৰৰ নিবনুৱাচামক সামৰি পৰাকৈ পৰ্যাপ্ত নহয় তেনেস্থলত আৰু বহল পৰিসৰত কাৰ্যকৰী পৰাকৈ ব্যৱস্থা গ্ৰহণৰ থল আছে পুৰ্ণোদ্যমে তেনে কাৰ্যকাৰীতাৰ ফলত ৰাজ্যৰ স্বনিয়োজনৰ পথ আৰু অধিক সুচল হোৱাৰ তথা নিবনুৱা সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে লেও যতি পৰাৰ সম্ভাৱনা আছে। চাবলৈ লে অসমত ইমানেই সম্ভাৱনা আছে যে নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ দৰে সমস্যা বই নালাগিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে অদূৰদৰ্শী চিন্তা, আঁচনি ৰূপায়ণত হেমাহি, কৰ্মবিমুখ প্ৰৱণতাবৃদ্ধিত অনুঘটকৰ ভূমিকা পালন কৰা অবিবেচকী হিতাধিকাৰীৰ সৃষ্টি, যোগ্যতাভিত্তিক বাচনি প্ৰক্ৰিয়া পালন কৰাতকৈ স্বজনতোষন , উৎকোচ গ্ৰহণ জাতীয় দুৰ্নীতি প্ৰৱণ মানসিকতা আদিৰ বাবে সমস্যাসমূহৰ পূৰ্ণ সমাধান নোলায়গৈ

যিয়েই নহওক, যোগাত্মক চিন্তাধাৰাৰে বিবেচনা কৰি চালে অসমক সম্ভাৱনাৰ ভাণ্ডাৰ বুলি লেও ভুল কোৱা নহব। কিন্তু, ক্ষণস্থায়ী চিন্তা , স্বাৰ্থান্বেষী মানসিকতা , ক্ষমতাৰ প্ৰতি লিপ্সা ইত্যাদিৰ গৰাহত পৰি অসম যে একপ্ৰকাৰৰ মানৱসৃষ্ট সমস্যাৰো ভঁৰাল তাতো কোনো সন্দেহ নাই ৰাজ্যখনে সমুখীন হৈ অহা অগণন সমস্যাৰ ফলত কোঙা হৈ পৰিছে আমি দেখি শুনিও একো কৰিব পৰা নাই কিন্তু, এই কোঙা অৱস্থাৰ অৱসান ঘটাৰ লগতে ৰাজ্যবাসীৰ , আপোনাৰ , মোৰ এই চিৰপ্ৰত্যাশিত সপোনক প্ৰতিষ্ঠা কৰিবই লাগিব ৰাজ্যখনক পুনৰোদ্ধাৰ কৰাৰ বিকল্প কেৱল আমাৰ মানৱজাতিৰ হাততেই আছে সেয়া লাগিলে চৰকাৰৰ ৰূপতেই হওক, নানান উন্নতিকামী দল-সংগঠনেই হওক অথবা স্বাভিমানী, জাতীয় চেতনাৰে উদ্ধুদ্ধ , স্বদেশপ্ৰেমী প্ৰতিজন অসমীয়াই হওক ৰাজ্যখনৰ সৰ্বস্ব ভাঙোনমুখী যাত্ৰাক ব্যাহত কৰি উত্তৰণমুখী যাত্ৰালৈ পৰিৱৰ্তিত কৰাৰ গুৰু দায়িত্ব প্ৰতিজন অসমীয়াৰেই আছে কেৱল ক্ষুদ্ৰ স্বাৰ্থজড়িত স্বাৰ্থান্বেষী প্ৰচেষ্টাত দৃষ্টিনিৱদ্ধ নাৰাখি স্বদেশ-স্বজাতিৰ বৃহত্তৰ স্বাৰ্থৰ হকে কাম কৰাটোৱেই অসমী আইৰ প্ৰতি মংগলকামনা সম্প্ৰতি ভিড্-সৃষ্ট দুৰ্যোগ পৰিৱেশে উল্লেখ কৰি অহা সমস্যাসমূহ আৰু তাৰ সমাধানৰ ক্ষেত্ৰত পুনৰবিবেচনা কৰি চোৱাৰ সুবৰ্ণ সুযোগ দিছে ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত সততে চকুত পৰা পূৰ্ণমীমাংসাহীন বা আংশিকভাৱে মীমাংসা ঘটা সমস্যাবোৰক গুৰুত্ব দি ব্যক্তি বা দলীয়স্বাৰ্থৰ উৰ্দ্ধলৈ গৈ এক সামগ্ৰিক উত্তৰণমুখী ৰাজনৈতিক সহমতৰ ভিত্তিত সৃষ্টি পৰা এক সুস্থ পৰম্পৰাৰহে সময়ে এতিয়া আহ্বান জনাইছে

শেষত ইয়াকেই কওঁ, চৰকাৰকে আদি কৰি একত্ৰ জনসাধাৰণ, বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, জাতীয় সংগঠন, গণ মাধ্যম , ন্যায়পালিকা , নৱপ্ৰজন্ম  আদি সকলোৰে মাজত সহযোগিতা আৰু পাৰস্পৰিক সমন্বয়ৰ সাঁকো গঢ়ি তোলাৰ লগতে সকলোৱে স্বদেশৰ হকে জীয়াই থকাৰ দৃঢ়সংকল্পৰে পৰিপুষ্ট লেহে আমি অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিম

ভ্ৰাম্যভাষ : ৯৮৫৪৫৩৯০৬১

Comments

Popular posts from this blog

World Environment Day : Relevancy, Needs & Deeds

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-