|| মানৱ পুথিভঁৰাল ||

 

 

|| মানৱ পুথিভঁৰাল ||

 

দেৱজিৎ ভৰালী

 

One best book is equal to hundred good friends, but one good friend is equal to a library--- Dr. Kalam

( এখন শ্ৰেষ্ঠ গ্ৰন্থ এশজন ভাল বন্ধুৰ দৰে, কিন্তু এজন ভালবন্ধু এটা পুথিভঁৰালৰ সমকক্ষ--- ° কালাম৷)

 

মানৱ পুথিভঁৰাল বা হ্যুমেন লাইব্ৰেৰী৷ হয়, বিষয়টো তুলি ধৰাত অতি পলমেই ল৷ এই ধাৰণাটো অৰ্থাৎ মানৱ পুথিভঁৰালৰ ধাৰণা এতিয়াৰ পৰা ২০ বছৰেই পুৰণি৷ পুথিভঁৰাল বুলি লে স্বাভাৱিকতে বিভিন্ন গ্ৰন্থৰ এক সংগ্ৰহালয়ৰ কথা মনলৈ আহে আমি আমাৰ ৰুচি অনুসৰি বিভিন্ন গ্ৰন্থৰ সুবাস পাৰোঁ৷ অধ্যয়ন কৰিব পাৰোঁ। ইয়াৰোপৰি বহুসময়ত আমাৰ ভাল লগা গ্ৰন্থখন পুথিভঁৰালৰ অনুমতি সাপেক্ষে পুনৰ ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ধাৰলৈয়ো পাৰোঁ৷ যথা গ্ৰন্থ পুথিভঁৰালৰ ইতিহাস অতি পুৰণি। কিন্তু, আজিৰ এই লেখাটো তথাকথিত গ্ৰন্থ পুথিভঁৰালৰ বিষয়ে নহয়৷ অন্য এক অভিনৱ ধাৰণা--- মানৱ পুথিভঁৰাল বা হ্যুমেন লাইব্ৰেৰীৰ বিষয়েহে৷   

ওপৰত উদ্ধৃত ° কালামৰ উক্তিষাৰে এটা কথা স্পষ্টকৈ উনুকিয়াই দিছে যে একোজন ভাল মানুহ একোটা পুথিভঁৰালৰ সমান৷ মানব জীৱন বিভিন্ন বিচিত্ৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ৷ মানুহে জীৱনত স্বাভাৱিক-অস্বাভাৱিক, অনুকূল-প্ৰতিকূল, উত্থান-পতন ইত্যাদি বিভিন্ন পৰিস্থিতিৰ সন্মুখীন বলগীয়া হয়৷ আৰু একোটা পৈণত বয়সত অভিজ্ঞতাৰে পৰিপুষ্ট হয়। সেই অভিজ্ঞতাৰেই মানুহে নিজকে এক -ৰূপত উদ্ভাসিত কৰি তুলিব পাৰে৷ আৰু আনৰ সতেও সেই উদ্ভাসিত চিন্তাবোৰ ভগাই দি তেওঁলোকৰ জীৱনতো প্ৰজ্ঞাৰ পোহৰ বিলাব পাৰে৷ এনে এক ধাৰণাৰেই ২০০০ চনত "মানৱ পুথিভঁৰাল বা হ্যুমেন লাইব্ৰেৰী" সূত্ৰপাত হৈছিল৷ আৰু তাৰ কাণ্ডাৰী আছিল পেনহেগেন, ডেনমাৰ্কৰ ৰণী এবাৰ্গেল ( Ronni Abergel) লগ দিছিল তেওঁৰ ভাতৃ ডেনী, সহকৰ্মী এচেমা মঅনা ( Esma Mouna ) আৰু ক্ৰিষ্টফাৰ ইৰ্কচনে (Christopher Erickson)

কাৰিকৰী দিশৰ ফালৰ পৰা "মানৱ পুথিভঁৰাল" ধাৰণাটো এনেধৰণৰ--- একোটা মানৱ পুথিভঁৰাল বা মানৱ গ্ৰন্থাগাৰ মানৱগ্ৰন্থ ( Human Book ) অৰ্থাৎ এনে কিছু জীৱনৰ ব্যতিক্ৰমী অভিজ্ঞতাৰে অভিজ্ঞ ব্যক্তিৰ সংঘ পঢ়ুৱৈ ( Reader) একোজনে সেই বিশেষ সংঘৰ পৰা তেওঁ ভালপোৱা বা ৰুচিবোধ অনুযায়ী সেই বিশেষ মানৱগ্ৰন্থৰ সতে, মানৱগ্ৰন্থৰ বিষয়ে এগৰাকী পঢ়ুৱৈৰ ধৰ্ম পালন কৰি ভাব বিনিময় কৰিব পাৰে৷ আৰু মানৱগ্ৰন্থ বা স্বেচ্ছাসেৱীজনে জীৱনৰ সমূহ শিকন বা অভিজ্ঞতাৰাজিক একোখন গ্ৰন্থৰ দৰে প্ৰজ্ঞালব্ধতাৰে উপস্থাপন কৰিব পাৰে৷ সহজ অৰ্থত বলৈ লে যিদৰে এগৰাকী শিক্ষকে শ্ৰেনীকোঠাত পাঠদান কৰোঁতে সমূহ ছাত্ৰ-ছাত্ৰীক একোটা বিশেষ পাঠ্যক্ৰমৰ ওপৰত বিভিন্ন অভিব্যক্তিসহ কৈ, লিখি বিষয়টো বুজাই দিয়ে, ঠিক সেইদৰে মানবগ্ৰন্থই ( যদি শিক্ষকজনক মানৱগ্ৰন্থ বুলি ধৰা হয়...) শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমলৈ নগৈ, তেওঁৰ জীৱনৰ প্ৰজ্ঞাক পঢ়ুৱৈৰ সতে ভাগবতৰা কৰে৷ যি এক অতি অভিনৱ পন্থা।

বিশ্বৰ পুথিভঁৰাল জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত "মানৱ পুথিভঁৰাল" ধাৰণা এক অনন্য সংযোজন৷ ২০০০ চনতে ডেনমাৰ্কৰ পেনহেগেনত এই ধাৰণাই জন্ম লৈ এক বেচৰকাৰী সংস্থা হিচাপে " মানৱ পুথিভঁৰাল, ৰছকিল্ডছ্ সংগীত মহোৎসৱত অনুষ্ঠিত হয়৷ ৰণী এবাৰগেলে এই ধাৰণাৰ পোষকতা কৰে৷ ইয়াৰ অৰ্থাৎ "মানৱ পুথিভঁৰাল" প্ৰথম অনুষ্ঠানটোতে প্ৰায় এহাজাৰৰো অধিক পঢ়ুৱৈয়ে ভাগ লয়৷ মানৱ পুথিভঁৰালৰ দ্বিতীয়টো অনুষ্ঠান অনুষ্ঠিত হয় ছ্ল, নৰৱেত৷

প্ৰকৃততে মানগ্ৰন্থ কি সেই বিষয়ে অলপ আলোচনা কৰোঁ আহক৷ মানৱগ্ৰন্থ আন একো নহয় মানৱ পুথিভঁৰালৰ একো একোজন সদস্য বা স্বেচ্ছাসেৱী যিসকলে পঢ়ুৱৈৰ সতে একোটা নিৰ্ধাৰিত বিষয়ৰ লগতে নিজৰ জীৱনৰ কেতবোৰ অস্বাভাৱিক অভিজ্ঞতা তথা তাৰ দ্বাৰা তেখেতৰ জীৱনত পৰা প্ৰভাৱক এক যোগাত্মক দৃষ্টিভংগীৰে বৰ্ণনা দি পঢ়ুৱৈৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ কথোপকথন হয়৷ আৰু একোখন গ্ৰন্থত থকাৰ দৰে সেই সংশ্লিষ্ট বিষয়টোক পঢ়ুৱৈয়ে যুকিয়াই যায়৷ ইয়াৰ লগতে সমান্তৰালভাৱে পঢ়ুৱৈসকলৰ মনলৈ অহা (সংক্ৰান্তীয়) বিভিন্ন প্ৰশ্ন, কৌতূহল আদিৰো উচিত প্ৰত্যুত্তৰ, বিশ্লেষণ যথাৰ্থভাৱে আগবঢ়োৱা হয়৷ জীৱনে দিয়া মোক্ষম আঘাত সন্নিবিষ্ট অভিজ্ঞতা, জীৱনৰ কোনো  দুঃসময়ৰ পৰিৱেশৰ পৰা বা সামাজিক সংকীৰ্ণতা অতিক্ৰমি আহৰণ, শিকণ আদিৰ মাধ্যমেৰে নিজকে মানসিকভাৱে এক প্ৰতিষ্ঠিত পৰিৱেশলৈ উদ্ধাৰ কৰা যাত্ৰাৰে উদ্ভাসিত হোৱাৰ ব্যক্তি এজনেই যেতিয়া এই পন্থা অৰ্থাৎ এখন সুন্দৰ বৌদ্ধিক মজিয়াত নিজকে বিলীন কৰি দিয়ে তেতিয়াই তেখেত এগৰাকী "মানৱগ্ৰন্থ"লৈ উন্নীত হয়৷ যিকোনো ব্যক্তিয়েই এগৰাকী মানৱগ্ৰন্থ বা স্বেচ্ছাসেৱী হৈ মানৱ পুথিভঁৰালৰ দৰে অনুষ্ঠানত সেৱা আগবঢ়াব পাৰে৷ তাৰবাবে প্ৰয়োজন হয়-- একোখন গ্ৰন্থৰ দৰে "মনৰ পবিত্ৰতা", "বন্ধুসুলভ চৰিত্ৰ", "সমাহিত ব্যক্তিত্ব", তথা "ইচ্ছাশক্তিৰ" গ্ৰন্থই যিদৰে জ্ঞানৰ ভাণ্ডাৰ খুলি দিয়ে ঠিক সেইদৰে মানৱগ্ৰন্থইয়ো নিজৰ অভিজ্ঞতাৰ ভঁৰাল খুলি দি পাঠকৰূপী আন দহজনৰ সতে এক বৌদ্ধিক সেতুঁ গঢ়ি তোলে৷ মাত্ৰ পাৰ্থক্য এটাই----যে গ্ৰন্থই পঢ়ুৱৈৰ মনত উদ্ৰেক হোৱা যিকোনো প্ৰশ্ন বা কৌতূহলৰ তাৎক্ষণিক উত্তৰ বা নিবাৰণ যাচিব নোৱাৰে, কিন্তু মানৱগ্ৰন্থই পাৰে৷

 

মানৱ পুথিভঁৰালৰ বিস্তৃতি সমগ্ৰ বিশ্বজুৰি৷ প্ৰায় ৮০ পৰা ৮৫ খন দেশত সম্প্ৰতি এই অনুষ্ঠান ( তাৰ স্থানীয় সংস্থা, সংগঠনৰ সহযোগত) বিদ্যমান৷ যথেষ্ট যোগাত্মক সঁহাৰিৰ সত্বেও প্ৰথমাৱস্থাত মানৱ পুথিভঁৰালৰ ধাৰণাই ধীৰ গতিত প্ৰসাৰিত হৈছিল যদিও ২০০৮ বৰ্ষ মানৰ পৰা এই ধাৰণাই আমেৰিকা যুক্তৰাষ্ট্ৰ তথা কানাডালৈ প্ৰসাৰ মেলে৷ আৰু তেতিয়াৰ পৰাই ক্ৰমান্বয়ে ইয়াৰ বিস্তৃতিয়ে বেগ লাভ কৰে৷ ২০১৮ বৰ্ষত কেনিয়া, পানামা তথা বটছৱানাত "মান পুথিভঁৰাল" আৰম্ভণি হয়৷ আৰু সম্প্ৰতি বিশ্বৰ উল্লেখ্য ৮৫ খন দেশত এই ধাৰণাই "মানৱ পুথিভঁৰাল সংস্থা" ( Human Library Organization) হিচাপে অৱস্থিতি লাভ কৰিছে৷ এছিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা আৰু য়ুৰোপ মহাদেশৰ বিভিন্ন সৰু-বৰ দেশত মানৱ পুথিভঁৰাল অনু্ষ্ঠানে এক বিশ্বজনীন স্তৰত সমাজলৈ সেৱা আগবঢ়াই আছে৷ পেনহেগেন, ডেনমাৰ্কত এই সংস্থাৰ ( পঞ্জীকৃত) প্ৰধান কাৰ্যালয় আছে। আৰু বিশ্বৰ শাখা সংস্থাসমূহৰ সতে এক পৰিশীলিত, সুন্দৰ সমন্বয়ৰক্ষাৰে এই মহান বৌদ্ধিক অনুষ্ঠানটোৱে বিভিন্ন পৰ্যায়ত কাম কৰি আছে৷

আমাৰ দেশতো "মানৱ পুথিভঁৰাল অনুষ্ঠান" আছে৷ দেশৰ বিভিন্ন মুখ্য চহৰ যথা--- দিল্লী, মুম্বাই, বাংগালুৰু, লকাতা, মাইচুৰু ইত্যাদিত "মানৱ পুথিভঁৰাল" আছে৷ ভাৰতত প্ৰথমটো "মানৱ পুথিভঁৰাল" অনুষ্ঠান পোন প্ৰথমে ২০১৬ চনৰ ২৬ জুনত ইন্দোৰ, মধ্যপ্ৰদেশত মাত্ৰ দুঘন্টাৰ বাবে আয়োজন কৰা হৈছিল৷ দিল্লীত ২০১৭ বৰ্ষত, লকাতাত ২০১৮ বৰ্ষত "মানৱ পুথিভঁৰাল" স্থাপিত হয়৷

অতি বৈশিষ্ট্যপূৰ্ণভাৱে সাধাৰণ গ্ৰন্থাগাৰ বা পুথিভঁৰালৰ পৰা যিদৰে পঢ়ুৱৈ এজনে তেওঁৰ ভাল লগা গ্ৰন্থ এখন পুনৰ ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ধাৰলৈ পাৰে, "মানৱ পুথিভঁৰাল" পৰাও সেইদৰে পঢ়ুৱৈয়ে বা সেই অনুষ্ঠানত ভাগ লওঁতাই মানৱগ্ৰন্থক ( স্বেচ্ছাসেৱী) ধাৰলৈ বিচাৰিব পাৰে আৰু এক নিৰ্ধাৰিত সময়ৰ বাবে ( স্বাভাৱিকতে ২০/৩০ মিনিট) তেওঁৰ সতে গ্ৰন্থবাৰ্তাত ব্যস্ত পাৰে৷

সামাজিক দিশটোলৈ মন কৰিলে দেখা যায় যে "মানৱ পুথিভঁৰাল" সমাজৰ বিভিন্ন ক্ষেত্ৰসমূহত ব্যৱহৃত হৈ আহিছে৷ কেৱল যান্ত্ৰিকভাৱে এক পুথিভঁৰালৰ সংজ্ঞাতেই সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ শৈক্ষিক ক্ষেত্ৰখনৰ এটি অংশ হিচাপে "মানৱ পুথিভঁৰাল" ভূমিকা অনন্য৷ বিভিন্ন চৰকাৰী, বেচৰকাৰী সংস্থা, অনুষ্ঠানসমূহতো "মানৱ পুথিভঁৰাল" অনুষ্ঠানে গঢ় লৈ উঠিছে আৰু এই ধাৰণাৰ জনপ্ৰিয়তা বাঢ়িছে৷ যেনে-- আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে "মানৱ পুথিভঁৰাল" অনুষ্ঠানত নিয়মীয়াকৈ অংশগ্ৰহণ কৰি আহিছে৷ বিভিন্ন ব্যক্তিগতখণ্ডৰ বৃহৎ বৃহৎ কৰ্পৰেট বহুজাতিক কম্পেনীৰ চাকৰীয়াল, কৰ্মচাৰীসকলৰ মানসিক উদ্যম, কৰ্মোদ্যম, কাৰ্যদক্ষতা আদি বৃদ্ধিৰ ক্ষেত্ৰতো মানৱ পুথিভঁৰালে অন্যতম ভূমিকা পালন কৰি আহিছে৷ সেয়েহে "মাইক্ৰছফট্" দৰে প্ৰখ্যাত কম্পেনীয়ে "মানৱ পুথিভঁৰাল" ধাৰণাৰ সৰ্বাঙ্গীণ প্ৰসাৰ তথা উন্নতিৰ বাবে যথেষ্ট বৰঙনি তথা সহযোগিতা আগবঢ়াই আহিছে৷ আমাৰ দেশতো একেধৰণেৰেই "মানৱ পুথিভঁৰাল" ধাৰণাই সমাজৰ বিভিন্ন মহলক প্ৰভাৱিত কৰি আহিছে৷ তথাপিও দেশৰ চুকে-কোণে এতিয়াও এই ধাৰণাই যথোচিত ব্যাপ্তি পোৱা নাই৷ আশা কৰোঁ সময়ৰ লগে লগে ভাৰততো ইয়াৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাব৷

বিশেষকৈ, অগতানুগতিক বা অস্বাভাৱিক জীৱন শৈলী একোটা যাপন কৰা ব্যক্তিসকল যাৰ জীৱনত কিবা নহয় কিবা অন্যধৰণৰ যাত্ৰাই তেখেতসকলক সকলো জটিলতা নেওচি জীৱনমুখী বলৈ বাধ্য কৰাইছে--- তেওঁলোকক তেওঁলোকৰ সেই বিচিত্ৰ অভিজ্ঞতাই "মানৱ পুথিভঁৰাল" সাপেক্ষে একোখন "মানৱগ্ৰন্থ" হোৱাত সহায় কৰে৷

কেইটামান উদাহৰণ আগবঢ়ালোঁ______

() নীতিন মুম্বাইত থাকে আৰু তেখেত মুম্বাইস্থিত "মানৱ পুথিভঁৰাল" অনুষ্ঠানৰ এজন স্বেচ্ছাসেৱী ( মানৱগ্ৰন্থ) তেখেতে মাৰ্চ ২০১৯ বৰ্ষত মাহটোৰ শ্ৰেষ্ঠ মানৱগ্ৰন্থ ২০১৯ ( Book of the month) সম্মান পায়৷ আনুষ্ঠানিকভাৱে তেখেত এগৰাকী "ইন্টিৰিয়ৰ ডিজাইনাৰ" কিন্তু তেখেতৰ জীৱনৰ অস্বাভাৱিক দিশটো নিশাৰ ভাগত নীতিন এগৰাকী "যৌনকৰ্মী ( sex worker)" গতিকে তেখেতৰ জীৱনক লৈ পঢ়ুৱৈসকলৰ উৎকণ্ঠা তথা কৌতূহল থকাতো স্বাভাৱিক৷ আৰু নীতিনেও বিনা দ্বিধাৰে তেখেতৰ জীৱনৰ সেই পাকচক্ৰ তথা অদ্ভূদ অনাকাংক্ষিত অভিজ্ঞতাক এক মানৱগ্ৰন্থৰূপে পঢ়ুৱৈৰ মাজত উপস্থাপন কৰে৷

() 'আত্মহত্যা' একধৰণৰ স্বাৰ্থজনিত বা স্বাৰ্থান্বেষী ( Selfish act) কুপ্ৰচেষ্টা৷ লণ্ডনৰ ৩৩ বছৰীয়া এগৰাকী মহিলা "মানৱগ্ৰন্থ" টেছ ব্ৰুক ( Tess Brook) জীৱন যুঁজৰ এগৰাকী দুৰ্ভগীয়া যুঁজাৰু৷ একাধিকবাৰ আত্মাহুতিৰ প্ৰচেষ্টাত যিয়ে হাবু-ডুবু খাইছিল, জীৱন সংগ্ৰামত হাৰি যাব বিচাৰিছিল৷ পাছে সেয়া নহল৷ নিজকে জিনি ব্ৰুক পাছলৈ লণ্ডন "মানৱ পুথিভঁৰাল" মাধ্যমেৰে অন্য পঢ়ুৱৈৰ বাবে জীৱনমুখীতাৰ একোখিলা পৃষ্ঠা হৈ পৰিছিল৷ আৰু ২০১৯ চনৰ অক্টোবৰ মাহৰ শ্ৰেষ্ঠ মানৱগ্ৰন্থ ( Book of the month) খিতাপ আৰ্জিছিল৷

() পেনহেগেন, ডেনমাৰ্ক মানৱ পুথিভঁৰাল প্ৰধান কাৰ্যালয়ৰ এগৰাকী অতিকৈ জনপ্ৰিয় "মানৱগ্ৰন্থ" এচ্কি ৰাভ্ন ( Aske Ravn) তেখেত এগৰাকী কিন্নৰ ( Transgender) গতিকে তেওঁৰ প্ৰতি পঢ়ুৱৈৰ উৎসুকতা অপৰিসীম৷ ২০১৮ বৰ্ষত এচ্কিয়ে সৰ্বশ্ৰেষ্ঠ মানৱগ্ৰন্থ ( Best seller ) স্বীকৃতি পায়৷ তথা এইবছৰৰে যোৱা ফেব্ৰুৱাৰিত, মাহটোৰ শ্ৰেষ্ঠতম গ্ৰন্থ ( মানৱগ্ৰন্থ) সন্মান (Book of the month ) লাভ কৰে৷

এনেধৰণৰ আৰু অলেখ উদাহৰণ আছে, যিসকল ব্যক্তিয়ে সমাজৰ ৰক্ষণশীলতাৰ বিপৰীতে তথা জীৱনৰ আচহুৱা প্ৰত্যাহ্বানসমূহক নেওচি মানৱ পুথিভঁৰালৰ একোখন মানৱগ্ৰন্থ বা স্বেচ্ছাসেৱী হৈ সমাজ জীৱনলৈ একোখন মহৎ গ্ৰন্থৰ দৰে যোগাত্মক বাৰ্তা বিয়পায় আহিছে৷

আমাৰ অসমত মানৱ পুথিভঁৰালৰ ধাৰণাই এতিয়াও গা কৰি উঠা নাই৷ কিন্তু সম্ভাৱনাৰ অভাৱ নাই৷ অলপ মন কৰিলেই এই অনুষ্ঠানক কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰি৷ "মানৱ পুথিভঁৰাল" ধাৰণা প্ৰকৃততে প্ৰত্যেকখন সমাজৰে প্ৰয়োজন আছে৷ নৱ-প্ৰজন্মই ইয়াৰপৰা শিকিবলগীয়া, জানিবলগীয়া বহুতো আছে। যিকোনো উদ্যমী মনৰ ব্যক্তিয়ে "মানৱ পুথিভঁৰাল" অনুষ্ঠান অস্থায়ীভাৱে যিকোনো বিদ্যায়তনিক প্ৰতিষ্ঠান, বৌদ্ধিক অনুষ্ঠান আদিত আয়োজন কৰিব পাৰে৷ কোনো মনোৰোগ চিকিৎসালয় বা সাধাৰণ চিকিৎসালয় আদিতো "মানৱ পুথিভঁৰাল" অনুষ্ঠানৰ আয়োজন কৰিব পাৰি৷ ইয়াৰোপৰি পঞ্জীকৃত মানৱ পুথিভঁৰালৰ ( Human library Organiser) শাখা কাৰ্যালয় নতুনকৈ মুকলি কৰিবলৈ ইচ্ছা কৰিলে যথোচিত নিয়মাৱলীৰ মাজেৰে প্ৰধান কাৰ্যালয়লৈ ( http://humanlibrary.org) আৱেদন কৰিব পাৰি৷

শেষত, পুনৰ কৈছোঁ---- "মানৱ পুথিভঁৰাল" এক বৌদ্ধিক ধাৰণা যাক মানৱগ্ৰন্থ বা স্বেচ্ছাসেৱীয়ে ( Human books/ Volunteers)অনুষ্ঠানৰ ৰূপ দিব পাৰে৷ ৰণী এবাৰ্গেলৰ এই ধাৰণা, প্ৰত্যকজন ব্যক্তিৰ জীৱনচৰ্যাৰ এক ধাৰণা হওক তথা এই বৌদ্ধিক আন্দোলনৰ জৰিয়তে মানৱতাৰ জয়গান হওক৷

________

ভ্ৰাম্যভাষঃ ৯৮৫৪৫৩৯০৬১

 

Comments

Popular posts from this blog

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-

।। মন , জীৱন আৰু আৱৰণ ।।