|| কৰ’নাবিধ্বস্ত পৰ্যটন উদ্যোগ আৰু ইয়াৰ ভৱিষ্যত ||
|| কৰ’নাবিধ্বস্ত পৰ্যটন উদ্যোগ আৰু ইয়াৰ ভৱিষ্যত ||
পোনতেই কওঁ, কৰ’না প্ৰভাৱৰ ফলত পৰ্যটন উদ্যোগৰ সতে জড়িত ইয়াৰ তথ্যসমূহৰ পৰিৱৰ্তন সঘনাই হৈ আছে৷ গতিকে এইক্ষেত্ৰত যথাযথ তথ্যৰ বিৱৰণ দাঙি ধৰিব পৰাটো কিছু কঠিন৷ তথাপি লেখা প্ৰস্তুত কৰি থকা সময়ছোৱালৈকে যিখিনি তথ্য হাতত পৰিছে, তাৰেই উদ্ধৃতি ইয়াত দিয়া হৈছে৷
ইতিমধ্যেই কৰ’নাই পোনপটীয়াকৈ পৰ্যটন উদ্যোগত পক্ষাঘাত কৰিছে৷ পৰ্যটনৰ সতে সংলগ্ন প্ৰতিটো উদ্যোগ যথা বিমানসেৱা উদ্যোগ, ৰে’লসেৱা উদ্যোগ, আতিথ্যসেৱা উদ্যোগ ( Hospitality Industry), হোটেল উদ্যোগ, জল যাতায়ত উদ্যোগ ( Cruise Services) আদি কৰ’না তথা লকডাউনৰ ফলত বেয়াকৈ প্ৰভাৱিত হৈছে৷ প্ৰযুক্তিগত বিৱৰ্তনে আমাক পৰস্পৰে বহু কাষ চপাই অনাৰ লগতে এই সেৱাসমূহৰ সূচনা হৈছে আৰু মানৱজাতিৰ ব্যস্ততা তথা অন্যান্য কাৰণৰ বাবে বছৰি মানুহৰ সংখ্যাৰ নিযুত-কোটিৰ ঘৰত আনুষ্ঠানিক-অনানুষ্ঠানিক সংক্ৰান্তীয় দেশ-বিদেশ ভ্ৰমণসমূহ বিশ্বৰ চতুৰ্দিশে হৈ থাকিবৰ বাবে এই উদ্যোগসমূহৰ প্ৰসাৰ আৰু ইতৰ অৰ্থনৈতিক সুস্থিৰতাই আজিৰ অৱস্থাত উপনীত হৈছেহি৷ পৰ্যটনৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে৷ কিন্তু, সম্প্ৰতি কৰ’নাৰ বিভীষিকাই হঠাৎ এই যাত্ৰাক স্থবিৰ কৰি পেলাইছে৷
বিশ্ব প্ৰেক্ষাপটৰ দৃষ্টিকোণৰ পৰাই পোনতে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ৷ বিশ্ব পৰ্যটন আৰু ভ্ৰমণ পৰিষদে ( World Travel
& Tourism Council, WTTC ) শেহতীয়াকৈ সদৰী কৰামতে এই সুদীৰ্ঘ স্থবিৰতাই ইতিমধ্যে বিশ্ব পৰ্যটন উদ্যোগে, বৈশ্বিক ঘৰুৱা উৎপাদনত (Global GDP) আগবঢ়োৱা সম্ভাব্য (মুঠ) ৰাজহ বৰঙণিৰ প্ৰায় ৫,৫৩৪ বিলিয়ন মাৰ্কিন ডলাৰ ( ৫,৫৪,৩০০ কোটি মাৰ্কিন ডলাৰ) পৰিমাণৰ ৰাজহ ঘাটিৰ সন্মুখীন হৈছে৷ এই পৰিমাণ বিগত ২০১৯ বৰ্ষৰ মুঠ ৰাজহৰ ৬২ শতাংশ কম৷ ইফালে বিগত জুন'২০ মাহ পৰ্যন্ত সমগ্ৰ পৰ্যটন উদ্যোগৰ মুঠ লোকচানৰ পৰিমাণ হৈছে প্ৰায় ৪৪৭.৪ বিলিয়ন মাৰ্কিন ডলাৰ ( ৪৪,৭৪০ কোটি মাৰ্কিন ডলাৰ)৷ তাৰোপৰি উদ্যোগটোত বিশাল সংখ্যক কৰ্মসংস্থান লোপ পোৱাত ভয়ংকৰ হাৰত নিবনুৱাৰ সৃষ্টি হৈছে ৷ যোৱা ৪/৫ মাহত বিশ্বজুৰি এই পৰ্যটন উদ্যোগৰ পৰাই ১৯৭.৫ মিলিয়ন ( ১৯.৭৫ কোটি) কৰ্মসংস্থান লোপ পাইছে৷
ৰাষ্ট্ৰীয় প্ৰেক্ষাপট অনুসৰি ভাৰতৰ ক্ষেত্ৰত চাবলৈ গ’লে, ভাৰতীয় পৰ্যটন উদ্যোগটোৱে সমগ্ৰ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৯.২ শতাংশ বৰঙনি আগবঢ়ায়৷ লগতে এই উদ্যোগৰ সতে প্ৰায় ৪কোটি ২৭ লাখ ব্যক্তিৰ কৰ্মসংস্থাপন জড়িত হৈ আছে৷ ভাৰতীয় ট্যুৰ অ’পাৰেটৰ ( Indian Tour Operator
Association) ৰ এক প্ৰতিবেদন অনুসৰি যোৱা মে’২০ মাহ পৰ্যন্ত ভাৰতীয় পৰ্যটন উদ্যোগে প্ৰায় ৮৫ বিলিয়ন মাৰ্কিন ডলাৰ ( ৮৫০০ কোটি মাৰ্কিন ডলাৰ) ৰাজহ লোকচানৰ সন্মুখীন হৈছে আৰু মুঠ কৰ্মসংস্থানৰ ৭০ শতাংশ অৰ্থাৎ প্ৰায় ৩২ মিলিয়ন ( ৩.২ কোটি ) কৰ্মসংস্থান নোহোৱা হৈছে৷
ইফালে আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰৰ ওপৰতো কৰ’না তথা লকডাউনৰ মাধমাৰ নপৰাকৈ থকা নাই৷ ৰাজ্যৰ পৰ্যটনো বৰ্তমানে সংকটৰ গৰাহত পৰিছে৷ আমি জানো যে অসমৰ পৰ্যটন যথেষ্ট সম্ভাৱনাপূৰ্ণ আৰু প্ৰতিবছৰে অসমলৈ পৰ্যটনৰ নামত লাখ লাখ দেশী-বিদশী পৰ্যটকৰ আগমন ঘটে৷ বিশ্ব পৰ্যায়ত ৰাজ্যৰ তথা উত্তৰপূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগক আৰু অধিক উদ্ভাসিত কৰি তুলিব পৰাকৈ অসমত এতিয়াও বহুখিনি সমল আছে৷ আৰু স্বাভাৱিকভাৱেই অসম পৰ্যটনে ৰাজ্যৰ অৰ্থনীতিত সদায় এক গুৰু ভূমিকা পালন কৰি আহিছে৷ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৫.৫ শতাংশ ( ২০১৮-১৯ বৰ্ষ অনুসৰি) পৰিমাণৰ ৰাজহ পৰ্যটন উদ্যোগে সংযোজন কৰে৷ কিন্তু, সম্প্ৰতি কৰ’নাৰ বিভীষিকা তথা লকডাউনৰ বাবে অসমৰ পৰ্যটন উদ্যোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ লকডাউনৰ ফলত ৰাজ্যৰ পৰ্যটন উদ্যোগৰ সতে প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত সৰু-বৰ ব্যৱসায়িক সংস্থাসমূহৰ বহুতো লোকচান হৈছে৷ অসমত প্ৰায় ২৫০০ৰো অধিক হোটেল, ৰিজৰ্ট, লজ আদি আছে৷ এইসমূহৰ ব্যৱসায়ৰ ৮০০ কোটিৰো অধিক এক বৃহৎ পৰিমাণৰ ধন লোকচানৰ মুখত পৰিছে৷ উল্লেখ্য যে অসমৰ হ’টেল উদ্যোগটোৰ বজাৰ অৰ্থনীতিলৈ লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ দৈনিক ব্যৱসায় প্ৰায় ২০-২২ কোটি টকা৷ গতিকে এই হিচাপতেই ওপৰোক্ত বৃহৎ পৰিমাণটো উদ্ধৃত কৰা হৈছে৷ ৰাজ্যৰ ১০০ ৰো অধিক ট্যুৰ অপাৰেটৰৰ আনুমানিক ৬০ কোটি টকা লোকচান হৈছে৷ কেইবাহাজাৰো পৰ্যটকে অনিচ্ছাকৃতভাৱে অসমভ্ৰমণৰ কাৰ্যসূচী শেষমুহূৰ্তত বাতিল কৰিবলৈ বাধ্য হৈছে৷ পৰ্যটন বিভাগৰ মতে, এইসময়ছোৱাত পৰ্যটনৰ প্ৰায় ৫০০ কোটি টকা পৰিমাণৰ বৃহৎ ধনৰাশিৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ গতিকে, কৰ’নাৰ দ্বাৰা পৰ্যটনৰ দুৰৱস্থা স্পষ্টৰূপেই অনুমেয়৷
এতিয়া কথা হ’ল, উল্লিখিত সমগ্ৰ ঘটনা, পৰিস্থিতিৰৰ সাপেক্ষে এই বৃহৎ উদ্যোগটোৰ ভৱিষ্যত কি হ’ব বা কৰ’নাউত্তৰকালছোৱাত পৰ্যটন উদ্যোগে কেনে ৰূপ ল’ব-- ই বাচি থাকিবনে, নাথাকিব নে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে৷ বিশ্বজুৰি কৰ’নাৰ প্ৰকোপ এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই৷ সংক্ৰমণ ঘটিয়েই আছে, আক্ৰান্তৰ হাৰ বাঢ়িয়েই আছে তথা মানুহৰ মৃত্যুও ঘটিছে৷ এনে পৰিপ্ৰেক্ষিতত মানুহৰ বাবে প্ৰমোদ ভ্ৰমণ বা পৰ্যটনৰ কথা মনলৈ অহাটো কল্পনাৰো অতীতস্বৰূপ হৈ পৰিছে৷ কিদৰে কৰ’নাৰ সংক্ৰমণৰ পৰা বাচি থাকি নিজ নিজ আৰ্থিক দুৰৱস্থাৰ সতে সন্মুখীন হ’ব পাৰি সকলো সেই চিন্তাতেই আছে৷ প্ৰকৃততে মুখ্য কাৰণটো হৈছে মানুহৰ ভয় আৰু শংকা৷ আক্ৰান্ত হোৱাৰ ভয়, ভৱিষ্যত অনিশ্চয়তাৰ ভয়, সংক্ৰমণৰ ভয়, আন কাৰোবাৰ সংস্পৰ্শলৈ অহাৰ ভয়, নিজে সংক্ৰমিত হোৱাৰ যোগেদি ঘৰৰ আপোনজনলৈ সংক্ৰমণ ঘটোৱাৰ ভয়, যথোচিত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ ভয় ইত্যাদি ইত্যাদি অলেখ শংকাৰ মাজত সৰ্বসাধাৰণ মানুহে দিন নিয়াইছে৷ দিনকদিনে এই শংকা বৃদ্ধি পাবলৈ ধৰিছে৷ গতিকে, এনে পৰিস্থিতিত পৰ্যটনক্ষেত্ৰৰ ওপৰত পৰা কুপ্ৰভাৱ সুদূৰপ্ৰসাৰী হোৱাৰ সম্ভাৱনাহে প্ৰকট হৈ উঠিছে৷ মুঠতে অনিশ্চয়তাৰে ভৰা এক দুঃসময়ে বিৰাজ কৰিছে৷ তথাপিও জীয়াই থাকিব লাগিব৷ এই সকলো চিন্তা আৰু সংশয় ক্ষন্তেক সময়ৰ বাবে পাহৰি যদি আমি ভাবি চাওঁ তেন্তে আমি দেখিম যে পৰ্যটন হ’ল মানুহৰ বাবে এক এৰাব নোৱৰা উপাদান যি মানুহৰ জীৱনত এক পৃথকধৰণে প্ৰভাৱ পেলাই আহিছে৷ মানুহৰ ভ্ৰমণ প্ৰৱণতা একপ্ৰকাৰৰ স্বভাৱজাত উপাদানস্বৰূপ৷ মানুহে ভ্ৰমণ ভালপায়, নতুন ঠাই আৱিস্কাৰ কৰি, উপভোগ কৰি ভালপায়৷ ওপৰিউক্ত পৰ্যটন সংক্ৰান্তীয় তথ্যসমূহেই ইয়াৰ প্ৰমাণস্বৰূপ৷ ই এক বৃহৎ উদ্যোগ৷ গতিকে, এটা কথা ঠিক যে পলমকৈ হ’লেও পৰ্যটন উদ্যোগে পুনৰ ঠন ধৰি উঠিব, নিঃশেষ হৈ নাযায়৷ সম্ভাৱনীয়তা নোহোৱা নহয়৷ সাম্প্ৰতিক পৰিস্থিতিটোৰ সাপেক্ষে পৰ্যটন জগতখনৰ কেতবোৰ বিশেষ সম্ভাৱনীয়তাৰ সম্পৰ্কে অলপ আলোচনা কৰি চাওঁ আহক৷
আন্তঃৰাষ্ট্ৰীয় সম্ভাৱনা: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমেই যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰখনলৈ চকু দিওঁ তেন্তে দেখা যায় যে বিশ্বৰ কেইবাখনো দেশে লাহে লাহে কৰ’নাৰ গ্ৰাসৰ পৰা মুক্ত হ’বলৈ ধৰিছে৷ সম্পূৰ্ণ নীতি-নিৰ্দেশনা অনুসৰণ কৰি পৰ্যায়ক্ৰমে লকডাউন প্ৰক্ৰিয়া শিথিল হৈছে আৰু ক্ৰমে দেশসমূহ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে৷ উদাহৰণস্বৰূপে ইউৰোপীয় দেশসমূহৰ বিশেষকৈ শ্বেহেনজেন গোটৰ ( Schengen group of countries) দেশসমূহে পৰস্পৰৰ অন্তৰ্ৱৰ্তী আন্তঃৰাষ্ট্ৰীয় সীমা ( Internal border) পৰ্যটনৰ বাবে মুকলি কৰিছে৷ ইউৰোপীয় সংঘ ( European Union)ৰ অন্তৰ্গত দেশসমূহৰ সীমাও পৰ্যটনৰ বাবে মুকলি কৰা হৈছে৷ যথা-- বালি (ইণ্ডোনেছিয়া), ডুবাই ( সংযুক্ত আৰৱ এমেৰিটাছ), ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, মালদ্বীপ, বাৰবাড’ছ, স্পেইন ইত্যাদি দেশসমূহ লাহে লাহে পৰ্যটকক পুনৰবাৰ স্বাগতম জনাবলৈ সাজু হৈছে৷ ভ্ৰমণ বিশেষজ্ঞসকলে চলিত বৰ্ষৰ অক্টোবৰ মাহ মানৰ পৰা এই প্ৰক্ৰিয়া আৰু অধিক সুচল হৈ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ ইতিমধ্যে নিৰ্ধাৰিত তথা নিৰ্বাচিত আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাসমূহে জুলাই’২০ মাহৰ আৰম্ভণিৰে পৰা সেই নিৰ্ধাৰিত দেশসমূহলৈ সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে৷ অৰ্থাৎ সেইবোৰ ঠাইত কিছু পৰিমাণে হ’লেও বিপত্তি কমিছে৷ তথাপি আহুকালৰ অন্ত পৰিছে বুলি ধৰিলে ভুল হ’ব৷ অৰ্থাৎ সীমা মুকলি কৰি দিলেই বা পৰ্যটনস্থলী মুকলি কৰি দিলেই যে পৰ্যটনৰ সামগ্ৰিক গতিবিধি স্বাভাৱিক হৈ পৰিব তেনে কোনো প্ৰত্যাশা এতিয়াই পোনপটীয়াকৈ নিৰ্ধাৰণ কৰিব নোৱাৰি৷ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা ( UNWTO)ৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ ক্ষেত্ৰত পৰিস্থিতিৰ অনুকুলতা, প্ৰতিকুলতাৰ ওপৰত নিৰ্ভৰ কৰি হ’ব পৰা পৰ্যটকৰ সম্ভাব্য গতিবিধিসমূহক তিনিটা পৰ্যায়ত ভাগ কৰিছে যথা প্ৰথম পৰ্যায় অনুসৰি জুলাই মাহৰ আশে-পাশে ৫৮ শতাংশ, ছেপ্তেম্বৰ মাহৰ আশে-পাশে ৭০ শতাংশ আৰু ডিচেম্বৰ মাহলৈকে ৭৮ শতাংশ ভ্ৰমণজনিত আগমন ( International Arrivals) বৃদ্ধি পাব৷ ইয়াৰোপৰি সংস্থাৰ বিশেষজ্ঞসকলে জনাইছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ চাহিদা ২০২১ বৰ্ষৰ পৰাহে বৃদ্ধি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ তাৰ বিপৰীতে সম্প্ৰতি ঘৰুৱা পৰ্যটনৰ (Domestic Travel) গুৰুত্বহে মুখ্যত বৃদ্ধি পাব৷ ইয়াৰ চাহিদা বৃদ্ধিৰ হাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটনতকৈ তুলনামূলকভাৱে ক্ষীপ্ৰ হ’ব৷
নতুন ধাৰণাৰ সঞ্চাৰ: সমগ্ৰ পৰিস্থিতি সাপেক্ষে পৰ্যটন উদ্যোগতো কেতবোৰ নতুন চিন্তা-ধাৰণাই জন্ম পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে৷ ভ্ৰমণমূলক কেতবোৰ নতুন সংজ্ঞা, নতুন প্ৰযুক্তি আদিৰ পোষকতা কৰা হৈছে৷ কৰ’নাউত্তৰকালছোৱাত যি প্ৰযোজ্য হৈ উঠিব৷ যিহেতুকে এই মহামাৰীয়ে মানুহৰ সমগ্ৰ জীৱন ধাৰণ প্ৰণালীকেই সলনি কৰি পেলাইছে গতিকে মানুহৰ সহজাত স্বভাৱনিহিত এই পৰ্যটন বা প্ৰমোদ ভ্ৰমণ প্ৰৱণতাৰ ক্ষেত্ৰতো প্ৰভাৱ নপৰাকৈ থকা নাই৷ কাজেই, মানুহৰ ভয়, শংকাৰ পৰিপ্ৰেক্ষিতত সূচনা হ’বলৈ লৈছে ভ্ৰমণজনিত কেতবোৰ নতুন সূত্ৰৰ৷ তেনে এক সম্ভাব্য নতুন সূত্ৰ হ’ল স্পৰ্শবিহীন ভ্ৰমণ ( Touch
free / Contactless Travel) প্ৰক্ৰিয়া৷ আমি জানো যে এই ৰোগ মানুহৰ সংস্পৰ্শৰ যোগেদি বিয়পে৷ গতিকে যাত্ৰাকালত যথাসম্ভৱ সংস্পৰ্শবিহীন বা শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিব পৰা প্ৰক্ৰিয়াৰে সমগ্ৰ যাত্ৰা বা যাত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীক অধিক সুৰক্ষা প্ৰদানৰ অৰ্থেই এইধৰণৰ প্ৰক্ৰিয়াৰ সূচনা কৰা হৈছে৷ উদাহৰণস্বৰূপে ছুইজাৰলেণ্ডৰ অভিজাত হোটেল লি বিজ’ ( Swiss luxury hotelier Le
Bijou ) গ্ৰুপে তেখেতলোকৰ হোটেলসমূহত স্বয়ংক্ৰিয় স্পৰ্শবিহীন আগমন অন্তৰ্ভুক্তি ( Contactless Checkin) প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ যাৰ জৰিয়তে হোটেলৰ গ্ৰাহকে কোনোধৰণৰ হোটেল কৰ্তৃপক্ষৰ বা কৰ্মচাৰীৰ সংস্পৰ্শলৈ নহাকৈয়েই নিজেই নিজৰ সমগ্ৰ আগমন প্ৰক্ৰিয়াক সম্পন্ন কৰি ল’ব পাৰিব৷ একেদৰে ফিলিপাইনছৰ বিমানসেৱা বু এয়াৰলাইনছেও ( Cebu Pacific Air, উচ্চাৰণ: বু পেচিফিক এয়াৰ) তেওঁলোকৰ যাত্ৰী আগমন প্ৰক্ৰিয়া ( Checkin ) তথা বিমানৰ যাত্ৰাকালীন অৱস্থাত স্পৰ্শবিহীন ( contactless
flight) প্ৰযুক্তি আৰম্ভ কৰিছে৷ ইপিনে ৱৰ্ল্ড ইক’নমিক ফ’ৰাম বা বিশ্ব অৰ্থনীতি মঞ্চই পোষকতা কৰা অন্য এক ডিজিটেল প্ৰযুক্তি আৰম্ভ হৈছে৷ যাক কোৱা হয় KTDI ( Known
Traveller Digital Identity) প্ৰক্ৰিয়া৷ যাৰ জৰিয়তে ভ্ৰমণকালত ( আন্তঃৰাষ্ট্ৰীয়/ৰাষ্ট্ৰীয়) যাত্ৰীসকলে এই ডিজিটেল প্ৰযুক্তিৰ মজিয়াত ( Plateform ) বা ম’বাইল 'এপ’-লিকেশ্বনৰ মজিয়াত নিজৰ তথা নিজা স্বাস্থ্য সম্বন্ধীয় প্ৰয়োজনীয় তথ্যও ( স্বাস্থ্য সম্পৰ্কীয় চিকিৎসকৰ প্ৰমাণপত্ৰ আদি) পঞ্জীভুক্ত কৰি বিভাগীয় কৰ্তৃপক্ষ আৰু সেই দেশৰ পৰ্যটন বিভাগৰ অভিলেখাগাৰত (Data archive) উপলব্ধ কৰাব পাৰে যাতে ভ্ৰমণকালত যাত্ৰীয়ে কোনোধৰণৰ স্বাস্থ্যজনিত আহুকালৰ সন্মুখীন হ’লে তাৎক্ষণিক পদক্ষেপেৰে সামগ্ৰিক নিৰাপত্তা প্ৰদান কৰিব পৰা যায়৷
ৰাষ্ট্ৰীয় অন্তৰ্ৱৰ্তীসীমা মুকলি: ইতিমধ্যে উল্লেখ কৰা হৈছে যে ঘৰুৱা পৰ্যটনে সম্প্ৰতি গুৰুত্ব লাভ কৰিব৷ অৰ্থাৎ ডিব্ৰুগড়ৰ পৰ্যটক এজনে শিৱসাগৰৰ ঐতিহাসিক স্থল, কীৰ্তিচিহ্নসমূহ চাবলৈ যাবলৈ সততে কুণ্ঠাবোধ নকৰিব বা তেনে কোনো শংকাবোধো নকৰিব, সেয়া তেখেতৰ বাবে এক মুখ্য বিকল্পস্বৰূপ হ’ব৷ অৰ্থাৎ ফুৰিবলৈ যদি যাবই লাগে তেন্তে অধিক অৰ্থৰ খৰচ তথা শংকা-চিন্তা বহন কৰি দূৰলৈ যোৱাতকৈ পৰ্যটনৰে ভৰপূৰ ওচৰৰ কোনো এখন ঠাই নিৰ্বাচন কৰাই শ্ৰেয় ৷ তেনে এক ধাৰণাকে আগত ৰাখি বিশ্বৰ বিভিন্ন দেশে তেওঁলোকৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সতে আলোচনাত মিলিত হৈ পৰ্যটনৰ বাবে দেশৰ অন্তৰ্ৱৰ্তী সীমাবোৰ খুলি দিয়াৰ ক্ষেত্ৰত কেতবোৰ বুজাবুজিৰ চুক্তি সম্পাদন কৰি লৈছে৷ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে তেনে এক চুক্তি ইতিমধ্যে সম্পাদন কৰিছে৷ উত্তৰ ইউৰোপীয় বেল্টিক গণৰাজ্য ( Baltic Countries)ৰ দেশ লাটভিয়া, লিথুৱেনিয়া আৰু এষ্ট’নিয়াৰ মাজতো এনেধৰণৰ চুক্তি সম্পন্ন হৈ গৈছে৷ একেদৰে ফ্ৰান্স আৰু বৃটেইনৰ মাজতো চুক্তি সম্পন্ন হৈছে, কেৱল সেয়াই নহয় দুয়োখন ৰাষ্ট্ৰৰ নাগৰিকে পৰস্পৰে পৰস্পৰৰ ভ্ৰমণকালত কোনোধৰণৰ কোৱাৰেণ্টিনবিধি পালন কৰিব নালাগে বুলিও ৰাষ্ট্ৰদুখনে সন্মতি প্ৰদান কৰিছে৷ এনেধৰণৰ বহুতো উদাহৰণ আছে৷ গোটেইবোৰ এই সীমিত লেখাত উল্লেখ কৰিবলৈ অসুবিধা হ’ব৷
স্বাস্থ্যবিধিসন্মত যাত্ৰা আৰু প্ৰক্ৰিয়াৰ উন্নতকৰণ: স্বাস্থ্যই সম্পদ৷ স্বাস্থ্যজনিত সুৰক্ষা প্ৰণালীসমূহ ( Safety measures)ৰ অধিক উত্তৰণৰ ক্ষেত্ৰত কৰ’না মহামাৰীসৃষ্ট এই অভূতপূৰ্ব পৰিস্থিতিয়ে সকলোকে নতুন ধৰণে চিন্তাচৰ্চা কৰিবলৈ বাৰুকৈয়ে অৱকাশ দিছে৷ যথা ন ন চিন্তা-কৌশলৰ উদ্ৰেক ঘটিছে৷ মানুহৰ যাতায়তকালৰ সুৰক্ষা নিশ্চিতিৰ বাবে সংক্ৰান্তীয় যাতায়ত সেৱা ( বায়ু, স্থল, জল) সমূহৰ বিভাগীয় বা সংশ্লিষ্ট কৰ্তৃপক্ষই যাতায়তৰ যান-বাহনসমূহত যাত্ৰীসকলৰ শাৰীৰিক দূৰত্ববিধি বৰ্তাই ৰাখিবলৈ বা স্বাস্থ্যবিধিসন্মত নীতি-নিয়ম পালন কৰিবলৈ ন ন কৌশল উদ্ভাৱনৰ প্ৰয়াস কৰিছে৷ যেনে- বিমানসমূহত যাত্ৰীৰ মাজৰ শাৰীৰিক দূৰত্ব বৰ্তী থাকিবলৈ যাত্ৰীৰ আসনৰ শাৰীসমূহৰ মাজৰ আসনসমূহত ( Middle row seats) একোখন গ্লাছ বা আইনাৰ সংযোজন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ যু-জা চলাইছে৷ এক প্ৰয়াস, যাৰ জৰিয়তে যাত্ৰাৰত অৱস্থাত দুজন ওচৰাওচৰিকৈ বহা যাত্ৰীৰ মাজত শাৰীৰিক দূৰত্ব বাহাল থাকে বা ইজন, সিজনৰ সংস্পৰ্শলৈ কোনোপ্ৰকাৰে আহিব নোৱাৰে৷ একেদৰে পৃথকীকৰণ (Isolate norms) বিধিও বাহাল ৰখাৰ চিন্তা কৰা হৈছে৷ লাহে লাহে এনে চিন্তাৰ আৰু উত্তৰণ ঘটিব বুলি আশা কৰা হৈছে তথা অন্যান্য যাতায়ত ব্যৱস্থাসমূহতো এই নীতি প্ৰয়োগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ অৱশ্যে ইয়াতেই এই প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই৷ বিমানসেৱাকে পুনৰ উদাহৰণ হিচাপে লৈ ক’ব বিচাৰোঁ যে বিশ্বৰ বিভিন্ন বিমানসেৱা সংস্থাই নিজাববীয়াকৈ তেওঁলোকৰ সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বাবে লগতে যাত্ৰীসকলৰ বাবেও ব্যক্তিগত সুৰক্ষা সঁজুলি ( PPE), পোছাক, মুখাৱৰণ ( মাস্ক) আদিৰো বন্দোৱস্ত কৰি লৈছে৷ যাতে এক সুৰক্ষিত স্বাস্থ্যবিধিসন্মত যাত্ৰাকালীন পৰিৱেশ যাত্ৰীসকলক উপলব্ধ কৰাব পাৰে৷ লগতে খাদ্য, শীতল পানীয়, পানী আদিৰ যোগানো যাত্ৰাকালত সীমিতকৰণ কৰা হৈছে৷ তাৰ পৰিৱৰ্তে বিমানবন্দৰৰ পৰিসীমাত উপলব্ধ বিভিন্ন স্পৰ্শবিহীন স্বয়ংচালিত খোৱা সামগ্ৰীৰ ভেন্দিং যন্ত্ৰ ( Kiosk) সমূহক গুৰুত্ব দিয়া হৈছে৷ যাতে যাত্ৰা আৰম্ভৰ পূৰ্বেই যাত্ৰীয়ে যাৱতীয় সামগ্ৰীসমূহ গোটাই ল’ব পাৰে৷
ঘৰুৱা পৰ্যটনৰ সম্ভাৱনীয়তা: ইতিমধ্যে ওপৰত উল্লেখ কৰি অহা হৈছে যে বিশ্ব পৰ্যটনৰ তুলনাত ঘৰুৱা পৰ্যটনৰ চাহিদা তুলনামূলকভাৱে বৃদ্ধি পাব৷ এই ভাষ্য বিশ্ব পৰ্যটন সংস্থাৰ৷ ফঁহিয়াই চাবলৈ গ’লে এয়া এক নিশ্চিত ধাৰণা৷ কিয়নো মানুহৰ মনত কৰ’নাকালৰ শংকা আৰু ভয় নিৰ্বাপিত নোহোৱা পৰ্যন্ত তথা পৰিস্থিতি আৰু অধিক স্বাভাৱিক নোহোৱা পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভ্ৰমণে ( জৰুৰীকালীন ভ্ৰমণৰ বাহিৰে) বিশেষ গুৰুত্ব নাপাব৷ কাৰণ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন বা ভ্ৰমণত অৰ্থৰ অধিক ব্যয় হয় আৰু এই পৰিস্থিতিত মানসিক শংকা বহনৰ লগতে অধিক অৰ্থ ব্যয় কৰি মানুহে দূৰ-দিগন্তলৈ ভ্ৰমণবিলাস কৰিবলৈ যোৱাতো প্ৰায় অমূলক চিন্তা হ’ব৷ গতিকে ঘৰুৱা বা নিকটৱৰ্তী নিৰ্বাচিত পৰ্যটনস্থলসমূহে অধিক গুৰুত্ব পাব৷ দীঘলীয়া লকডাউনে মানুহৰ মানসিক ভাৰসাম্যক প্ৰায় জুৰুলা কৰি পেলাইছে৷ গতিকে মানসিক প্ৰশান্তিৰ বাবে অলপ অচৰপকৈ হ’লেও, প্ৰমোদ ভ্ৰমণৰ প্ৰসংগ আহি পৰিব৷ গতিকে ঘৰুৱা পৰ্যটন বজাৰখনৰ চাহিদা বৃদ্ধি পাব৷ এই দৃষ্টিকোণৰ পৰা আমাৰ দেশৰ কেতবোৰ হোটেলে ইতিমধ্যেই অগ্ৰিম সংৰক্ষণৰ প্ৰক্ৰিয়া (Advanced booking) আৰম্ভ কৰিছে৷ যেনে- দেশৰ এক অভিজাত হোটেল গোট লীলা হোটেল গ্ৰুপে বিশেষ ৰেহাই মূল্যত তেওঁলোকৰ দেশৰ বিভিন্ন ৰাজ্যত থকা হোটেলসমূহৰ অগ্ৰিম সংৰক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ জানিব পৰা মতে তেওঁলোকৰ এই প্ৰক্ৰিয়া ৩০ ছেপ্তেম্বৰ পৰ্যন্ত বাহাল ৰাখিছে৷ সেইদৰে অন্যান্য হোটেল সমূহেও বিনামূলীয়াভাৱে অগ্ৰিম সংৰক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ইয়াৰোপৰি দেশৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী বিমানসেৱা সংস্থাই ( স্পাইছজেট, ভিষ্টাৰা এয়াৰলাইন, এয়াৰ এছিয়া, ইণ্ডিগ’ ইত্যাদি) নিৰ্বাচিত গন্তব্যস্থানসমূহলৈ নিজ নিজ পৰিসেৱা মুকলি কৰি দিছে৷ উল্লেখনীয় যে আমাৰ দেশত এতিয়াও এনে কেতবোৰ পৰ্যটনস্থল বা ৰাজ্য আছে যাক বহুসংখ্যকে ঢুকি পোৱা নাই বা পৰ্যটনস্থল বুলি বহুতে নাজানে৷ দেশৰ কেতবোৰ স্থানত বা ৰাজ্যত কৰ’নাৰ প্ৰকোপ তুলনামূলকভাৱে বহুত কম৷ এইসমূহ ঠায়ে পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব পোৱাৰ সম্ভাৱনা আছে৷ গোৱা চহৰ ইতিমধ্যে পৰ্যটনৰ বাবে মুকলি কৰি দিয়া হৈছে৷ আমাৰ উত্তৰপূবৰ কেইবাখনো ৰাজ্য যেনে ছিক্কিম, অৰুণাচলপ্ৰদেশ, মেঘালয়, মিজোৰাম আদিত কৰ’নাৰ প্ৰভাৱ যথেষ্ট ক’ম ( সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৩০০/৪০০ বেছি নহয়) তথা মৃত্যুৰ হাৰো নগণ্য৷ গতিকে ৰাজ্য বা দেশৰ লকডাউন প্ৰক্ৰিয়া শিথিলকৰণ বা সুচলতাৰ সাপেক্ষে পৰ্যটকে এইসমূহ পৰ্যটনস্থল বাচি ল’ব পাৰে৷
যত’ দূৰ আমাৰ অসমৰ কথা... ইয়াৰ পৰিৱেশ এতিয়াও সুস্থিৰ নহয়৷ কৰ’নাৰ লগতে বানপানী আদি সমস্যাৰে ৰাজ্যখন জৰ্জৰিত হৈ আছে৷ গতিকে অসমৰ ক্ষেত্ৰত কথাটো অকণমান সুকীয়া হ’ব৷ তথাপি পৰ্যটনৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাময় ৰাজ্যখনৰ পৰ্যটন উদ্যোগৰ ভৱিষ্যত সিমান ধূসৰ বুলি একেআষাৰে ক’ব নোৱাৰি৷ উল্লেখনীয় যে অসমলৈ পশ্চিমবংগ, চেন্নাই, হায়দৰাবাদ, কেৰালা, হায়দৰাবাদ, মধ্যপ্ৰদেশ ইত্যাদি বিভিন্ন ৰাজ্যৰ পৰা প্ৰায়েই পৰ্যটকৰ আহ-যাহ থাকে, বিদেশী পৰ্যটকৰ কথা নক’লোৱেইবা৷ অসমৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশে সকলো প্ৰান্তৰ পৰ্যটকৰ মনত এক গভীৰ সাঁচ বহুৱাই ৰাখিছে আৰু বাৰে বাৰে সকলোকে অসমৰ প্ৰাকৃতিক পৰিৱেশে আকৰ্ষণ কৰে৷ এই আকৰ্ষণ সহজতে মানুহৰ মনৰ পৰা নাইকিয়া হৈ যোৱাতো সিমান সম্ভৱ নহয়৷ কিন্তু প্ৰত্যাহ্বানো নথকা নহয়৷ চৰকাৰৰ পৰ্যটন বিভাগে এইক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিলে আৰু অধিক সুফল পোৱা যাব৷ অসমৰ পৰ্যটনক্ষেত্ৰৰ লগত বহুতো সৰু-বৰ অনুষ্ঠান প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত আছে যিসকলে অহৰ্নিশে অসমৰ পৰ্যটনক আৰু অধিক উন্নীত কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে৷ গতিকে, অসমৰ পৰ্যটন উদ্যোগলৈ স্থবিৰতা আহিছে যদিও সেয়া স্থায়ী হৈ পৰিব বুলি ক’ব নোৱাৰি৷
পৰ্যটনক্ষেত্ৰৰ সতে জড়িত কৰ্মসংস্থান জগতখনৰ কথা উল্লেখ নকৰিলে লেখাটো আধৰুৱা হ’ব৷ কৰ্মসংস্থান জনগতখনলৈয়ো কৰ’নাই এতিয়া বিপৰ্যয় মাতি আনিছে৷ বহুতো উদ্যোগ, প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ ফলত বহুতে নিজৰ সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো একেই সমস্যাই দেখা দিছে৷ এই বিপৰ্যয়ৰ সময়ছোৱাই বিশ্বজনীন পৰ্যায়তে নিবনুৱা সমস্যাক আৰু অধিক প্ৰজ্বলিত কৰি তুলিব৷ ইতিমধ্যে কৰ্মসংস্থান লোপ পোৱা সম্পৰ্কে লেখাৰ আৰম্ভণিতে তথ্যসহ বিশ্লেষণ দাঙি ধৰা হৈছে, পুনৰাবৃত্তি নিষ্প্ৰয়োজন৷ এই বিপৰ্যয় পুনৰ কেতিয়া আৰু কিমান পৰ্যায়লৈ উদ্ধাৰ হ’ব তাক থাওকতে কৈ দিব পৰাতো কঠিন৷ তথাপি, কৰ্মসংস্থান লোপ যিদৰে পাইছে পৰিস্থিতিৰ ক্ৰমাগত স্বাভাৱিক অৱস্থাই পুনৰ নতুনকৈ কৰ্মসংস্থানৰ সৃষ্টি কৰিব৷ বিশেষকৈ অভিজাত পৰ্যটনপূৰ্ণ দেশসমূহত বৃহৎ সংখ্যক কৰ্মসংস্থানৰ সৃষ্টি কৰিব৷ ইয়াৰোপৰি বহুতো বেচৰকাৰীখণ্ডৰ কোম্পানী আদিও যিহেতু সাম্প্ৰতিক দুৰ্যোগৰ বাবে অস্থিৰ অৱস্থাৰ মাজেৰে গতি কৰিছে, পৰিস্থিতিৰ সুস্থিৰতালৈ চিই পুনৰ এনে সংস্থা প্ৰতিষ্ঠানসমূহক কৰ্মচাৰীৰ প্ৰয়োজন হোৱাতো নিশ্চিত৷ সময়ৰ সোঁতত সকলো সমস্যাৰ সমাধান ধূৰুপ৷
মুঠৰ ওপৰত, কৰ’না দুৰ্যোগ তথা লকডাউনে এতিয়া বিশ্ব অৰ্থনীতিৰ অবিচ্ছেদ্য অংগস্বৰূপ পৰ্যটন উদ্যোগটোলৈ চৰম অমানিশা নমাই আনিছে যদিও আশাৰ সঞ্চাৰ ঘটিব৷ এককথাত পৰ্যটন উদ্যোগৰ ভৱিষ্যত পূৰ্বতকৈ আৰু অধিক শক্তিশালী হ’ব৷ কৰ’নাকালক বা এই স্থবিৰতাক আমি এক সুযোগ হিচাপে গ্ৰহণ কৰিব লাগিব তথা পৰ্যটন উদ্যোগক নৰূপেৰে সজাই তোলাত যত্নপৰ হ’ব লাগিব৷ চৰকাৰেও এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাতো বাঞ্ছনীয়৷ যিবোৰ আসোঁৱাহ আছে সেইবোৰক দূৰ কৰিব লাগিব আৰু ৰাজ্যৰ তথা দেশৰ অৰ্থনীতিৰ ভঁৰাল টনকিয়াল কৰি তুলিব লাগিব৷ পৰিৱৰ্তন চিৰসত্য৷ পূৰ্বতেও মানুহে বহুধৰণৰ বৃহৎ বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আৰু সেইবোৰৰ সতে সাহসেৰে যুঁজ দি সময়ৰ সতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ এই বিপৰ্যয়ৰো এদিন অৱসান হ’ব৷
ফ’ন: ৯৮৫৪৫৩৯০৬১
( ভ্ৰমণ পৰামৰ্শদাতা, আকবৰ হ’লিডেইজ্ প্ৰাঃ লিঃ, গুৱাহাটী শাখা৷)

Comments
Post a Comment