|| হাৰ্ড ইম্যুনিটি ||

 


 

|| হাৰ্ড ইম্যুনিটি ||

 

দেৱজিৎ ভৰালী

 

ইম্যুনিটি বা ৰোগ প্ৰতিৰোধক্ষমতা মানৱ শৰীৰৰ ( লগতে অন্যান্য জীৱকূলৰ) এক স্বয়ংচালিত জৈৱিক প্ৰক্ৰিয়া৷ যাৰ সহায়ত যিকোনো ৰোগৰ আক্ৰমণক শৰীৰে নিজাববীয়াকৈ বাধা দিব পাৰে আৰু শৰীৰটোক তেনে ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে৷ মানুহৰ স্বাস্থ্যৰ সবলতা আৰু দূৰ্বলতাৰ ওপৰত নিৰ্ভৰ কৰি এই ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইম্যুনিটিৰ তীব্ৰতা ( মানুহ বিশেষে) -বেছি পাৰে৷ দূৰ্বলস্বাস্থ্যৰ ব্যক্তি এজনৰ প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে সবল-সুস্থ ব্যক্তি এজনতকৈ পাৰে৷ শৰীৰক প্ৰয়োজন হোৱা পুষ্টিৰ তাৰতম্যতাই মূলতঃ এই ক্ষমতাৰ তীব্ৰতা ( লগতে অন্যান্য আনুষংগিক কাৰণসহ) নিৰ্ধাৰণ কৰে৷

যি কি নহওক, আজিৰ আলোচ্য বিষয়টো -- হাৰ্ড ইম্যুনিটি ( Herd Immunity) বা সংঘবদ্ধ ৰোগপ্ৰতিৰোধী প্ৰণালী৷ ধাৰণাটো এনেধৰণৰ-- যেতিয়া কোনো সংক্ৰামক ৰোগ বা ভাইৰাছৰ বিপৰীতে এক জনসামূহিক প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা হয় তেতিয়াই ইয়াক কোৱা হয় হাৰ্ড ইম্যুনিটি৷ অৰ্থাৎ কোনো এখন ঠাইত হোৱা সংক্ৰামক ৰোগৰ সংক্ৰমণৰ ক্ষেত্ৰত যেতিয়া ঠাইখনৰ ৭০/৮০ শতাংশ লোকেই ৰোগবিধৰ বিপৰীতে প্ৰতিৰোধ ক্ষমতাসম্পন্ন হৈ উঠে তেতিয়াই হাৰ্ড ইম্যুনিটি বাহাল হয়৷ এইক্ষেত্ৰত প্ৰতি জন লোকৰ ভিতৰত জনেই ৰোগ প্ৰতিৰোধক্ষম হয় আৰু পঞ্চম ব্যক্তিজন, যদি তেখেতৰ ৰোগ প্ৰতিৰোধক্ষমতা তুলনামূলকভাৱে দূৰ্বলো হয়, ৰোগ বা ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত নহয়৷ চাৰিজন ব্যক্তিৰ মাজত হোৱা সংক্ৰমণ আৰু তেওঁলোকৰ প্ৰতিৰোধক্ষমতাই ৰোগবিধক নিস্তেজ কৰি পেলায়৷ এইধৰণে এক সংক্ৰামক ৰোগ বা ৰোগৰ ভাইৰাছৰ বিস্তৃতিক নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

এতিয়া কথা , এই সামূহিক ৰোগপ্ৰতিৰোধ প্ৰণালীক বা হাৰ্ড ইম্যুনিটিক কিদৰে আহৰণ কৰিব পাৰি৷ পোনপটীয়াকৈ বলৈ লে ৰোগ বা ভাইৰাছবিধৰ সংক্ৰমণৰ তীব্ৰতা ( How contagious a virus is) ওপৰত নিৰ্ভৰ কৰি জনসমূহৰ অধিকতম ৭০/৮০ শতাংশ লোক প্ৰতিৰোধ ক্ষমতাসম্পন্ন লেহে হাৰ্ড ইম্যুনিটিক আৰ্জন ( Achieve) কৰিব পৰা যায়৷ এইক্ষেত্ৰত ভেকচিন্ বা প্ৰতিষেধকৰ গুৰুত্ব অপৰিসীম৷ প্ৰতিষেধকে শৰীৰত প্ৰতিৰোধক্ষমতা বৃদ্ধি কৰে৷ গতিকে প্ৰতিষেধকৰ জৰিয়তে সামূহিক ৰোগপ্ৰতিৰোধ প্ৰণালীক গঢ় দিব পৰা যায়৷ আমাৰ মাজত এনে বহুতো ৰোগ আছে যিবোৰ এসময়ত অতিশয় সংক্ৰামকৰূপে গণ্য কৰা হৈছিল৷ বসন্ত ৰোগ, সৰুআই, লিঅ, পিঠাখোৱা, প্লে, কলেৰা আদি ৰোগসমূহক এসময়ত মহামাৰীৰূপে গণ্য কৰা হৈছিল৷ কিন্তু কালক্ৰমত এইবোৰৰ প্ৰতিষেধকৰ সৃষ্টি আৰু সেয়া গ্ৰহণ কৰি মানুহে ৰোগবোৰৰ বিপৰীতে নিজৰ প্ৰতিৰোধক্ষমতা বৃদ্ধি কৰিলে৷ সেয়েহে এনে ৰোগসমূহক সম্প্ৰতি বৰ ভয়ংকৰ বুলি ভবা নহয়৷ হাৰ্ড ইম্যুনিটিক এইক্ষেত্ৰত ইতিমধ্যেই গঢ়ি তোলা হৈছে৷ তথাপিও, বহুসময়ত এনে ৰোগৰ তীব্ৰসংক্ৰমণ নোহোৱা নহয়৷ যথোপযুক্ত হাৰ্ড ইম্যুনিটিৰ অভাৱেই ইয়াৰ মুখ্য কাৰণ বুলি পাৰি৷

ভেকচিন্ বা প্ৰতিষেধকৰ অবিহনে হাৰ্ড ইম্যুনিটি সম্ভৱ হয়নে নহয় সেয়াও জুকিয়াই চাবলগীয়া৷ বিষয়টো আপেক্ষিক৷ আমি জানো যে শৰীৰে, আমি গ্ৰহণ কৰা বিভিন্ন খাদ্যৰ যোগেদি পুষ্টি সংগ্ৰহ কৰি ইতিমধ্যেই ৰোগপ্ৰতিৰোধ ক্ষমতা স্বয়ংক্ৰিয়ভাৱে গঢ়ি তোলে৷ অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিৰেই -বেছি পৰিমাণে ৰোগ প্ৰতিৰোধক্ষমতা থাকে৷ তুলনামূলকভাৱে শিশুসকলৰ-- যি বয়সত শৰীৰৰ বিকাশ প্ৰক্ৰিয়া চলি থাকে আৰু ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিসকল অৰ্থাৎ যি বয়সত শৰীৰলৈ বাৰ্ধক্য নামি আহে তেওঁলোকৰ ৰোগ প্ৰতিৰোধক্ষমতা স্বাভাৱিকতে হয়৷ শিশু আৰু বৃদ্ধসকলৰ বাহিৰে অন্য যৌৱনপ্ৰাপ্ত তথা প্ৰাপ্তবয়ষ্ক লোকসকলৰ ৰোগ প্ৰতিৰোধক্ষমতা শৰীৰত এক নিৰ্দিষ্ট হাৰত মজুত থাকে৷ অৱশ্যে শৰীৰৰ গঠন, শৰীৰৰ দূৰ্বলতা, সবলতা আদি কাৰকৰ ওপৰত প্ৰতিৰোধক্ষমতা ব্যক্তিবিশেষে '-বেছি হয় বুলি ওপৰত উল্লেখ কৰা হৈছে৷ কিন্তু সেই নিৰ্দিষ্ট হাৰৰ ক্ষমতা কিমান পৰিমাণৰ বা কিমান পৰ্যায়লৈ থাকে তাক চিকিৎসকৰ পৰামৰ্শৰ বিহনে ওপৰোৱাকৈ কৈ দিব নোৱাৰি৷ একেটা পৰিয়ালৰে কেউজন সদস্যৰ মাজতেই ইয়াৰ তাৰতম্য থকাতো স্বাভাৱিক৷ গতিকে, উল্লিখিত ৰোগসমূহৰ ক্ষেত্ৰতেই হওক, প্ৰতিৰোধক্ষমতা থাকিল বুলিয়েই যে ব্যক্তিজন ৰোগাক্ৰান্ত নহ বা আক্ৰান্ত হোৱাৰ পাছত উচিত চিকিৎসাৰ প্ৰয়োজন নহ-- সেইবুলি ভাবিলেও ভুল ব৷ গতিকে তাৰ পৰিপ্ৰেক্ষিততে ভেকচিন্ বা প্ৰতিষেধকৰ প্ৰয়োজনীয়তা আহি পৰে৷ ভেকচিন্ বা প্ৰতিষেধকৰ প্ৰয়োগে শৰীৰৰ ৰোগ প্ৰতিৰোধক্ষমতাক সবল কৰি তোলে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ টনকিয়াল হয়৷ অৰ্থাৎ প্ৰতিষেধকৰ অবিহনেও মানৱ শৰীৰৰ স্বয়ংচালিত প্ৰতিৰোধক্ষমতাৰ দ্বাৰা হাৰ্ড ইম্যুনিটি সম্ভৱ যদিও প্ৰতিষেধকৰ প্ৰয়োগে এইক্ষেত্ৰত অনুঘটকৰ কাম কৰে৷ উল্লেখযোগ্য যে হাৰ্ড ইম্যুনিটিৰ ধাৰণাটোৰ ওপৰত মতবিভেদ নথকা নহয়৷ বহু বিশেষজ্ঞৰ মতে কোনো জনসমূহৰ এক নিৰ্দিষ্ট অানুপাতিক (Proportion of a population) ব্যক্তিৰ মাজত প্ৰতিৰোধক্ষমতা বাহাল লেই হাৰ্ড ইম্যুনিটি কাৰ্যক্ষম হয়, আকৌ বহুতৰ মতে জনসমূহৰ এক বুজনসংখ্যক ( প্ৰায় ৭০/৮০ শতাংশ) ব্যক্তিয়ে যেতিয়া ৰোগ প্ৰতিৰোধক্ষম হৈ পৰে তেতিয়াহে হাৰ্ড ইম্যুনিটি প্ৰক্ৰিয়াটো ফলপ্ৰসূ হৈ উঠে৷ হাৰ্ড ইম্যুনিটি ধাৰণাটোৱে ১৯ শতিকাতেই জন্ম পাইছিল যদিও মানুহৰ জ্ঞাতসাৰে প্ৰায়োগিক অৱস্থাত নাছিল৷

সম্প্ৰতি, ৰনা ভাইৰাছৰ ক্ষেত্ৰতো হাৰ্ড ইম্যুনিটিৰ প্ৰসংগটো উত্থাপন হৈছে৷ গতিকে এইবিধ ৰোগকো হাৰ্ড ইম্যুনিটিৰ জৰিয়তে নাশ কৰিব পৰা যাবনে নাযায় প্ৰসংগক্ৰমে উল্লেখ কৰা ল৷

ইতিমধ্যে আলোচনা কৰি অহা হৈছে যে হাৰ্ড ইম্যুনিটি জনসমূহৰ মাজত বৰ্তিবলৈ, হয় প্ৰায় সমগ্ৰ জনৰাশিয়েই ৰোগৰদ্বাৰা আক্ৰান্ত হৈ ৰোগ প্ৰতিৰোধক্ষমতা আৰ্জন কৰিব লাগিব অথবা ভেকচিন্ বা প্ৰতিষেধকৰ সহায় লাগিব৷ হাৰ্ড ইম্যুনিটিৰ এক গাণিতিক সূত্ৰমতে ভিড্-১৯ ৰোগবিধৰ ক্ষেত্ৰত হাৰ্ড ইম্যুনিটি সূচক ( Herd immunity threshold, HIT) পৰিমাণ ঠাইখনৰ মুঠ জনসংখ্যাৰ সৰ্বাধিক ৭০ শতাংশ৷ অৰ্থাৎ মুঠ জনসংখ্যাৰ অতিকমেও ৭০ শতাংশ জনসমূহ ৰোগাক্ৰান্ত হৈ উঠি প্ৰতিৰোধক্ষমতা আৰ্জন কৰিব পাৰিলেহে ভিড্-১৯ বা ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্তি পাব পৰা যাব৷ কিন্তু এই প্ৰয়োগ ভয়মুক্ত নহয়৷ ইতিমধ্যেই ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছে৷ প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্ব পৰ্যায়ৰ বিশেষজ্ঞসকলে অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ বিভিন্ন পৰ্যায়ত পৰীক্ষা-নিৰীক্ষা চলিয়েই আছে৷ তেনেস্থলত ভাইৰাছবিধৰ বা ৰোগনিদানতত্ব ( Disease pathology) বিষয়ে স্পষ্টকৈ ধাৰণাপুষ্ট হৈ নললে হাৰ্ড ইম্যুনিটিৰ দৰে পদক্ষেপ মাৰাত্মক পাৰে৷ অৰ্থাৎ ভাৰতত যদি হাৰ্ড ইম্যুনিটিৰ বাহাল বলগীয়া হয় তেন্তে দেশৰ ১৩০ কোটি জনসংখ্যাৰ প্ৰায় ৯১ কোটি লোক এই ৰোগত আক্ৰান্ত লাগিব ( HIT = 70%) ভাৰতৰ দৰে এখন উন্নয়ণশীল ৰাষ্ট্ৰত চিকিৎসাসেৱা বিভাগৰ আন্তঃগাঁথনিয়ে তেনে এক বৃহৎ সংখ্যাৰ ভাৰ পৰাতো অসাধ্য সাধনৰ দৰে ব৷ ইয়াৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ভাষ্য অনুসৰি এবাৰ ৰনাক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছতো যে পুনৰবাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকিব তাৰো একো নিশ্চয়তা নাই৷ গতিকে এনেবোৰ ক্ষেত্ৰত হাৰ্ড ইম্যুনিটিৰ প্ৰযোজ্যতাৰ ক্ষেত্ৰত বহুধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন লাগিব৷

ইয়াৰ বিপৰীতে ছুইডেনৰ দৰে দেশে ভিড্-১৯ সতে যুঁজিবলৈ হাৰ্ড ইম্যুনিটি প্ৰক্ৰিয়াক গুৰুত্ব দিয়াৰ দৰে উদাহৰণো আছে৷ সেই দেশৰ জনসাধাৰণৰ দৈনন্দিন জীৱন যাপন স্বাভাৱিক গতিতেই চলি আহিছে৷ কিন্তু তৎস্বত্বেও ৰনাৰ আক্ৰমণৰ পৰা দেশখন বাচিব পৰা নাই৷ এইলেখা যুগুত কৰা পৰ্যন্ত ছুইডেনত মুঠ আক্ৰান্ত সংখ্যা ৫৬০৪৩ জন হৈছেগৈ আৰু ৫০৫৩ জনৰ মৃত্যু ঘটিছে৷ অৰ্থাৎ শেহতীয়া তথ্য অনুসৰি হাৰ্ড ইম্যুনিটিৰ ক্ষেত্ৰত দেশখন সফল হোৱা নাই৷ দেশখনৰ জনস্বাস্থ্য পৰিষদ( Public health agency) এক সমীক্ষামতে সমগ্ৰ দেশখনৰ বিভিন্ন ঠাইৰ ১১০০ জন ব্যক্তিৰ ওপৰত কৰা স্বাস্থ্যপৰীক্ষাৰ ফলাফল অনুসৰি তাৰে কেৱল . শতাংশ লোকহে এই প্ৰতিৰোধক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে৷

তথাপিও হাৰ্ড ইম্যুনিটি বা সংঘবদ্ধ প্ৰতিৰোধক্ষম প্ৰণালীক একেবাৰে দলিয়াই পেলাব পৰা বিধৰো নহয়৷ নিৰ্ধাৰিত সূত্ৰ বহন কৰা এক প্ৰাকৃতিক প্ৰক্ৰিয়া৷ প্ৰতিষেধকৰ উচিত প্ৰয়োগে এই প্ৰক্ৰিয়াক সফল হোৱাত পুৰামাত্ৰাই বৰঙণি যোগাব৷ ভাৰতৰ দৰে ৰাষ্ট্ৰত মানৱজীৱন আৰু দেশৰ অৰ্থনীতি-- দুয়োটাকে সমদৃষ্টিৰ প্ৰয়োজন আছে৷ যথা, ভিড্-১৯ দৰে ৰোগৰ সতে জনসাধাৰণে যাৱতীয় নীতিক সাৰোগত কৰি সহাৱস্থান কৰাৰ জীৱন এটাৰ বাহিৰে সম্প্ৰতি একো গত্যন্তৰ নাই৷ প্ৰতিষেধকৰ চিন্তা-চৰ্চা চলি আছে,  এদিন সুফল পোৱা যাব বুলি আমি আশাবাদী৷ কোনে জানে, এনে পৰিপ্ৰেক্ষিতত হাৰ্ড ইম্যুনিটিয়েই হয়তো এক উচিত বিকল্প হৈ উঠে৷

-----------

: ৯৮৫৪৫-৩৯০৬১

 

 

Comments

Popular posts from this blog

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-

।। মন , জীৱন আৰু আৱৰণ ।।