|| জুম এপ ||

 






|| জুম এপ: ব্যৱহাৰ, বিতৰ্ক, সুৰক্ষা মানদণ্ড ইত্যাদি ||

দেৱজিৎ ভৰালী

 

তথ্যপ্ৰযুক্তিৰ উন্নতিৰ অপ্ৰতিৰোধ্য যাত্ৰাই ক্ৰমে ক্ৰমে আৰু অধিক চমকপ্ৰদ স্থিতি লৈছে৷ দোপতদোপে এখোপ এখোপকৈ উন্নতিৰ শিখৰলৈ যাত্ৰা অব্যাহত ৰাখিছে৷ তথ্যপ্ৰযুক্তি বিজ্ঞানৰ এক অমোঘ অৱদান৷ তথ্যপ্ৰযুক্তিয়ে মানৱজাতিক দিয়া নাই কি? প্ৰয়োজনৰ সীমা চেৰাই গৈয়ো নতুন নতুন প্ৰয়োজনৰ সৃষ্টি কৰি মানৱ সভ্যতাক জাতিস্কাৰ কৰি তুলিছে। অৱশ্যে এই সকলোবোৰ মানৱজাতিৰ চিন্তাৰেই বিস্ময়কৰ ফচল৷

২০২০ বৰ্ষটোক কৰনাই প্ৰায় গ্ৰাস কৰি পেলাইছে৷ মানুহে জীৱন চৰ্যাৰ সকলো উপকৰণ পৰিহৰি গৃহবন্দীত্বৰ জীৱন কটাবলগীয়াত পৰিছে৷ কেও তো যাব পৰা নাই৷ কিন্তু হাত সাৱটি বহি থাকিলেইতো সকলো হৈ নুঠে৷ কৰ্মৰ দ্বাৰাহে মানুহৰ জীৱনযাত্ৰা অব্যাহত থাকে৷

গৃহবন্দীত্বৰ মাজতো যাৱতীয় আনুষ্ঠানিক কাম-কাজবোৰ চলাই যাবলৈ মানুহে এটি বৃহৎ সমল বিচাৰি পালে৷ মানুহে এনে এটি মাধ্যম লাভ কৰিলে যাৰ জৰিয়তে বহুখিনি কাম ঘৰৰ পৰাই সমাধা কৰিব পৰাতো সম্ভৱ হৈ উঠিল। তথ্যপ্ৰযুক্তিয়ে আগবঢ়াই দিয়া এই সমলবিধেই মানুহৰ কৰ্মক্ষেত্ৰত অতিকৈ জনপ্ৰিয় হৈ পৰা 'জুম এপ

জুম এপ কি? : 'জুম এপ' এবিধ ছফটৱেৰ এপ্লিকেচন- যিবিধ ছফটৱেৰ স্মাৰ্টফ তথা কম্পিউটাৰ দুয়োবিধ আহিলাতে কাৰ্যক্ষম৷ এবিধ ভিডিঅকনফাৰেন্সিং প্ৰযুক্তি সম্বলিত ছফটৱেৰ্ যাৰ সহায়ত মানুহে বিভিন্ন স্থানত অৰ্থাৎ পৃথক পৃথক স্থানত থাকিয়েই স্মাৰ্টফ বা কম্পিউটাৰ ( ডেক্সট তথা লেপটপ) যোগেদি ইজনে সিজনক দেখাদেখিকৈ আলোচনাত মিলিত পাৰে তথা বিভিন্ন ধৰণৰ আনুষ্ঠানিক, অনানুষ্ঠানিক সভা ( Meeting ) কাৰ্যকৰী কৰিব পাৰে৷ এক 'সমূহীয়া তথ্য সংৰক্ষণভিত্তিক' ( Cloud based) ছফটৱেৰ্ প্ৰযুক্তি যিয়ে ভাগলওঁতাসকলক আলোচনাৰ এখন উমৈহতীয়া মজিয়া ( Common platform) প্ৰদান কৰে৷ এই প্ৰযুক্তিৰ দ্বাৰা মুখ্যস্থলত উপস্থিতিৰ অবিহনেও যথাস্থানৰ পৰাই বিষয়বস্তু ঢুকি পাব পাৰি৷ যাক তথ্যপ্ৰযুক্তিৰ ভাষাত ৰিম একচেছ্ ( Remote access) বুলি কোৱা হয়৷

জুম এপৰ উদ্দেশ্য: 'জুম এপ' একপ্ৰকাৰৰ শক্তিশালী মাধ্যম ( সামাজিক মাধ্যম? ) যাৰ সহায়ত পেছা সংক্ৰান্তীয় তথা অন্যান্য অপেছাদাৰী উদ্দেশ্যেও এক সামাজিক সংযোগ ( Social relation) বৰ্তাই ৰাখিব পাৰি৷ জুম এপ মুখ্যত দৃশ্যমান দূৰসংযোগ ( Video communication) স্থাপনৰ এক মাধ্যম৷ সকলোধৰণৰ ( পেছাদৰী/অপেছাদাৰী) সমূহীয়া আলোচনাৰাজিক যথাস্থানৰ পৰাই ইয়াৰদ্বাৰা সম্পাদন কৰিব পাৰি৷ কৰনা মহামাৰীকালত কোৱাৰেন্টিন্ বিধি মানি চলাৰ পৰিপ্ৰেক্ষিতত এইবিধ মাধ্যম বিশ্বজুৰি জনপ্ৰিয় হৈ পৰে৷

জুম এপৰ উদ্ভাৱন : আমেৰিকাৰ কেলিফৰ্ণিয়াস্থিত ( ছেন জ্ চহৰ) 'জুম ভিডিঅকমিউনিকেশ্যনছ ইংক ( Zoom Video Communications Inc.) নামৰ প্ৰখ্যাত কোম্পানীটোৰ স্বত্বাধিকাৰী এৰিক্ য়ুআনেই ( Eric Yuan) জুম এপৰ উদ্ভাৱক ২০১১ বৰ্ষতে এইবিধ প্ৰযুক্তিৰ উদ্ভাৱন হৈছিল আৰু ২০১৩ বৰ্ষত আনুষ্ঠানিকভাৱে প্ৰযুক্তিৰ বজাৰখনত মুকলি কৰা হৈছিল৷

এৰিক্ য়ুআন এগৰাকী ভূতাত্বিক অভিযন্তা ( Geological Engineer) তথা কম্পিউটাৰ প্ৰযুক্তিৰ বিশেষজ্ঞ৷ তেওঁ এজন চীনমূলীয় আমেৰিকীয় নাগৰিক৷ তেওঁৰ জন্মৰ চীনৰ শ্বেনডং প্ৰদেশ ( Shandong Province) ত৷ কথাতেই কয়-- অভাৱেই আৱিষ্কাৰৰ মূল, যথা আভিযান্ত্ৰিক শিক্ষাগ্ৰহণৰত অৱস্থাত অৰ্থাৎ ছাত্ৰাৱস্থাত তেখেতে যেতিয়া প্ৰেয়সীক লগ পাবলৈ সুদীৰ্ঘ ১০ ঘন্টা জুৰা ৰেলযাত্ৰা কৰিবলগীয়া হৈছিল, তেতিয়াই তেওঁৰ মন-গজুত প্ৰথম এনে এক প্ৰযুক্তি উদ্ভাৱনৰ কথা জাগ্ৰত হৈছিল৷ সেয়া আছিল ১৯৮৭ চনৰ কথা৷ সেই চিন্তাৰেই অনুপ্ৰাণিত হৈ তেওঁ প্ৰথমবাৰৰ বাবে দৃশ্যমান দূৰভাষ ( Videotelephony) প্ৰযুক্তিৰ এক ছফটৱেৰ্ উদ্ভাৱন কৰিছিল৷ ১৯৯৭ চনত তেখেত আমেৰিকাৰ কেলিফৰ্ণিয়ালৈ গুচি গৈছিল৷ তাতে তেওঁ ৱেবএক্স ( WebEx) নামৰ কোম্পানীটোত অভিযন্তা হিচাপে যোগদান কৰিছিল৷ পাছত এই কোম্পানীটোক ছিছ্ক’ ( Cisco) নামৰ প্ৰখ্যাত ছফটৱেৰ প্ৰযুক্তিৰ কোম্পানীটোৱে ক্ৰয় কৰিছিল আৰু সমগ্ৰ কোম্পানীটো ছিছ্ক-ৱেবএক্স নামেৰে জনাজাত হৈছিল৷ ২০১১ বৰ্ষত য়ুআনে, তেখেতে উদ্ভাৱন কৰা ভিডিঅটেলিফনি প্ৰযুক্তিৰ ধাৰণাটো ছিছ্ক পৰিচালন পৰিষদৰ সমুখত মান্যতা প্ৰদানৰ হেতু প্ৰস্তাৱ কৰে৷ কিন্তু ছিছ্কয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যানহে কৰে৷ ফলস্বৰূপে, য়ুআনে ছিছ্ক পৰা অব্যাহতি লয় আৰু 'জুম ভিডিঅকমিউনিকেশ্যনছ প্ৰতিষ্ঠা কৰে৷

জুম এপৰ বিতৰ্ক আৰু সুৰক্ষা মানদণ্ড : জুম এপৰ জনপ্ৰিয়তাৰ সমান্তৰালভাৱে এলানি বিতৰ্কৰো সৃষ্টি নোহোৱা নহয়৷ এই বিতৰ্ক স্বাভাৱিকতেই উত্থাপন হয় ইয়াৰ সুৰক্ষা মানদণ্ড ( Security measures) ভিত্তি কৰি৷ ব্যৱহাৰকাৰীৰ তথ্যৰ গোপনীয়তা নিশ্চিতিৰ ক্ষেত্ৰত বিশেষভাৱে সমালোচনাৰ সন্মুখীন হয়৷ উল্লেখনীয় যে জুম এপৰ সুৰক্ষাবেহু সন্তোষজনকভাৱে শক্তিশালী নহয় বুলি তথ্যপ্ৰযুক্তিৰ বহুতো সুৰক্ষা বিশেষজ্ঞই ( Cyber security experts ) মত পোষণ কৰিছে তথা সংক্ৰান্তীয় সুৰক্ষাবিধিজনিত পৰামৰ্শও আগবঢ়াইছে৷ ইপিনে কোম্পানীটোৱে প্ৰয়োজনীয় সকলোধৰণৰ সুৰক্ষা ব্যৱস্থা এপটোত মজুত আছে বুলি দাবী কৰিছে ( অৱশ্যে জুম এপ ব্যৱহাৰ কৰ্তা আৰু জুম এপৰ প্ৰধান ছাৰ্ভাৰ ব্যৱস্থাৰ মাজতহে অৰ্থাৎ জুমৰ পৰা জুমলৈহে কেৱল সেই তথাকথিত সুৰক্ষাব্যৱস্থা সীমিত পৰ্যায়ৰ বুলি পাছলৈ কোম্পানীটোৱে স্বীকাৰ কৰে)

কনফাৰেন্সিং অব্যাহত থকাৰ মাজতেই কোনোবা অপ্ৰত্যাশিত তৃতীয়জনে ( Unwanted fellow) অনাকাংক্ষিতভাৱে ব্যৱহাৰকাৰী সদস্যসকলৰ অজ্ঞাতে সেই কনফাৰেন্সিঙত প্ৰৱেশ কৰি সমগ্ৰ আলোচনা বা অালোচনাকালত আাদন-প্ৰদান হোৱা গোপনীয় বা সংক্ৰান্তীয় তথ্যৰ বিকৃত সৰবৰাহ বা চোৰ কৰিব পৰা সম্ভাৱনাই জুম এপ ব্যৱহাৰৰ প্ৰধান শংকাস্বৰূপে ধৰা দিছে৷ জাৰ্মানী, ছিংগাপুৰ টাইৱান আদি দেশসমূহে এই এপ ব্যৱহাৰকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে তথা বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানেও ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে৷ উল্লেখ্য যে যোৱা মাৰ্চ২০ মাহত নিউয়ৰ্কৰ এটৰ্ণী জেনেৰেলে জুম এপৰ এই সুৰক্ষা মানদণ্ডৰ নিশ্চিতিৰ সন্দৰ্ভত আনুষ্ঠানিক অনুসন্ধানৰ নিৰ্দেশনাও জাৰি কৰিছিল৷ ফলস্বৰূপে জুমৰ কৰ্তৃপক্ষই জুম এপৰ সুৰক্ষা ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তোলাৰ আশ্বাস দিছিল৷ অৰ্থাৎ এপটোত যে মানসম্পন্ন সুৰক্ষাব্যৱস্থাৰ কিছু অভাৱ আছে সেয়া কোম্পানীৰ কৰ্তৃপক্ষই আওপকীয়াকৈ মানি লৈছিল৷

আমাৰ ভাৰত চৰকাৰেও এই এপ ব্যৱহাৰৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰনালয়ৰ অধীনস্থ চাইবাৰ সমন্বয়ৰক্ষী কেন্দ্ৰই ( Cyber coordination centre, CyCord) এই সকীয়নিৰ পোষকতা কৰিছে আৰু লগতে কেতবোৰ সতৰ্কতামূলক বিধিও আগবঢ়াইছে৷ তাৰে ভিতৰত যথা- প্ৰতিখন জুম মিটিঙৰ সময়ত প্ৰতিবাৰে লগইন আই.ডি আৰু পাছৱৰ্ড সলনি কৰা, ছফটৱেৰ বা এপত উপলব্ধ 'ৱেইটিং ৰুম' বোলা বিকল্পটোৰ (option) ব্যৱহাৰ কৰা যাতে মুখ্য পৰিবেশক বা আঁত ধৰোঁতা( Host) অনুমতিৰ সাপেক্ষেহে মিটিঙত প্ৰৱেশ কৰিব পাৰি, ফাইল ট্ৰান্সফাৰ জাতীয় বিকল্পৰ ( option) ব্যৱহাৰ অপ্ৰয়োজনীয়ভাৱে নকৰা বা কৰিলেও বিশেষ প্ৰয়োজনতহে পৰিবেশকৰ অনুমতিৰ সাপেক্ষে কৰা, 'ৰেকৰ্ডিং' বিকল্পৰ ব্যৱহাৰৰ ক্ষমতা কেৱল পৰিবেশকৰ হাততহে থকা ইত্যাদিসমূহেই প্ৰধান৷ অৱশ্যে কোনো বিশেষ গোপনীয় তথ্য, আলোচনা বা তথ্যৰ আদান-প্ৰদানৰ সম্ভাৱনা নথকা তথা ঘৰুৱা মেজেমলৰ দৰে কথোপকথনত লগ হোৱাৰ ক্ষেত্ৰত জুম এপৰ ব্যৱহাৰত কোনো শংকা নাই৷

জুম এপৰ সুবিধাসমূহ: হঠাৎ জনপ্ৰিয় হৈ পৰা এইবিধ ছফটৱেৰ্ এপ্লিকেচনৰ নিশ্চয়কৈ আকৰ্ষণীয় বিশেষত্ব থাকিব লাগিব৷ তেনে কেতবোৰ মূল বিশেষত্ব হৈছে___

/ সহজ ব্যৱহাৰ প্ৰক্ৰিয়া৷

/ এবাৰতে অতিকমেও ১০০ জন সদস্যই ভাগ পৰা৷

/ আলোচ্য বিষয়বস্তুক ৰেকৰ্ড কৰাৰ সুবিধা, যাতে ভৱিষ্যতলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি বা পুনৰব্যৱহাৰ কৰিব পাৰি৷

/ কম্পিউটাৰ তথা স্মাৰ্টফ দুয়োটা আহিলাতে ব্যৱহাৰ কৰিব পৰা সুবিধা৷

/ এবাৰতে সৰ্বাধিক ৫০০ জন সদস্যলৈকে সংযোজিত হোৱাৰ সুবিধা৷ ( অৱশ্যে ইয়াৰ বাবে কোম্পানীৰ পৰা নিৰ্ধাৰিত আঁচনি বা প্লেন ক্ৰয় কৰাটো প্ৰয়োজন৷)

শেষত কোম্পানীৰ আন্তংগাঁথনিৰ বিষয়ে কিছু কথা কৈ লেখা সামাৰিব বিচাৰিছোঁ৷ সম্প্ৰতি ২৫০০ ৰো অধিক কৰ্মচাৰীৰে সৈতে প্ৰতিষ্ঠানটোৰ, ভাৰতকে ধৰি বিশ্বৰ মুঠ ৯খন দেশত নিজা কাৰ্যালয় আছে৷ আমেৰিকা ( টা কাৰ্যালয়), নেদাৰলেণ্ড ( টা কাৰ্যালয়),  বৃটেইন ( টা কাৰ্যালয়), ফ্ৰান্স ( টা কাৰ্যালয়), ভাৰত ( টা কাৰ্যালয়, মুম্বাই), ছিংগাপুৰ ( ১টা কাৰ্যালয়), জাপান ( টা কাৰ্যালয়) আৰু চীন ( টা কাৰ্যালয়) কোৱা বাহুল্য যে এই প্ৰতিষ্ঠানটোৰ সৰহভাগ ছফটৱেৰৰ উৎপাদনমূলক কাম চীনদেশৰ পৰাই হয় তথা ইয়াতেই তেওঁলোকৰ প্ৰায় ৭০০ মান কৰ্মচাৰী নিয়োজিত আছে। মনকৰিবলগীয়া যে চীনত কৰ্মৰত এইসকল কৰ্মচাৰীৰ মাহিলী দৰমহা অন্যান্য দেশৰ কৰ্মচাৰীসকলৰ প্ৰায় এক-তৃতীয়াংশ৷ যি সমগ্ৰ প্ৰতিষ্ঠানটোৰ মূল ৰাজহ আয় তথা লাভালাভৰ এক মুখ্য কাৰণ৷ যোৱা লকডাউনৰ সময়ছোৱাতেই বিশ্বৰ এজন অন্যতম ধনী ( নৱাগত মুঠ জনীয়া তালিকাৰ প্ৰথমজন) ব্যক্তি হৈ পৰা এৰিক্ য়ুআনৰ যোৱা জুন'২০ লৈকে মুঠ স্থাৱৰ সম্পত্তি ১১. বিলিয়ন মাৰ্কিন ডলাৰ ( ১১২০ কোটি মাৰ্কিন ডলাৰ) ইয়াৰোপৰি কোম্পানীটোৱে ২০১৯ বৰ্ষত, নিউয়ৰ্কৰ প্ৰখ্যাত শ্বেয়াৰ বজাৰ সংস্থা নাচডাক্ (Nasdaq) নিজৰ নাম তালিকাভুক্ত কৰি ৰাজহুৱা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি পায়৷

সদৌশেষত ইয়াকে বিচাৰোঁ যে সকলো আনুষংগিক কাৰণ, বিতৰ্ক আদিৰ স্বত্বেও জুম এপৰ জনপ্ৰিয়তা বৃদ্ধি পায় গৈ আছে৷ সম্প্ৰতি বিশ্বজুৰি প্ৰায় ৩০ কোটি লোকে ইয়াক ব্যৱহাৰ কৰে৷ অৰ্থাৎ তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰতখনত প্ৰায়োগিকৰূপে এক সফল প্ৰযুক্তি৷ গতিকে, ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকলোৱেই তথ্যসুৰক্ষাজনিত বিধিসমূহৰ মাজেৰে তথা সতৰ্কতাৰে আগবাঢ়িলে সাম্প্ৰতিক সময়ছোৱাৰ দৰে আহুকলীয়া পৰিৱেশবোৰত তথা চিৰ উন্নতিশীল তথ্যপ্ৰযুক্তিৰ জগতখনত জুম এপ এক আশীৰ্বাদস্বৰূপেই পৰিগণিত হৈ থাকিব বুলি পাৰি৷

-----------

: ৯৮৫৪৫৩৯০৬১

 

Comments

Popular posts from this blog

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-

।। মন , জীৱন আৰু আৱৰণ ।।