।। জীৱন-ৰেখা ।। ........দেৱজিৎ ভৰালী । কষ্ট । জীৱনৰ এডাল ৰেখা । জীৱন পোৱাৰ দিনাই অংকন কৰা এই ৰেখাডাল আজীৱন থাকি যায় । বহু চেষ্টা কৰে জীৱনে ৰেখাডাল মচি পেলাবলৈ কিন্তু সেই চেষ্টা ব্যৰ্থ হয় সৰহভাগ সময়তে । আচলতে সময়েই লগ নিদিয়ে সেই কাৰ্যত । জীৱনে তেন্তে কিয় উপলব্ধি কৰিব নোৱাৰে... সেই ৰেখাডাল যে এডাল জীৱনৰেখা ? কিয় বুমেৰাং হৈ ঘুৰি আহিব বুলি জানিও বাৰে বাৰে চেষ্টা কৰে সেইডাল দলিয়াই পেলাবলৈ ? কিয় জীৱনে বোধ নকৰে যে কষ্টৰ ৰেখাডাল সজীৱ হৈ আছে মানেই জীৱন আছে ? এৰা...... নকৰে হয়তো এইকাৰণেই...... যে জীৱন সুখ পিয়াসী , হৰ্ষ পিয়াসী । জীৱনক উপভোগ লাগে , আনন্দ লাগে , বিনোদ লাগে , জীৱনক বিশ্ৰাম লাগে । জীৱন লৱৰি ফুৰে ; জীৱন দৌৰি ফুৰে এনে কিছু পাৰ্থিৱতাৰ দিশে য'ত কষ্টৰ কোনো স্থান নাই । তাতনো কেনেকৈ থাকিব । সেই ৰেখাডাল দেখোন জীৱনতেই আছে । জীৱনে সেই পাৰ্থিৱতাৰ পৰশত একধৰণৰ মছগুল হৈ পৰে । সেই মছগুল প্ৰবৃত্তিয়েই আচলতে জীৱনৰ কষ্টৰ ৰেখা...
Comments
Post a Comment