|| বিশ্ব পৰিৱেশ দিৱস আৰু কিছু চিন্তা ||

 



|| বিশ্ব
পৰিৱেশ দিৱস আৰু কিছু চিন্তা ||

 

দেৱজিৎ ভৰালী

 

প্ৰতিবছৰৰ দৰে এইবছৰো জুন তাৰিখে (অৰ্থাৎ আজি ) বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে৷ পৰিৱেশ সংৰক্ষণ, পৰিৱেশ প্ৰদূষণ, জনসংখ্যা বৃদ্ধি ইত্যাদিৰ সংক্ৰান্তত ৰাইজৰ সজাগতা আৰু সহযোগিতাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই ধাৰ্য কৰা এই দিৱসক পালন কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ হেৰফেৰ হোৱা নাই৷ প্ৰতিবছৰেই এই দিনটো আমাৰ মাজলৈ আহে আৰু বিভিন্ন চিন্তা, পৰিকল্পনা, সংকল্প, কাৰ্যসূচীৰ মাজেৰে পুনৰ গুছি যায়৷ আজিও এই পৰম্পৰা অটুট থাকিব৷ কিন্তু কথা প্ৰকৃতাৰ্থত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এই বিশেষ দিনটোৰ যোগেদি প্ৰকৃতি লাভৱান হৈছেনে? অন্য দেশ, ৰাষ্ট্ৰসমূহৰ কথা বাৰু এৰাইয়েই চলিলোঁ, আমাৰ দেশ ভাৰতৰেই প্ৰাকৃতিক পৰিৱেশে এইক্ষেত্ৰত যথোচিত সন্মান পাইছেনে? যদি একেআষাৰে বলৈ যাওঁ, তেন্তে নাইপোৱা বুলিয়েই লাগিব৷

লকডাউনৰ সময়ছোৱাই প্ৰাকৃতিক পৰিৱেশক ক্ষন্তেক সময়ৰ বাবে লেও প্ৰদূষণৰ অত্যাচাৰৰ পৰা অস্থায়ী সকাহ পোৱাৰ কথাষাৰেই প্ৰমাণ কৰে যে মানৱসৃষ্ট সমস্যাৰাজিৰে প্ৰকৃতি, পৰিৱেশ কিমান জৰ্জৰিত৷ মানৱ সভ্যতাৰ উত্থানৰ কাৰক হোৱাৰ গৰ্বেৰে বলীয়ান হৈ আমি মানৱজাতিও যে প্ৰকৃতিৰে এক অংশ সেইকথা পাহৰি পেলাইছোঁ৷ আমি সৰহচামেই কেৱল তথাকথিত প্ৰকৃতিপ্ৰেমী, চৰকাৰৰ হাতত প্ৰকৃতি সংৰক্ষণৰ দায়িত্ব এৰি আমাৰ দায়িত্ব সামৰিছোঁ৷ আৰু আমাৰো যে সমানেই পৰিৱেশ সংৰক্ষণৰ প্ৰতি এক দায়িত্ব আছে সেই কথা যেন আওকাণ কৰি চলিছোঁ৷ প্ৰখ্যাত আমেৰিকীয় অভিনেত্ৰী মাৰ্লি মেটলিনৰ উক্তি এষাৰলৈ মনত পৰিছে--- তেওঁ কৈছিল, " পৃথিৱী আমাৰ অন্তৰ্ভুক্ত নহয়, আমিহে পৃথিৱীৰ অন্তৰ্গত" সৰল তথা চুটি এই উক্তিষাৰৰ তাৎপৰ্য বুজি পাবলৈ মগজুৰ বৰ বিশেষ কছৰৎ নালাগে৷ শাশ্বত ব্ৰক্ষ্মাণ্ডৰ সমগ্ৰ গ্ৰহৰাজিৰ ভিতৰত পৃথিৱীয়েই এনে এটি গ্ৰহ জীৱন প্ৰক্ৰিয়া সম্ভৱ৷ জীৱকূল বৰ্তি থাকিব পৰাকৈ সকলো উপাদান অনুকুলিত মাত্ৰাত মজুত আছে৷ তাৰ বাবদহে আমি আজি জীৱশ্ৰেষ্ঠ বুলি নিজকে প্ৰতিপন্ন কৰিব পাৰিছোঁ৷ গতিকে আমি পৃথিৱীখনলৈ, পৃথিৱীৰ অন্যান্য সেই উপাদানসমূহলৈ কৃতজ্ঞ হোৱা উচিত নহয়নে? নিশ্চয়কৈ আমি এই উপলব্ধি মৰ্মে মৰ্মে ৰখা উচিত৷ তেহে আমাৰ মনোজগতত প্ৰকৃতি, পৰিৱেশৰ প্ৰতি সন্মানৰ ভাব জীপাল হৈ থাকিব৷

প্ৰত্যেকটো দিৱসেই একোটা তাৎপৰ্য বহন কৰাৰ দৰে এই বিশ্ব পৰিৱেশ দিৱসেও পৰিৱেশ সংৰক্ষণ তথা ইয়াৰ আনুষংগিক দিশসমূহৰ গুৰুত্বক বহন কৰি চলিছে৷ গতিকে, কেৱল এটা বিশেষ দিনতেই ( জুন) পৰিৱেশৰ প্ৰতি আনুষ্ঠানিক আনুগত্যতা নদৰ্শাই, এই বিশেষ দিনটোৰ প্ৰকৃত উদ্দেশ্যক চিৰকাল প্ৰাণৰ আকূতিত অনুভৱ কৰাতোহে বেছি যুক্তিনিষ্ঠ ব৷

সম্প্ৰতি, উন্নয়ণৰ নামত যি বনাঞ্চল ধ্বংসযজ্ঞ, বায়ু প্ৰদূষণ, জল প্ৰদূষণ, শব্দ প্ৰদূষণ দুষ্প্ৰাপ্য প্ৰাণীকূলৰ অবাধ চোৰাং বেহা, অবৈধ কয়লা খনন আদি চলিছে সেয়া সকলো মানৱসৃষ্ট সমস্যা৷ যিয়ে প্ৰাকৃতিক পৰিৱেশক গভীৰতৰ পৰা গভীৰতম আঘাত সানিছে৷ আৰু ইয়াৰবাবে আমি মানৱজাতিয়েই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী৷

এতিয়াৰ সৰ্বত্ৰ চৰ্চিত বিষয়টো হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য আৰু ইয়াত চলি থকা কয়লাৰ মুক্ত খনন কাৰ্য৷ যিয়ে অৰণ্যখনৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ ইয়াত থকা বিশাল জৈৱবৈচিত্ৰ্যতাৰ প্ৰতি সংকট নামি আহিছে৷ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত একোখন বৰ্ষাৰণ্যৰ ভূমিকা বা অৱদান কিমান তাৰ বিষয়ে এই আপাহতে অকণমান আলোচনা কৰোঁ আহক৷

বৰ্ষাৰণ্য একোখন অন্যান্য সাধাৰণ অৰণ্যসমূহতকৈ পৃথক হয়৷ অৱয়বগত গঠন, তাৰ বিস্তৃতি, জৈৱবৈচিত্ৰ্যতা আৰু উদ্ভিদৰাজিৰ বিশালতাই বৰ্ষাৰণ্যক আন অৰণ্য বা বনাঞ্চলসমূহকৈ পৃথক কৰে৷ বৰ্ষাৰণ্যৰ অৱয়বগত গঠন অতি বিচিত্ৰ আৰু তাৰবাবে ইয়াৰ পৰিৱেশতন্ত্ৰ অতি বিস্ময়কৰ৷ বৰ্ষাৰণ্যই প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাত অপৰিসীম ভূমিকা পালন কৰে৷ মনকৰিবলগীয়া যে যদিও ভৌগলিক দিশৰ ফালৰপৰা বৰ্ষাৰণ্যৰ অৱস্থিতি পৃথিৱীৰ মাত্ৰ শতাংশহে, তথাপিও ইয়াৰ এই ক্ষুদ্ৰবিস্তৃতিয়েই পৃথিৱীক প্ৰয়োজনীয় উপাদানখিনি যোগান ধৰিব পৰাকৈ পৰ্যাপ্ত৷

বৰ্ষাৰণ্যৰ ভিতৰচৰাত অনবৰতে এক সেমেকা বাতাবৰণে বিৰাজ কৰে৷ বছৰটোৰ সকলো সময়তে আৰ্দ্ৰ হৈ থকা এই বৰ্ষাৰণ্যসমূহত সেয়েহে উদ্ভিদ, তৰু, তৃণ তথা প্ৰাণীকূলৰ বৈচিত্ৰ্যতা অধিক৷ ইয়াৰ পৰিৱেশ অত্যধিকভাৱে প্ৰাণসঞ্চাৰি৷ বৰ্ষাৰণ্যসমূহ তৰপীয়া অৱয়বৰে গঠিত৷ অৰ্থাৎ ইয়াত থকা বিভিন্ন উদ্ভিদৰ ভিন ভিন আকাৰে একোটা তৰপৰ সৃষ্টি কৰে৷ যাৰফলত অৰণ্যখনৰ জৈৱিকপ্ৰক্ৰিয়া অধিক সতেজতাপূৰ্ণ হয়৷ সাধাৰণতে উদ্ভিদৰ চাৰিটা তৰপেৰে বৰ্ষাৰণ্যসমূহ গঠিত৷ শীৰ্ষস্তৰ বা এমাৰ্জেন্ট লেয়াৰ ( Emergent layer), মধ্যস্তৰ বা কেনপি লেয়াৰ ( Canopy layer ), নিম্ন মধ্যস্তৰ বা আণ্ডাৰষ্ট্ৰেৰি লেয়াৰ ( Understary layer ) আৰু ভূমিসংলগ্ন স্তৰ বা হাৰ্ব লেয়াৰ (Herb layer) শীৰ্ষস্তৰ বা এমাৰ্জেন্ট লেয়াৰ গঠিত হয় বিভিন্ন ওখ ওখ উদ্ভিদ বা বৃক্ষৰ দ্বাৰা সূৰ্যৰ ৰশ্মিয়ে স্পৰ্শ কৰে৷ এই স্তৰৰ বৃক্ষবোৰৰ উচ্চতা ১১৫--২০০ ফুট পৰ্যন্ত হয়৷ চিৰসেউজ, বহল পাতযুক্ত এই বৃক্ষবোৰৰ একোজোপাই ভূমিৰ প্ৰায় ১৬ ফুটমান ক্ষেত্ৰ আগুৰি থাকে৷ অৰ্থাৎ এই স্তৰটোৱে একোটা প্ৰকাণ্ড ছাতিৰ দৰে কাম কৰে৷ এই স্তৰৰ তলৰ স্তৰটো মধ্যস্তৰ বা কেনপি লেয়াৰ৷ কেনপিৰ অৰ্থ ছাঁ বা ছালি৷ এইস্তৰৰ উদ্ভিদসমূহৰ গা-গছ মেলাহী আৰু চেপেটা হয়  আৰু উচ্চতা ৬৫--১০০ ফুটমান হয়৷ এইস্তৰকো সূৰ্যৰ ৰশ্মিয়ে চুই যায়৷ গতিকে, এই দুয়োস্তৰৰ উদ্ভিদসমূহে সমগ্ৰ অৰণ্যকে ছাঁ প্ৰদান কৰি অৰণ্যখনৰ আৰ্দ্ৰতা বজাই ৰাখে৷ মধ্যস্তৰৰ তলৰ স্তৰটো নিম্ন মধ্যস্তৰ বা আণ্ডাৰষ্টেৰি লেয়াৰ৷ যি স্তৰত কেতবোৰ অপৈণত আৰু জোপোহা গছ হয়৷ এই উদ্ভিদসমূহৰ উচ্চতা খুউৱ বেছি ২০ ফুটমান হয়৷ এই স্তৰক সূৰ্যৰ পোহৰে স্পৰ্শ নকৰে৷ কাৰণ শীৰ্ষস্তৰ আৰু মধ্যস্তৰৰ উদ্ভিদসমূহে সূৰ্যৰ পোহৰ ভিতৰলৈ সৰকি যোৱাত বাধা দিয়ে৷ বৰ্ষাৰণ্যৰ শেহতীয়া স্তৰ ভূমিসংলগ্ন স্তৰ বা হাৰ্ব লেয়াৰ৷ এই স্তৰটো অন্ধকাৰপূৰ্ণ৷ আৰু এইটো স্তৰেই সমগ্ৰ বৰ্ষাৰণ্য পৰিৱশতন্ত্ৰৰ মূল চালিকা শক্তি৷ কাৰণ উল্লিখিত প্ৰতিটো স্তৰৰেই জৈৱিক প্ৰক্ৰিয়াসমূহ এইটো স্তৰতেই ঘটে৷ অৰ্থাৎ উদ্ভিদেই হওক বা প্ৰাণীয়েই হওক জীৱন প্ৰক্ৰিয়াৰ সূচনা এইটো স্তৰতেই হয়৷

উদ্ভিদৰ এনে বিচিত্ৰ সংৰচনাৱলী বিদ্যমান, নিশ্চিতভাৱে প্ৰাণীকূলৰো বৈচিত্ৰ্যতা থকাতো স্বাভাৱিক৷ অৰ্থাৎ বৰ্ষাৰণ্যসমূহৰ প্ৰাণীৰ বৈচিত্ৰ্যতাও আশ্চৰ্যকৰ৷ বিভিন্ন কীট-পতংগ, পখিলা, সৰীসৃপ, বেং, সাপ, ভেকুলী আদি ভূমিসংলগ্ন স্তৰত বাস কৰে৷ উদ্ভিদৰ গাঢ়তা তথাসংৰচিত বৈচিত্ৰ্যতাৰ বাবে জলবায়ু শোধনৰ ক্ষেত্ৰতো বৰ্ষাৰণ্যই গুৰুভূমিকা পালন কৰে৷ সূৰ্যৰ পোহৰে নিম্ন মধ্যস্তৰ আৰু ভূমিসংলগ্ন স্তৰ ঢুকি নোপোৱাৰ বাবে বৰ্ষাৰণ্য আৰ্দ্ৰ আৰু সেমেকা অৱস্থাত থাকে আৰু বৰষুণৰ ফলত উদ্ভিদত সংৰক্ষণ হোৱা পানী জলীয়বাষ্পলৈ ( সূৰ্যৰ তাপৰ অভাৱত) পৰিণত নোৱাৰে আৰু সমগ্ৰ উদ্ভিদৰ পাতৰ পৰা সেই পানী অনবৰতে ( বছৰজুৰি) বৰষুণৰ দৰে মাটীত অৰ্থাৎ ভূমিসংলগ্ন স্তৰত পৰি থাকে৷ সেয়েহে এই অৰণ্যবোৰক বৰ্ষাৰণ্য বোলা হয়৷ নিজেই বৰষুণৰ যোগেদি পানীৰ পৰিমাণ বৰ্তাই ৰাখে৷ জৈৱিক প্ৰক্ৰিয়াৰে বৰষুণ নিয়ন্ত্ৰণ কৰি অৰণ্যৰ পৰিৱেশতন্ত্ৰত পানীৰ পৰিমাণ সন্তুলিত কৰি ৰখাত সহায় কৰে৷ উদ্ভিদৰ এনে তৰপীয় শৃংখলে জীৱনধাৰণৰ প্ৰয়োজনীয় সকলো উপাদান সৃষ্টি বলৈ অতি অনুকুল পৰিৱেশৰ যোগান ধৰে আৰু সেইগতিকে জীৱসৃষ্টিৰ মহান প্ৰক্ৰিয়াসমূহৰ বাবে বৰ্ষাৰণ্যসমূহ সৰ্বদায় পুষ্ট হৈ থাকে৷ এয়াই বৰ্ষাৰণ্যসমূহৰ বিষয়ে থূলমূল বৰ্ণনা৷ বৰ্ষাৰণ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে অলপ লেও এই বৰ্ণনাই আভাস দিব৷

গতিকে, এনে একোখন বৰ্ষাৰণ্যৰ বিচিত্ৰ বৈশিষ্ট্যৰাজিক আওকাণ কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াতো কোনোপ্ৰকাৰেই গ্ৰহণীয় নোৱাৰে৷ দিহিং পাটকাই বৰ্ষাৰণ্যও এনে বৈশিষ্ট্যৰেই পৰিপূৰ্ণ৷ এনে প্ৰাণ সঞ্জীৱনী শক্তিৰে ভৰপূৰ আৰু প্ৰকৃতিতন্ত্ৰৰ বিশেষ অংশক মানুহে মানুহৰ ক্ষুদ্ৰস্বাৰ্থৰ বাবে ধ্বংস কৰি পেলোৱাতো গৰিহণাযোগ্য৷ দিহিংপাটকাই বৰ্ষাৰণ্যলৈ যি চৰম অনিশ্চয়তা নামি আহিছে, তেনে অনিশ্চয়তাক ৰোধ কৰিবলৈ আটায়েই মাৰবান্ধি থিয় লেহে বিশ্ব পৰিৱেশ দিৱসৰ দৰে একোটা বিশেষ দিনৰ মহৎ উদ্দেশ্যৰ প্ৰকৃত মূল্যায়ন ব৷ দিহিং পাটকাই বৰ্ষাৰণ্যৰ সমস্যাক মাত্ৰ এক উদাহৰণস্বৰূপেহে ইয়াত তুলি ধৰা হৈছে৷ পৰিৱেশতন্ত্ৰৰ প্ৰতি চলি থকা চৰম অৰাজকতাৰ এনে উদাহৰণ অলেখ আছে৷

মানুহে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে যুগ যুগ ধৰি বনাঞ্চল ধ্বংস কৰি আহিছে৷ চোৰাং বেহা-- সেয়া কোনো দুষ্প্ৰাপ্য প্ৰাণীৰেই হওক, পক্ষীৰেই হওক, সৰীসৃপৰেই হওক বা উদ্ভিদৰেই ( কাঠৰ চোৰাং বেহা) হওক, নগৰায়ণৰ কুচকাৱাজ, জন প্ৰব্ৰজন, খনিজাত পদাৰ্থ ( তেল, কয়লা ইত্যাদি) আহৰণৰ লগতে অবৈধ লুন্ঠন, উদ্যোগীকৰণ, কৃষিকাৰ্য বিস্তাৰণ আদি কাৰণসমূহৰ বাবে অবাধে বনাঞ্চল ধ্বংসকাৰ্য চলাই থকা হৈছে৷ জনবহুলতা আৰু যান্ত্ৰিক জীৱনশৈলীৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈ গৈ আছে, জলবায়ু মলীয়ন হৈ পৰিছে৷ উশাহ-নিশাহৰ বাবে বায়ু বিষাক্ত হৈ পৰিছে৷ ইয়াৰোপৰি অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা দৰ প্ৰসৰতা, অস্বাভাৱিক বৃষ্টিপাত, সঘন জলবায়ুৰ পৰিৱৰ্তন, বা-মাৰলি, ধুমুহা, বিধে বিধে ঘূৰ্ণিবতাহ আদিৰ প্ৰকোপ বাঢ়িছে৷ প্ৰদূষণৰ ফলত মানুহৰ লগতে অন্যান্য জীৱকূলৰ প্ৰতিও বিপদ নামি আহিছে৷ বহুতো জীৱ চিৰকাললৈ নোহোৱা হৈ পৰিছে৷ মুঠতে মানৱসৃষ্ট এই ভয়াৱহ পৰিস্থিতিয়ে কেৱল পৰিৱেশতন্ত্ৰকে অসন্তুলিত কৰি তোলা নাই, মানৱজাতিলৈয়ো চৰম অনিশ্চয়তা নমাই আনিছে৷ মুঠতে সমস্যাৰ অন্ত নাই৷ গতিকে এতিয়াই কঁকালত টঙালি নাবান্ধি পুনৰ সুযোগ পাম বুলি আশা কৰাতো একধৰণৰ বাতুলামি ব৷

অৱশ্যে প্ৰকৃতিৰক্ষাৰ ক্ষেত্ৰত কোনেও কানসাৰ দিয়া নাই বুলি লেও ভুল ব৷ বহুতো প্ৰকৃতিপ্ৰেমী বেচৰকাৰী সংগঠন, পৰিৱেশবিদ্, স্বেচ্ছাসেৱী সংগঠন আদিয়ে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত মাত মাতি আহিছে৷ বহুচাম সফলো হৈছে৷ আমাৰ অসমৰেই নেচাৰ্চ বেকন, আৰণ্যক আদি প্ৰখ্যাত পৰিৱেশৰক্ষা সংস্থাই দিনেৰাতিয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে৷ কিন্তু লেও এইক্ষেত্ৰত সকলোৰে সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়হত্যা এতিয়া নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে, ৰাইজৰ বাধা, আগ্ৰহ-অনুগ্ৰহক আওকাণ কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে তৈলখনন ক্ষেত্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ কুপ্ৰভাৱ উদ্যান তথা ওচৰৰে জৈৱবৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ প্ৰখ্যাত মাগুৰি মতাপুং বিলত পৰিছে, দিহিং পাটকাই বৰ্ষাৰণ্যত যুগ যুগ ধৰি অবাধ কয়লা খনন কাৰ্য চলিয়েই আছে৷ মুঠৰ ওপৰত ৰবাত নহয় ৰবাত যেন কিবা এক ব্যৱধান ৰৈ গৈছে৷ এইবোৰ বৃহৎ বৃহৎ সমস্যাৰ স্থায়ী সমাধান আজিও কাৰ্যকৰী হৈ উঠা নাই৷ গতিকে এনেবোৰ সমস্যা অন্ত নপৰালৈকে বিশ্ব পৰিৱেশ দিৱসৰ দৰে একোটা অনুষ্ঠানৰ প্ৰাসংগিকতা অসাৰ হৈ থাকিব৷ আমি যিমানেই কাৰ্যসূচী গ্ৰহণ নকৰোঁ কিয়, যিমানেই সবাহ-সমিতি, আলোচনা চক্ৰ অনুষ্ঠিত নকৰোঁ কিয়, জনসাধাৰণে পৰিৱেশৰ সংৰক্ষণৰ গুৰুত্ব হাড়েহিমজুৱে অনুভৱ নকৰা পৰ্যন্ত এই ব্যৱধান বাঢ়ি গৈ থাকিব৷

প্ৰকৃতিসুৰক্ষাৰ এক আন্দোলনৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ চৰকাৰলৈ বাট নাচায় সকলোৱেই পৰিৱেশৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত হোৱাৰ সময় আহি পৰিছে৷ সাধাৰণভাৱে লেও নিজ সামৰ্থ অনুসৰি গছপুলি ( বৃক্ষ বুলিলে প্ৰকাণ্ড গা-গছৰ উদ্ভিদকহে বুজায়৷) ৰোপন, নিজৰ কেউকাষৰ পৰিচ্ছন্নতা, পৰিৱেশৰক্ষা কৰি চলিব পৰা কৰ্মপন্থা, প্ৰকৃতি অনুকুল সা-সামগ্ৰীৰ ব্যৱহাৰ, পলিথিন বৰ্জন আদি কৰ্মৰেও প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাত বৰঙণি আগবঢ়োৱাতো জৰুৰী হৈ পৰিছে৷ নতুন প্ৰজন্মক পৰিৱেশ সচেতনভাৱে গঢ় দিয়াতোও অতিকৈ প্ৰয়োজন হৈ পৰিছে৷ সৰ্বোপৰি জনগনৰ মনৰ আঁহেআঁহে, কোঁহেকোঁহে প্ৰকৃতিপ্ৰেমৰ শিহৰণ প্ৰতিফলিত লেহে ' বিশ্ব পৰিৱেশ দিৱস' তাৎপৰ্যৰ প্ৰকৃত মূল্যায়ন ব৷

সৰ্বশেষত প্ৰখ্যাত ফৰাছী সংৰক্ষণবিদ্ জেকে ইভ্ ষ্টো ( Jacques Yves Cousteau) এষাৰি উক্তিৰে এইলেখা সামৰিলোঁ৷

' The real cure for our environmental problem is to understand that our job is to salvage mother nature. We are facing a formidable enemy in this field. It is the hunters and to convince them to leave their guns on the wall is going to be very difficult.'

Comments

Popular posts from this blog

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-

।। মন , জীৱন আৰু আৱৰণ ।।