।। ব্যস্ততা ।। -- দেৱজিৎ ভৰালী । ব্যস্ততা এতিয়া জীৱনৰ উশাহ । ই নহলে জীৱন স্তব্ধ হৈ ৰ ' ব । সকলো চিন্তা , সকলো ভাৱনা , সকলো পৰিকল্পনা , সকলো আকাংক্ষা .... এই সমূহৰ অংগাংগি দিশ তথা জীৱনৰ ইন্ধন আমাৰ এই ব্যস্ততা । আমি সকলো পাহৰিলেও ব্যস্ত হবলৈ নাপাহৰো । ই আমাৰ অতিকৈ ভাল দিশ । নিৰ্দিষ্ট উদ্দেশ্য , নিৰ্দিষ্ট লক্ষ্য , নিৰ্দিষ্ট মনোবাঞ্ছাৰ বাবে আমি আমাৰ কৰ্মৰ জৰিয়তে ব্যস্ততাৰ সহচৰ হব লাগিবই । আমি সমাজ পাতি বাস কৰা প্ৰাণী । আমি কৰ্মৰ মাজতে ধৰ্ম বিচাৰি পোৱাৰ এটি বৃহৎ প্ৰজাতি । সকলো দিশৰ পৰাই আমি উন্নত । আমি সম্পূৰ্ণ বিকশিত । সেয়ে আমি বিকাশ ভালপাওঁ । বিকাশ আৰু উন্নতিৰ বাবে ব্যস্ততা লাগে আৰু সেই ব্যস্ততা উৎসৰ্গিত হ ' ব লাগে । কিন্তু সেই উৎসৰ্গা যেন এতিয়া বহুক্ষেত্ৰত উহ্য হৈ থাকে । এৰা ..... উহ্যতাৰ কথা কওঁতে মনলৈ আহিল ..... সমাজে আমাৰ ব্য...