Posts

Showing posts from 2017

জীৱনৰ সোঁৱে বাঁওে

জীৱনৰ সোঁৱে বাঁওে   ........ দেৱজিৎ ভৰালী । কথাটো এনেকুৱা নহয় যে জীৱনটো নাটকীয় । হয়টো কথাটো এনেধৰণৰ যে জীৱনৰ বিভিন্ন পৰিস্থিতিত আমাৰ অভিনয়ে জীৱনক নাটকীয় ৰূপ দি যায় । আমাৰ প্ৰচেষ্টা প্ৰকৃততে সকলো সময়তে এয়াই থাকে যে সমগ্ৰ জীৱন সত্তাৰ সতে আমি একাত্ম হৈ আগুৱাই যাওঁ .... কিন্তু বহসময়ত বহু চিন্তাই আমাক স্থবিৰ কৰি পেলাই । আমি চিন্তা কৰোঁ আৰু ভাবোঁ   যে কিদৰে কিহৰ দ্বাৰা একোটা সমাধানৰ  পথ বিচাৰি   পোৱা যায় । আমি সুখ সন্ধান কৰাৰ পথবোৰ সততে বিচাৰি নাপাওঁ । কেতবোৰ নিমিলা অংকই সেই সুখৰ উত্তৰ বিচাৰি উলিওৱাত বাধা দিয়ে । কিন্তু আমাৰ প্ৰয়াস অটুট  থাকে । বহুসময়ত সময়ে আমাক বিচলিত কৰে । কিন্তু নিজকে চম্ভালি লোৱাৰ আমাৰ যি শক্তি সেয়া সময়েই আমাক দি যায় । কেতিয়াবা উজুটি , কেতিয়াবা খোকোজা , কেতিয়াবা বেমেজালি , কেতিয়াবা যুঁজ , কেতিয়াবা মিতিৰালি , কেতিয়াবা হতাশা , কেতিয়াবা নিৰাশা , কেতিয়াবা চকুপানী আৰু কেতিয়াবা হাঁহি । এইবোৰ আমাৰ জীৱনে নিৰ্ধাৰণ কৰে আৰু সেই নিৰ্ধাৰণ কৰা প্ৰক্ৰ...

।। জীৱন-ৰেখা ।।

।। জীৱন-ৰেখা ।।                          ........দেৱজিৎ ভৰালী । কষ্ট । জীৱনৰ এডাল ৰেখা । জীৱন পোৱাৰ দিনাই অংকন কৰা এই ৰেখাডাল আজীৱন থাকি যায় । বহু চেষ্টা কৰে জীৱনে ৰেখাডাল মচি পেলাবলৈ কিন্তু সেই চেষ্টা ব্যৰ্থ হয় সৰহভাগ সময়তে । আচলতে সময়েই লগ নিদিয়ে সেই কাৰ্যত । জীৱনে তেন্তে কিয় উপলব্ধি কৰিব নোৱাৰে... সেই ৰেখাডাল যে এডাল জীৱনৰেখা ? কিয় বুমেৰাং হৈ ঘুৰি আহিব বুলি জানিও  বাৰে বাৰে চেষ্টা কৰে সেইডাল দলিয়াই পেলাবলৈ ? কিয় জীৱনে বোধ নকৰে যে কষ্টৰ ৰেখাডাল সজীৱ হৈ আছে মানেই জীৱন আছে ? এৰা...... নকৰে হয়তো এইকাৰণেই...... যে জীৱন সুখ পিয়াসী ,  হৰ্ষ পিয়াসী । জীৱনক উপভোগ লাগে , আনন্দ লাগে , বিনোদ লাগে , জীৱনক বিশ্ৰাম লাগে । জীৱন লৱৰি ফুৰে ; জীৱন দৌৰি ফুৰে  এনে কিছু পাৰ্থিৱতাৰ দিশে য'ত কষ্টৰ কোনো স্থান নাই । তাতনো কেনেকৈ থাকিব । সেই ৰেখাডাল দেখোন জীৱনতেই আছে । জীৱনে সেই পাৰ্থিৱতাৰ পৰশত একধৰণৰ মছগুল হৈ পৰে । সেই মছগুল প্ৰবৃত্তিয়েই আচলতে জীৱনৰ  কষ্টৰ ৰেখা...

।। ৰত্নৰ অন্বেষণ ।।

Image
।। ৰত্নৰ অন্বেষণ ।।                                                    দেৱজিৎ ভৰালী ।  মানৱ সৃষ্ট চিন্তা আৰু নীতিৰ দ্বাৰাই সমাজ সদায় উদ্ভাসিত হৈ আহিছে । ভিন ভিন পৰিস্থিতি তথা মানৱৰ চিন্তাধাৰাৰ মাজেৰে সমাজে নিজৰ অৱস্থিতি নিৰ্ণয় কৰে । সমাজৰ উত্থান আৰু পতনৰ কাৰক একমাত্ৰ মানৱ জাতি । আমাৰ দ্বাৰাই সমাজে নানান ৰূপ পায় । কিন্তু সাম্প্ৰতিক সময়ছোৱাত পৰিলক্ষিত হোৱা কথাটো হৈছে  সমাজৰ দিশ নিৰ্দ্ধাৰণ কৰিব পৰা আমাৰ যি শক্তি, সেই শক্তি আমি কিমান সযতনে আৰু কিমান সচেতন ভাৱে প্ৰয়োগ কৰিছো, সেয়া । সমাজৰ কেউকাষে চকু ফুৰালেই আমি নিজেই নিজৰ সত্বাক হেয় জ্ঞান কৰাৰ এটি পৰিস্থিতিৰ উদ্ভৱ হয় । আমি এচামে প্ৰায়ে এইবোৰ পৰ্যবেক্ষণ কৰি সচকিত হওঁ আৰু তেনে পৰিস্থিতিৰ উপশম ঘটাবলৈ নানানটা ব্যৱস্থাৰ পোষকতাও কৰোঁ । কিন্তু সেয়া ফলপ্ৰসু হোৱাৰ বাটত আমিয়েই কেতবোৰ বাধাৰ সৃষ্টি কৰোঁ । আমি বিশ্বাস কৰোঁ যে সকলো উচিত হব, কিন্তু বহুসময়ত সেই চিন্তাই বাস্তৱ ৰূপ নাপায় । আৰু যেতিয়াই আমি স...

।।অনুভৱৰ দুশাৰী ।।

। । অনুভৱৰ দুশাৰী ।।                                দেৱজিৎ ভৰালী  কোষত থকাৰে দিনৰে পৰা আজিলৈকে মাথোঁ মৰমকে ঢালিছ । তোৰ বুকুৰ কোঁহে কোঁহে এসোপা আৱদাৰৰ ফেঁহুজালি । দিন , ক্ষণ , লগ্নৰ কথা নাই, কেৱল দিবলৈহে শিকিলি...। '' বিনিময়' শব্দটো তোৰ অভিধানত নাই । খংবোৰতো দেখো মৰমৰ বুলনি, চিৰিপনিৰ কোব'তো থাকে স্নেহ অঞ্জলি  । তই এটি বিস্ময়, ঈশ্বৰৰ  অংগ । ধাৰ সুজাৰ কথা ভাৱিবই নোৱাৰোঁ । মোৰ জীৱনৰ এটি প্ৰাৰ্থনা তই । মা !  তোলৈ মোৰ কথাৰ অভাৱ । অনুভৱ কৰিবলৈকে দে , মা, মাথোঁ অনুভৱ কৰিবলৈ দে । ( "মা" লৈ উৎসৰ্গিত ।) 

।। মন , জীৱন আৰু আৱৰণ ।।

।। মন , জীৱন আৰু আৱৰণ ।।                                                        ✍🏻 দেৱজিৎ ভৰালী  জীৱন যত' দূৰলৈকে । মন তাৰ সাৰথি । চিন্তাৰ সোপানবোৰে খোদিত কৰি যোৱা মনৰ প্ৰতিটো দিশে জীৱনৰ গতি নিৰ্ধাৰণ কৰি যায় । এনে কোনো কথা নাই যে সকলো সম্ভৱ হবই লাগিব বা সকলো গ্ৰহণ নকৰিবই লাগিব । বিচৰা , নিবিচৰা , পোৱা , নোপোৱাৰ মাজত এটি গ্ৰহণযোগ্য অৱস্থিতি মনৰ মাজত বৰ্তাই ৰখাটো আমাৰ জীৱনৰ বাবে মংগল । তেতিয়া দুখবোৰে লাই কমকৈ পাই । সত্যতা সকলোতে লুকাই থাকে । আনকি মিছাৰ আঁৰতো । সেয়ে সেই সত্যতাৰ বাবে আমি আমাৰ জীৱনক অনবৰতে প্ৰস্তুত কৰি ৰখাতো প্ৰয়োজন  ।  সাধাৰণতেই জীৱনে অলীক ধাৰণাৰ আৱৰণ এখন আমৃত্যু মেৰিয়াই ৰাখে । মনে সেই আৱৰণখনৰ সতে সহবাস কৰি ভাল পায় আৰু জীৱনক বহু সময়ত কেতবোৰ আপাত' চিন্তাৰ বোজা দিয়ে । সেই বোজা বহুসময়ত জীৱনে কঢ়িয়াই ভাল পায় আৰু উপভোগ কৰে । কিন্তু বহুসময়ত সেই বোজাই অত্যন্ত বোজা দি জীৱনক হাঁউলাই পেলায় । পুনৰ পোন হবলৈ অৱকাশ নিদিয়ে ...

||ৰং বোৰ এনেদৰেই ছটিয়াই...... জীৱনৰ||

 । ।ৰং বোৰ এনেদৰেই ছটিয়াই...... জীৱনৰ ।।                                                                                                                                     দেৱজিৎ ভৰালী                                                                                                                                       ...

লুকাই থকা প্ৰজ্ঞাকণ

লুকাই থকা প্ৰজ্ঞাকণ     ...Debojit Bharali আমি স্বীকাৰ কৰিলেও বা নকৰিলেও আমি জানো ...... আমাৰ মাজত জীৱনৰ ভাল আৰু বেয়াৰ উপাদান সমূহৰ এটা সংমিশ্ৰণ থাকেই । আৰু সেই সমূহৰ দ্বাৰাই সমাজ এখনৰ দিশ নিৰ্ণিত হয় ।   এতিয়া কথা হ ' ল । সেই সংমিশ্ৰণৰ ভাৰসাম্যৰ ধাৰাতো কেনেদৰে অব্যাহত থাকিলে আমাৰ মংগল হব সেয়া । আমি বিভিন্ন পৰিস্থিতিৰ মাজেৰে আহি অভিজ্ঞতা পুষ্ট হওঁ । সেই পৰিস্থিতি সমূহে আমাক ভিন ভিন ধৰণে শিকাই যায় । আমি আগবাঢ়ো , পৰিস্থিতিয়ে আৰু শিকাই ।   দৈনন্দিন কাৰ্যক্ষেত্ৰ খনত আমি সমাজৰ নানান উপাদান সমূহৰ সৈতে মূখামুখি হওঁ । বহু জনৰ সান্নিধ্যত আমি নানান কথা শিকি বুজি নিজকে এটা এনে পৰ্যায়লৈ লৈ যাওঁ যিটো পৰ্যায়ত আমি নিজৰ সতে পুনৰবাৰ চিনাকি হওঁ । সেই শিকি অহা কথাবোৰ আমি মন্থন কৰোঁ । সেই মন্থনৰ পৰা পৃথক পৃথক ধৰণৰ জীৱনৰ প্ৰমূল্য সমূহ উদ্ভৱ হৈ ওলাই আহে । সেই প্ৰমূল্য সমূহৰ নানানটা দিশ সূচনা হয় । কিছু কিছু ভাল দিশৰ লগতে কিছু কিছু বেয়া দিশৰো সূচ...