।। ৰত্নৰ অন্বেষণ ।।
।। ৰত্নৰ অন্বেষণ ।।
দেৱজিৎ ভৰালী ।
মানৱ সৃষ্ট চিন্তা আৰু নীতিৰ দ্বাৰাই সমাজ সদায় উদ্ভাসিত হৈ আহিছে । ভিন ভিন পৰিস্থিতি তথা মানৱৰ চিন্তাধাৰাৰ মাজেৰে সমাজে নিজৰ অৱস্থিতি নিৰ্ণয় কৰে । সমাজৰ উত্থান আৰু পতনৰ কাৰক একমাত্ৰ মানৱ জাতি । আমাৰ দ্বাৰাই সমাজে নানান ৰূপ পায় ।
কিন্তু সাম্প্ৰতিক সময়ছোৱাত পৰিলক্ষিত হোৱা কথাটো হৈছে সমাজৰ দিশ নিৰ্দ্ধাৰণ কৰিব পৰা আমাৰ যি শক্তি, সেই শক্তি আমি কিমান সযতনে আৰু কিমান সচেতন ভাৱে প্ৰয়োগ কৰিছো, সেয়া । সমাজৰ কেউকাষে চকু ফুৰালেই আমি নিজেই নিজৰ সত্বাক হেয় জ্ঞান কৰাৰ এটি পৰিস্থিতিৰ উদ্ভৱ হয় । আমি এচামে প্ৰায়ে এইবোৰ পৰ্যবেক্ষণ কৰি সচকিত হওঁ আৰু তেনে পৰিস্থিতিৰ উপশম ঘটাবলৈ নানানটা ব্যৱস্থাৰ পোষকতাও কৰোঁ । কিন্তু সেয়া ফলপ্ৰসু হোৱাৰ বাটত আমিয়েই কেতবোৰ বাধাৰ সৃষ্টি কৰোঁ । আমি বিশ্বাস কৰোঁ যে সকলো উচিত হব, কিন্তু বহুসময়ত সেই চিন্তাই বাস্তৱ ৰূপ নাপায় । আৰু যেতিয়াই আমি সেই কথা অনুধাৱন কৰি চাওঁ, তেতিয়াই আমি আমাৰ মাজতেই কেতবোৰ কেৰোণ বিচাৰি পাওঁ । কিন্তু পৰিতাপৰ কথাটো এই যে, সকলো জানি বুজিও আমি নিজকে সত্যতাৰ প্ৰতি পতিয়ন নিনিওৱাৰ কেতবোৰ যুক্তি নিজৰ মাজতে বান্ধি ৰাখোঁ আৰু 'মই অকলে চিন্তা কৰি কি কৰিম' ধৰণৰ মানসিকতাৰ পোষণ কৰোঁ । আৰু তাৎক্ষণিক ভাৱে সেইমুহূৰ্ততেই সমাজে নিজৰ অস্তিত্বৰ প্ৰতি শংকিত হয় ।
অবাঞ্চিত কাৰ্য কলাপৰ বোজাই আজিৰ সমাজখনক বাৰুকৈয়ে আঘাত সানিছে । সমাজখন প্ৰায় মৃতপ্ৰায় হৈ পৰিছে । তাৰবাবে জগৰীয়া জীৱজগতৰ অন্য কোনো জীৱকূল নহয় । তাৰবাবে জগৰীয়া কেৱল আমি । আজি বন্যহস্তীয়ে কাৰোবাৰ পঁজা ভাঙিছে, তাৰবাবে জগৰীয়া আমি ; প্ৰকৃতিয়ে অস্বাভাৱিক ভাৱে নিজৰ ৰূপ সলাইছে, তাৰবাবে জগৰীয়া আমি ; আজি এচামে অনাহাৰে দিন নিয়াইছে, তাৰবাবে জগৰীয়া আমি ; দলিত শ্ৰেণীয়ে নিজৰ ন্যাৰ্য প্ৰাপ্ৰ্যৰ পৰা বঞ্চিত হৈছে, তাৰবাবে জগৰীয়া আমি । এনে বহু কাৰণ আৰু আহুকালৰ কাৰক আমি সমাজৰ মানৱ শ্ৰেণীয়েই ।
তথাপি সমাজে নিজ ভাৰসাম্য বজাই ৰাখিছে । কাৰণ একেখন সমাজতে কিছু ৰত্নও লুকাই আছে আৰু নিজৰ আভাৰে সমাজৰ কেতবোৰ কোণ পোহৰাই ৰাখিছে । সেই ৰত্নগণে সমাজৰ উত্তৰণৰ চিন্তা অহৰহ কৰিব লাগিছে । তেওঁলোকে সমাজৰ শুশ্ৰূষাত নিজকে নিয়োগ কৰিছে । কিন্তু সমাজৰ অন্যান্য কোণবোৰ অন্ধকাৰত ডুবিবলৈ ধৰিছে... ৰত্নৰ পোহৰে সেই অন্ধকাৰ কোণবোৰ ঢুকি পাবলৈ প্ৰায় অক্ষম হৈছে আৰু লাহে লাহে সেই অন্ধকাৰৰ প্ৰকোপ বাঢ়িবলৈ ধৰিছে ।
উদ্ভাসিত সমাজৰ এই অন্ধকাৰ কোণ সমূহ উজ্বলাবলৈ আমাক আৰু বেছি ৰত্নৰ প্ৰয়োজন হৈছে । আৰু সেই ৰত্ন আমাৰ মাজতেই হয়টো লুকাই লুকাই আছে ।
আহক, আমি ৰত্ন অন্বেষণৰ প্ৰাৰম্ভণ আমাৰ নিজ নিজ মণিকোঠৰ পৰাই কৰোঁ ।
সমাজ পুনৰবাৰ উদ্ভাসিত হব ।

Comments
Post a Comment