জীৱনৰ সোঁৱে বাঁওে
জীৱনৰ সোঁৱে বাঁওে
........দেৱজিৎ ভৰালী ।
কথাটো এনেকুৱা নহয় যে জীৱনটো নাটকীয় । হয়টো কথাটো এনেধৰণৰ যে
জীৱনৰ বিভিন্ন পৰিস্থিতিত আমাৰ অভিনয়ে জীৱনক নাটকীয় ৰূপ দি যায় । আমাৰ প্ৰচেষ্টা প্ৰকৃততে সকলো সময়তে এয়াই থাকে যে সমগ্ৰ জীৱন সত্তাৰ সতে আমি একাত্ম হৈ আগুৱাই যাওঁ....
কিন্তু বহসময়ত বহু চিন্তাই আমাক স্থবিৰ কৰি পেলাই । আমি চিন্তা কৰোঁ আৰু ভাবোঁ যে কিদৰে কিহৰ দ্বাৰা একোটা সমাধানৰ পথ বিচাৰি পোৱা যায় ।
আমি সুখ সন্ধান কৰাৰ পথবোৰ সততে বিচাৰি নাপাওঁ । কেতবোৰ নিমিলা অংকই সেই সুখৰ উত্তৰ বিচাৰি উলিওৱাত বাধা দিয়ে । কিন্তু আমাৰ প্ৰয়াস অটুট থাকে । বহুসময়ত সময়ে আমাক বিচলিত কৰে । কিন্তু নিজকে চম্ভালি লোৱাৰ আমাৰ যি শক্তি সেয়া সময়েই আমাক দি যায় । কেতিয়াবা উজুটি ,
কেতিয়াবা খোকোজা , কেতিয়াবা বেমেজালি , কেতিয়াবা যুঁজ
, কেতিয়াবা মিতিৰালি , কেতিয়াবা হতাশা , কেতিয়াবা নিৰাশা , কেতিয়াবা চকুপানী আৰু কেতিয়াবা হাঁহি । এইবোৰ আমাৰ জীৱনে নিৰ্ধাৰণ কৰে আৰু সেই নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াৰ আঁৰত সময়েই থাকে ।
এটি নিৰবছিন্ন সুস্থ প্ৰচেষ্টাৰ অনুভৱ আমাৰ আমৃত্যুলৈ থাকক । জীৱনৰ সুস্থতা তাতেই লুকাই থাকিব । সময়ে তেতিয়া লগ দি সুখবোৰ কঢ়িওৱাত সহায় কৰিব.... যিবোৰ ইতিমধ্যে লুকায়েই থাকে জীৱনৰ সোঁৱে বাঁৱে ।
Comments
Post a Comment