।।অনুভৱৰ দুশাৰী ।।
।। অনুভৱৰ দুশাৰী ।।
দেৱজিৎ ভৰালী
কোষত থকাৰে দিনৰে পৰা
আজিলৈকে মাথোঁ
মৰমকে ঢালিছ ।
তোৰ বুকুৰ কোঁহে কোঁহে
এসোপা আৱদাৰৰ ফেঁহুজালি ।
দিন , ক্ষণ , লগ্নৰ কথা নাই,
কেৱল দিবলৈহে শিকিলি...।
'' বিনিময়' শব্দটো
তোৰ অভিধানত নাই ।
খংবোৰতো দেখো মৰমৰ বুলনি, চিৰিপনিৰ কোব'তো থাকে
স্নেহ অঞ্জলি ।
তই এটি বিস্ময়,
ঈশ্বৰৰ অংগ ।
ধাৰ সুজাৰ কথা ভাৱিবই নোৱাৰোঁ ।
মোৰ জীৱনৰ এটি প্ৰাৰ্থনা তই ।
মা ! তোলৈ মোৰ কথাৰ অভাৱ ।
অনুভৱ কৰিবলৈকে দে ,
মা, মাথোঁ অনুভৱ কৰিবলৈ দে ।
( "মা" লৈ উৎসৰ্গিত ।)
দেৱজিৎ ভৰালী
কোষত থকাৰে দিনৰে পৰা
আজিলৈকে মাথোঁ
মৰমকে ঢালিছ ।
তোৰ বুকুৰ কোঁহে কোঁহে
এসোপা আৱদাৰৰ ফেঁহুজালি ।
দিন , ক্ষণ , লগ্নৰ কথা নাই,
কেৱল দিবলৈহে শিকিলি...।
'' বিনিময়' শব্দটো
তোৰ অভিধানত নাই ।
খংবোৰতো দেখো মৰমৰ বুলনি, চিৰিপনিৰ কোব'তো থাকে
স্নেহ অঞ্জলি ।
তই এটি বিস্ময়,
ঈশ্বৰৰ অংগ ।
ধাৰ সুজাৰ কথা ভাৱিবই নোৱাৰোঁ ।
মোৰ জীৱনৰ এটি প্ৰাৰ্থনা তই ।
মা ! তোলৈ মোৰ কথাৰ অভাৱ ।
অনুভৱ কৰিবলৈকে দে ,
মা, মাথোঁ অনুভৱ কৰিবলৈ দে ।
( "মা" লৈ উৎসৰ্গিত ।)
Comments
Post a Comment