গণতন্ত্ৰ নে স্বৈৰতন্ত্ৰৰ পূৰ্বাভাস !
গণতন্ত্ৰ নে স্বৈৰতন্ত্ৰৰ পূৰ্বাভাস ! দেৱজিৎভৰালী ভাৰতবৰ্ষৰ ”গণতান্ত্ৰিক ব্যৱস্থা” দেশৰ লৌহ গম্বুজস্বৰূপ ।আৰু দেশৰ সংবিধান দেশৰ আত্মাসদৃশ।গণৰাজ্য দিৱসে দেশৰ সংবিধান ৰচনাৰ চূড়ান্ত বিশেষ দিনটোৰ লগতে একতা , অখণ্ডতা তথা জনসাধাৰণমুখী উক্ত ব্যৱস্থাটোক সোঁৱৰাই দিয়ে।ঔপনিৱেশিক ( বৃটিছ ) শাসনৰ পৰা এচামে আত্মবলিদান , ত্যাগেৰে দেশৰ এই স্বকীয় ধাৰাটোক অক্ষত কৰিলে।দেশ স্বাধীন হ’ল। বিগত ৭০-৭৫ দশকজোৰা বৃহৎ সময়ছোৱাত দেশে বহুতো দেখিলে , বহুতো সহিলে। গণতন্ত্ৰৰ বহুসময়ত মৃত্যু হ’ল , বহুসময়ত পুনঃস্থাপন হ’ল। তৎসত্ত্বেও এই উত্থান-পতনৰ আখ্যানে দেশৰ এনে স্বকীয় ব্যৱস্থাক এতিয়াও জিলিকাই ৰখাত সমৰ্থ হোৱাৰ আঁৰতে হ’ল দেশবাসীৰ এই ব্যৱস্থাৰ ওপৰত থকা অগাধ আস্থা আৰু বিশ্বাস।আবাল , বৃদ্ধ , বনিতাৰ পৰা শিশুটিলৈকে যেতিয়া ৰাষ্ট্ৰীয় পতাকাখনিত দৃষ্টিনিৱদ্ধ হয় , মনলৈ মাথোঁ এটা ধাৰণাই আহে-ভাৰত দেশ স্বাধীন , স্বকীয় , চিৰউন্নত শিৰেৰে , খামি ডাঠ বুকুৰে সদায় মহান হৈ ৰোৱা গণতন্ত্ৰৰ এক দিগন্ত বিয়পা সত্তা। কিন্তু মূল চিন্তনীয় প্ৰসংগটো হ’ল গণৰাজ্য দিৱস উদযাপনৰ সাম্প্ৰতিক যি বাহ্যিক ধামখুমীয়া যথা- দিল্লীৰ কৰ্তব্যপথত বিভ...