Posts

গণতন্ত্ৰ নে স্বৈৰতন্ত্ৰৰ পূৰ্বাভাস !

Image
  গণতন্ত্ৰ নে স্বৈৰতন্ত্ৰৰ পূৰ্বাভাস ! দেৱজিৎভৰালী   ভাৰতবৰ্ষৰ ”গণতান্ত্ৰিক ব্যৱস্থা” দেশৰ লৌহ গম্বুজস্বৰূপ ।আৰু দেশৰ সংবিধান দেশৰ আত্মাসদৃশ।গণৰাজ্য দিৱসে দেশৰ সংবিধান ৰচনাৰ চূড়ান্ত বিশেষ দিনটোৰ লগতে একতা , অখণ্ডতা তথা জনসাধাৰণমুখী উক্ত ব্যৱস্থাটোক সোঁৱৰাই দিয়ে।ঔপনিৱেশিক ( বৃটিছ ) শাসনৰ পৰা এচামে আত্মবলিদান , ত্যাগেৰে দেশৰ এই স্বকীয় ধাৰাটোক অক্ষত কৰিলে।দেশ স্বাধীন হ’ল। বিগত ৭০-৭৫ দশকজোৰা বৃহৎ সময়ছোৱাত দেশে বহুতো দেখিলে , বহুতো সহিলে। গণতন্ত্ৰৰ বহুসময়ত মৃত্যু হ’ল , বহুসময়ত পুনঃস্থাপন হ’ল। তৎসত্ত্বেও এই উত্থান-পতনৰ আখ্যানে দেশৰ এনে স্বকীয় ব্যৱস্থাক এতিয়াও জিলিকাই ৰখাত সমৰ্থ হোৱাৰ আঁৰতে হ’ল দেশবাসীৰ এই ব্যৱস্থাৰ ওপৰত থকা অগাধ আস্থা আৰু বিশ্বাস।আবাল , বৃদ্ধ , বনিতাৰ পৰা শিশুটিলৈকে যেতিয়া ৰাষ্ট্ৰীয় পতাকাখনিত দৃষ্টিনিৱদ্ধ হয় , মনলৈ মাথোঁ এটা ধাৰণাই আহে-ভাৰত দেশ স্বাধীন , স্বকীয় , চিৰউন্নত শিৰেৰে , খামি ডাঠ বুকুৰে সদায় মহান হৈ ৰোৱা গণতন্ত্ৰৰ এক দিগন্ত বিয়পা সত্তা। কিন্তু মূল চিন্তনীয় প্ৰসংগটো হ’ল গণৰাজ্য দিৱস উদযাপনৰ সাম্প্ৰতিক যি বাহ্যিক ধামখুমীয়া যথা- দিল্লীৰ কৰ্তব্যপথত বিভ...

প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা

Image
  প্লাষ্টিক  :  মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা   দেৱজিৎ ভৰালী   মানৱ সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান - প্ৰযুক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছে । আৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন উদ্ভাৱনে মানৱজীৱন সূচলতৰ কৰি তুলিছে । কিন্তু তাৰো সমান্তৰালভাৱে মানুহৰ জ্ঞাতে-অজ্ঞাতে প্ৰকৃতিয়ে ইয়াৰ কুফল বাৰুকৈয়ে ভূগিবলগাত পৰিছে। পৰিতাপৰ কথা এইখিনিতেই আহি পৰে ।   আমি দোপদ - দোপে উন্নতি কৰাৰ লগেলগে প্ৰকৃতিলৈ যিমান পাৰোঁ আমাৰ দ্বাৰা বৰ্জনীয় প্ৰতিদান দিবলৈ ধৰিলোঁ । আৰু প্ৰকৃতিয়ে এই প্ৰতিদানক বিনা চৰ্তে গ্ৰহণ কৰি সহি সহি গৈ থাকিল , গৈ আছে । তথাকথিত বিজ্ঞানৰ জয়যাত্ৰাৰ পথৰেই কোনোবাচোৱা কেঁকুৰিত বেকেলাইট্ ( ১৯০৭ ) নামৰ এবিধ আচৰিত ভৌত মানৱ সমাজে আৱিষ্কাৰ কৰি উলিয়ালে আৰু এই ভৌতৰ সহজাত নাম পৰিল “ প্লাষ্টিক ” । এইবিধ পদাৰ্থৰ গুণাগুণে একপ্ৰকাৰে মানৱসমাজৰ বাবে আশীৰ্বাদতুল্য তথা চমকপ্ৰদ হৈ ধৰা দিলে । অতিশয় কম খৰচী , সহজলভ্য উৎপাদন , বহুমুখী ব্যৱহাৰ , মাটি - পানী-বায়ু ক’তোৱেই নষ্ট নোহোৱা গুণৰ অধিকাৰী এইবিধ ভৌতৰ আচৰিত চৰিত্ৰই সকলোকে বৰ আকৃষ্ট কৰিলে আৰু লগে...