ক্ৰিপ্ট’গ্ৰাফী : তথ্যৰ সুৰক্ষা কৱচ
ক্ৰিপ্ট’গ্ৰাফী : তথ্যৰ
সুৰক্ষা কৱচ
দেৱজিৎ ভৰালী
ক্ৰিপ্ট’গ্ৰাফী
এনে এক প্ৰক্ৰিয়া যাৰ
সহায়ত কেতবোৰ সুৰক্ষাবিধিৰে তথ্যৰ
আদান-প্ৰদান বা সৰবৰাহ কৰা হয় ৷ তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰখনৰ
এক অভিন্ন অংশস্বৰূপ তথা
আমাৰ সকলোৰে এই ক্ষেত্ৰখনৰ ওপৰত
থকা পুৰামাত্ৰা নিৰ্ভৰশীলতালৈ
চাই ই এক প্ৰযুক্তিগত জটিল
বিষয় যদিও সকলোৰে এইক্ষেত্ৰত এক
সম্যক ধাৰণা বা আভাস থকাটো সম্প্ৰতি অতি
জৰুৰী বুলি বোধ হয় ৷
কম্পিউটাৰ বিজ্ঞান
তথা তথ্যপ্ৰযুক্তিৰ জগতখনত
ক্ৰিপ্ট’গ্ৰাফী বহুলভাৱে ব্যৱহাৰ
হয় ৷ ইয়াক বাদ দি তথ্যপ্ৰযুক্তিক কল্পনা
কৰিব নোৱাৰি ৷ সম্প্ৰতি এই
তথ্যপ্ৰযুক্তিৰ পৃথিৱীত
আমাৰ প্ৰায় সকলোবোৰ কামেই
ইন্টাৰনেটসেৱাৰ যোগেদি
সম্পন্ন হয়
৷ ইন্টাৰনেটৰ সহায়ত
আমি দৈনিক বিভিন্ন তথ্য
বা বহল অৰ্থত লাখ লাখ তথ্যৰ আদান-প্ৰদান চলে ৷ অনলাইন যোগে হ’ব পৰা অনলাইন কথোপকথন, অনলাইন বজাৰ-সমাৰ, অনলাইন পাঠদান, অনলাইন প্ৰশিক্ষণ, অনলাইন সভা-সমিতি, অনলাইন লেন-দেন ইত্যাদি যিয়েই
সেৱা নহওক কিয়, তথ্যৰ সৰবৰাহ অহৰহ হৈয়েই থাকে ৷ এই তথ্যসমূহ কোনো
তৃতীয়পক্ষৰ বা
কু-অভিপ্ৰায়
থকা ব্যক্তি বা
সংস্থাৰ হাতত
নপৰাকৈ আদান-প্ৰদান হোৱাটো অত্যন্ত জৰুৰী
বিষয় ৷ অন্যথা, তথ্যচৌৰ্যৰ দৰে
আসন্ন বিপদ অৱশ্যৱাম্ভী। গতিকে
এই তথ্যবোৰৰ কোনোধৰণৰ
বিকৃতি ঘটাব নোৱৰাকৈ তথ্যক
কেতবোৰ ক’ড্ বা সংকেতলৈ পৰিৱৰ্তিত
কৰি তাক সুৰক্ষিত ৰূপ
দি প্ৰেৰকৰপৰা ( sender ) প্ৰাপক (
receiver)ৰ
হাতত পৰিবলৈ সুবিধা কৰি দিয়া প্ৰক্ৰিয়াটোৱেই হ’ল
"ক্ৰিপ্ট’গ্ৰাফী" ৷
কম্পিউটাৰ বিজ্ঞানত
"এলগ’ৰিদম্ (Algorithm)"
বোলা এবিধ পৰিভাষা আছে
৷ যাৰ সহজ-সৰল অৰ্থ হ’ল " এক নীতিভিত্তিক গাণিতিক
গণনাৰ সংহতি/সূত্ৰ বা ইংৰাজীত A set of
rule based instructions or calculations বুলি ক’ব
পাৰি। নিৰ্দিষ্ট
এলগ’ৰিদমৰ সহায়ত বাৰ্তা বা তথ্যসমূহক একোটা
অভেদ্য ক’ডলৈ পৰিণত কৰিব পাৰি। কম্পিউটাৰ
বিজ্ঞানত "ক্ৰিপ্ট’গ্ৰাফী" এনে
এলগ’ৰিদমৰেই বা
গাণিতিক সূত্ৰ
বিন্যাসৰেই এটা
শাখা হিচাপে বিবেচিত হয়
৷ উল্লেখ্য যে
অনলাইনযোগে হোৱা
যিকোনো ধৰণৰ গোপনীয় সংযোগবাৰ্তা, ইন্টাৰনেট ব্ৰাউজিং, ডিজিটেল
স্বাক্ষৰ, অনলাইনযোগে অৰ্থৰ
লেন-দেন ইত্যাদিবোৰৰ বাবে
নিৰ্ধাৰিত এলগ’ৰিদমসমূহ
ব্যৱহৃত হয়
৷ মুঠতে ক’ব পাৰি আজিৰ তথ্যপ্ৰযুক্তিকেন্দ্ৰিক পৃথিৱীত
ক্ৰিপ্ট’গ্ৰাফীৰ
ভূমিকা অপৰিসীম ৷
সাধাৰণতে কৰা হয় কি : ক্ৰিপ্ট’গ্ৰাফীৰ
জৰিয়তে সাধাৰণতে প্ৰেৰকৰ
বাৰ্তা একোটা, য’ত সাধাৰণ লেখনৰ অৰ্থাৎ আমি ব্যৱহাৰ কৰা
আক্ষৰিক বিন্যাস
(Plaintext) ৰ ব্যৱহাৰ
হয় তাক সাংকেতিক বিন্যাসলৈ
ৰূপান্তৰিত কৰা
হয় যাক কোৱা হয় চাইফাৰটেক্সট্ (Ciphertext) ( অৱশ্যে
সমগ্ৰ প্ৰক্ৰিয়াটো নিৰ্ধাৰিত
এলগ’ৰিদমৰ যোগেদি বিভাগীয় কম্পিউটাৰ
বিশেষজ্ঞৰদ্বাৰা ইতিমধ্যেই
ছ’ফ্্টৱেৰ্ প্ৰগামিং
কৰি থোৱা থাকে) ৷ সেই দিশৰপৰা আমি
সাধাৰণ ব্যৱহাৰকৰ্তাসকল "এণ্ড
ইউজাৰ (End user)"-ৰ শাৰীত পৰোঁ। এই সমগ্ৰ
প্ৰক্ৰিয়াটোক কোৱা
হয় ডাটা এনক্ৰিপ্শ্বন্ (Encryption) বা
তথ্যৰ গোপনীয়কৰণ ৷
পুনৰ সেই প্ৰেৰিত বাৰ্তাক
প্ৰাপকে সহজাত
আক্ষৰিক ঠাঁচত
অৰ্থাৎ বুজিব পৰাকৈ লাভ কৰিবলৈ আক্ষৰিক বিন্যাসলৈ
পৰিৱৰ্তন কৰি
অগোপনীয়কৰণ কৰা হয়, যাক
কোৱা হয় ডিক্ৰিপ্শ্বন্ ( Decryption ) ৷
এই সমগ্ৰ প্ৰযুক্তিৰ বিশেষজ্ঞসকলক
ক্ৰিপ্ট’গ্ৰাফাৰ
বুলি কোৱা হয় ৷
ক্ৰিপ্ট’গ্ৰাফীৰ
শ্ৰেণীবিভাগ : প্ৰযুক্তিগত
পদ্ধতি আৰু প্ৰয়োগবিধিৰ ওপৰত
নিৰ্ভৰ কৰি ক্ৰিপ্ট’গ্ৰাফীক
বিভিন্ন শ্ৰেণীত
ভাগ কৰা হৈছে ৷
ছিমেট্ৰিক
ক্ৰিপ্ট’গ্ৰাফী
( Symmetric Cryptography ), এছিমেট্ৰিক
ক্ৰিপ্ট’গ্ৰাফী
( Asymmetric cryptography ) , ক্লাছিকেল
কী ক্ৰিপ্ট’গ্ৰাফী, ম’ডাৰ্ণ
কী ক্ৰিপ্ট’গ্ৰাফী, ট্ৰান্সপ’জিশ্বন্ চাইফাৰ্
২) চাবষ্টিটিউশ্বন্ চাইফাৰ্ ইত্যাদি, ক্ৰিপ্ট’গ্ৰাফীৰ
বিভিন্ন ভাগ
৷
এইসমূহৰ বিশ্লেষণ
অন্য এটি লেখাৰ বাবে আছুতীয়াকৈ থলোঁ
৷ সদ্যহতে এইলেখাত
ক্ৰিপ্ট’গ্ৰাফীৰ
এক সম্যক ধাৰণা দিবলৈহে প্ৰয়াস
কৰা হৈছে ৷
আধুনিক ক্ৰিপ্ট’গ্ৰাফীৰ
কেতবোৰ মূল উদ্দেশ্য হ’ল__
তথ্যৰ গোপনীয়তা ( Data confidentiality ) : তৃতীয়পক্ষই
কোনো উমান পাব নোৱৰাকৈ তথ্যৰ
গোপনীয়তা বাহাল
ৰখা।
তথ্যৰ সংঘবদ্ধতা ( Data integrity ) : কোনোকাৰণতে
তথ্যৰ কোনোধৰণৰ সালসলনি হ’বলৈ নিদিয়া
তথা সমগ্ৰ তথ্যক একত্ৰ কৰি ৰখা ৷
ব্যৱহাৰকৰ্তাৰ অগ্ৰাহ্যবৰ্জনীয়তা ( Non-repudiation ) : প্ৰেৰকে
এবাৰ তথ্য প্ৰেৰণ কৰাৰ পাছত তথা প্ৰাপকে সেই
তথ্য গ্ৰহণ কৰাৰ পাছত তাত তেখেতলোকৰ সেই
তথ্য অগ্ৰাহ্যতা নাখাটে
৷ উদাহৰণস্বৰূপে যদি
প্ৰেৰকে প্ৰাপকলৈ
" কাইলৈ লগ হ’ম " বোলা কোনো বাৰ্তা প্ৰেৰণ কৰিছে, তেন্তে সেই বাৰ্তা প্ৰাপকেও লাভ
কৰিব, তাত কাৰিকৰীভাৱে অগ্ৰাহ্য
বৰ্জনীয় হ’ব
৷
প্ৰমাণীকৰণ (
Authentication ) : প্ৰেৰক তথা প্ৰাপকৰ নিজা
পৰিচয়ৰ নিশ্চিতি লাভ
কৰাৰ লগতে বাৰ্তাৰ বা
তথ্যৰ উৎস ( source ) আৰু গন্তব্যস্থান ( destination )ৰো
নিশ্চিতি পোৱা
৷
ইতিহাসত এভুমুকি : গ্ৰীক
শব্দ 'Kryptos' ৰপৰা Crypto হৈছে ৷ Kryptos মানে গোপন ৷ খ্ৰী: পূৰ্ব ২০০০ চনত ইজিপ্তিয়ানসকলে ইয়াৰ
ব্যৱহাৰ জানিছিল
৷ পাছলৈ জুলিয়াছ চিজাৰে
আধুনিক সাংকেতিক চিহ্ন
( Modern cipher ) হিচাপে ইয়াৰ ব্যৱহাৰ কৰিছিল
৷ তেওঁ তেওঁৰ বাৰ্তাবাহকসকলক সম্পূৰ্ণৰূপে
বিশ্বাসত ল’ব
পৰা নাছিল ৷
বিশ্বৰ বিখ্যাত গণিতজ্ঞ, কম্পিউটাৰ
বিজ্ঞানীসকলৰ বাবে
ক্ৰিপ্ট’গ্ৰাফী
একপ্ৰকাৰৰ যুদ্ধক্ষেত্ৰৰ
দৰেই হৈ পৰিছে, যিহেতু ক্ৰিপ্ট’গ্ৰাফী
কৌশলৰ বহুল ব্যৱহাৰৰ যোগেদি
সংবেদনশীল তথ্যৰাজিক
এক উৎকৃষ্টমানৰ সুৰক্ষা
প্ৰদান কৰিব পাৰি ৷ জনপ্ৰিয় সামাজিক
বাৰ্তাপ্ৰেৰণৰ মাধ্যম
হুৱাটচএপৰ "এণ্ড টু
এণ্ড এনক্ৰিপশ্বন ( End to end encryption
) পদ্ধতিও এই
ক্ৰিপ্ট’গ্ৰাফীৰেই
অৱদান ৷ গতিকে, তাত সমূহ আদান-প্ৰদান তথ্যৰাজি সুৰক্ষিত
হৈ থকাৰ লগতে ব্যৱহাৰকাৰীৰ গোপনীয়তা
বৰ্তি থাকে ৷ এনে উদাহৰণ অলেখ আছে ৷ তথ্যৰ কৰ্ষণ বৰ্তি থকালৈকে ক্ৰিপ্ট’গ্ৰাফী
প্ৰযুক্তিয়ো বৰ্তি
থাকিব ৷
ফ’ন: ৯৮৫৪৫৩৯০৬১

Comments
Post a Comment