|| ফাইভ্ জি ∶ শংকা আৰু সম্ভাৱনা ||

 


 

ফাইভ্ জি শংকা আৰু সম্ভাৱনা 

দেৱজিৎ ভৰালী

 

ফাইভ্ জি ( ফিফ্থ্ জেনেৰেশ্বন্ ) প্ৰযুক্তি অনাতাঁৰ দূৰসংযোগ ( Wireless communication ) প্ৰযুক্তিৰ এক অত্যাধুনিক, উন্নতমানৰ সংযোজন। তথ্য প্ৰেৰণৰ বাবে অতিকৈ দক্ষ এইবিধ উন্নত প্ৰযুক্তিৰ বাইল নকে সামৰি অন্যান্য তথ্য সৰবৰাহকাৰী সঁজুলি বা আহিলাৰ ( ব্লুটুথ্ আহিলা, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ইত্যাদি) ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ হয় ২০১৯ বৰ্ষত এইবিধ প্ৰযুক্তিৰ প্ৰাৰম্ভণ ঘটে লগতে কেতবোৰ শংকাৰো সূচনা হয়

ফাইভ্ জি প্ৰযুক্তিয়ে মানৱ জীৱনৰ গতি আৰু অধিক তীব্ৰতৰ কৰি তুলিছে বা তুলিব বুলি লেও বঢ়াই কোৱা নহব। এইবিধ প্ৰযুক্তিৰদ্বাৰা অসম্ভৱকো সম্ভৱ কৰি তোলা হৈছে স্বয়ংচালিত গাড়ী ( self drive car ), দূৰৱৰ্তী চিকিৎসাপদ্ধতি ( Telemedicine ), দূৰৱৰ্তী নিৰীক্ষণ ব্যৱস্থা ( Remote surveillance ), দূৰৱৰ্তী শৈল্যচিকিৎসা পদ্ধতি ( Telesurgery ) ইত্যাদিবোৰ সেৱাৰ ক্ষেত্ৰত ফাইভ্ জি প্ৰযুক্তিৰ ভূমিকা অনস্বীকাৰ্য

শেহতীয়া তথ্যমতে, এইবিধ অনাতাঁৰ প্ৰযুক্তি সম্প্ৰতি বিশ্বৰ ৬১ খন দেশত আনুষ্ঠানিকভাৱে ব্যৱহৃত হৈ আছে তাৰে শীৰ্ষ ৰাষ্ট্ৰকেইখনমান হৈছে__ চীন ( প্ৰায় ৩৪১ খন চহৰ ), মাৰ্কিন যুক্তৰাষ্ট্ৰ ( প্ৰায় ২৭৯ খন চহৰ ) আৰু দক্ষিণ কোৰিয়া ( ৮৫ খন চহৰ ) ইয়াৰোপৰি বৃটেইন তথা স্পেইনতো এই প্ৰযুক্তিৰ ব্যৱহাৰ চলি আছে ভাৰতত ফাইভ্ জি প্ৰযুক্তিৰ মুকলিকৰণ সন্দৰ্ভত যোৱা মে’ ( ২০২১) মাহত সংক্ৰান্তীয় টেলিকম কোম্পানীসমূহে চৰকাৰৰ পৰা প্ৰযুক্তিবিধৰ পৰীক্ষণ স্তৰ ( Trial phase ) আৰম্ভণিৰ বাবে অনোমোদন লাভ কৰিছে

যি কি নহওক, ভাৰতত এই প্ৰযুক্তিৰ সূচনাক লৈ বা ইয়াৰ ব্যৱহাৰক লৈ শংকাৰ সৃষ্টি হৈছে বিভিন্ন মহলত বিভিন্ন ধৰণৰ আলোচনা, সমালোচনা, বিতৰ্ক আদিৰ সূত্ৰপাত হোৱা দেখা গৈছে প্ৰযুক্তিবিধৰ ব্যৱহাৰৰ ফলত প্ৰাকৃতিক পৰিৱেশ, মানুহকে ধৰি অন্যান্য জীৱকূল, চৰাই-চিৰিকতি আদিৰ বিস্তৰ ক্ষতি পাৰে বুলি কেতবোৰ ধাৰণাপ্ৰসূত চিন্তাৰ উদ্ৰেক ঘটিছে অলপতে বলিউদৰ অভিনেত্ৰী জুহি চাওলাই এই সন্দৰ্ভত ন্যায়ালয়ত গোচৰ তৰি চৰ্চালৈ অহা দেখা গৈছে ( স্মৰ্তব্য যে তেখেতৰ গোচৰ আদালতে নাকচ কৰি তেখেতক ২০ লক্ষ টকাৰ জৰিমনা বিহিছে )

ওপৰত ইতিমধ্যে উল্লেখ কৰা হৈছেই যে ফাইভ্ জি প্ৰযুক্তি অনাতাঁৰ দূৰসংযোগ বাইল প্ৰযুক্তিৰ এক উন্নতমানৰ নৱ সংযোজিত প্ৰযুক্তি ইয়াৰ পূৰ্বে ওৱান জি ( 1G ), টু জি ( 2G), থ্ৰি জি ( 3G ) আৰু ৰ্ জি ( 4G) প্ৰযুক্তিৰ ব্যৱহাৰ ভাৰতত হৈ গৈছে বা বৰ্তমানেও  (শেহতীয়াকৈ ৰ্ জি ) প্ৰযুক্তিৰ ব্যৱহাৰ হৈ আছে ফাইভ্ জি প্ৰযুক্তিত উল্লিখিত প্ৰযুক্তিসমূহৰ তুলনাত উচ্চ কম্পনাংক ( High frequency ) বিদ্যুৎচুম্বকীয় তৰংগৰ ব্যৱহাৰ হয় যাৰ সহায়ত সমগ্ৰ প্ৰযুক্তিবিধ উচ্চ দক্ষতাসম্পন্ন হয় তথা তথ্য প্ৰেৰণৰ হাৰ উচ্চ আৰু তীব্ৰতৰ হয় সাধাৰণতে তিনিপ্ৰকাৰৰ কম্পনাংক বেণ্ড ( Frequency Band ) যোগেদি কাম কৰে যথা নিম্ন বেণ্ড ( Low band ), মধ্যম বেণ্ড ( Medium Band ) আৰু উচ্চ বেণ্ড ( Higher Band ) এতিয়া কথা -- নিম্ন কম্পনাংক বেণ্ডৰ ফাইভ্ জি প্ৰযুক্তিয়ে প্ৰায় ৰ্ জি প্ৰযুক্তিৰ কম্পনাংক বেণ্ড ( ৬০০-৮০০ মেগাহাৰ্টজ ) দৰেই কাম কৰে কিন্তু ইয়াৰ ডাউনলড্ বেগ জিতকৈ অলপ বেছি হয় উচ্চ কম্পনাংক বেণ্ড ( ২৫ - ৩০ গিগাহাৰ্টজ্) অতি ব্যয়বহুল হোৱাৰ লগতে ইয়াৰ ব্যৱহাৰ স্বাভাৱিকতে মুকলিভাৱে নহয় কেতবোৰ বিশেষ নিৰ্ধাৰিত স্থান, অনুষ্ঠান, প্ৰতিষ্ঠানতহে ( বৃহৎ প্ৰেক্ষাগৃহ, ক্ৰীড়া ষ্টেডিয়াম, আই.টি পাৰ্ক ইত্যাদি ) হয় মধ্যম কম্পনাংক বেণ্ড ( . - . গিগাহাৰ্টজ্ ) ব্যৱহাৰহে সাধাৰণতঃ দূৰসংযোগ ব্যৱস্থাৰ বাবে হয় অৰ্থাৎ ফাইভ্ জি প্ৰযুক্তিৰ বহুল প্ৰয়োগ এই মধ্যম স্তৰৰ বেণ্ডৰ যোগেদি কৰা হয় ইয়াৰ বেগ প্ৰতিছেকেণ্ডত ১০০ ৰপৰা ৯০০ মেগাবিটচ্ ( Mbps ) পৰ্যন্ত হয়, যি উল্লিখিত অন্যান্য নেটৱৰ্ক প্ৰযুক্তিসমূহতকৈ বহুগুণে উচ্চদক্ষতাসম্পন্ন আগেয়ে উল্লেখ কৰা হৈছে যে উচ্চ কম্পনাংকৰ জৰিয়তে সৃষ্টি হোৱা বিদ্যুৎচুম্বকীয় তৰংগই তৰংগায়িত হৈ তথ্যসমূহ আদানপ্ৰদানৰ ভূমিকা লয় আৰু তৰংগৰ কেউফালে বিদ্যুৎচুম্বকীয় ক্ষেত্ৰ ( Electromagnetic Field ) সৃষ্টি কৰে। আৰু এই বিদ্যুৎচুম্বকীয় ক্ষেত্ৰই মানুহ তথা অন্য জীৱকূলৰ অপকাৰ সাধিব পাৰে বুলি শংকা ঘণীভূত হৈছে কিন্তু, উল্লেখ কৰিব বিচাৰোঁ যে ফাইভ্ জি প্ৰযুক্তি ক্ষতিকাৰক বুলি এতিয়ালৈকে কোনো প্ৰামাণিক তথ্য নাই এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যেই নিজা প্ৰতিবেদন সদৰি কৰিছে  ( সংস্থাটোৰ প্ৰতিবেদনটি এই লেখাৰ সতে সংযুক্ত কৰি দিয়া হৈছে )

এতিয়ালৈকে হোৱা বিভিন্ন গৱেষণা আৰু উপলব্ধ তথ্যৰ জৰিয়তে কেইটামান বিশেষ টোকা উনুকিয়াই দিয়া __

) বিদ্যুৎচুম্বকীয় তৰংগই শৰীৰৰ পেশী বা কলাসমূহ উত্তাপিত কৰিব পাৰে অৰ্থাৎ আমাৰ শৰীৰৰ ছালে বিদ্যুৎচুম্বকীয় তৰংগ শোষণ কৰে এয়া এক গতানুগতিক প্ৰক্ৰিয়া, সেয়ে বাইল নত বেছিসময় কথা পাতিলে আমাৰ কাণৰ অংশ গৰম হৈ পৰে (তথাপি) ফেডাৰেল কমিউনিকেশ্বনছ্ কমিছন, আমেৰিকাই ( FCC ) জনাইছে যে যি স্তৰত শৰীৰে এই তৰংগ শোষণ কৰে সেয়া অতি নগণ্য

) শৰীৰ পৰিচালনাত মগজুৰ সকলো ক্ৰিয়াকলাপ ( Cognitive functions ) ক্ষেত্ৰত বিদ্যুৎচুম্বকীয় তৰংগই বিকৃত প্ৰভাৱ পেলাব পৰা ধৰণৰ কোনো বিশেষ তথ্যসূত্ৰ এতিয়ালৈকে নাই

) বিশ্ব স্বাস্থ্য সংস্থাৰ এক ভাতৃ প্ৰতিষ্ঠান, ফ্ৰান্সৰ আন্তৰাষ্ট্ৰীয় কৰ্কটৰোগ গৱেষণা সংস্থা ( IARC- International Agency for Research on Cancer ) গৱেষণা অনুসৰি বিদ্যুৎচুম্বকীয় তৰংগসমূহ কৰ্কটৰোগ সম্ভাৱ্য ( Possibly carcinogenic ) বুলি কোৱা হৈছে তথাপি ইয়াৰ পৰৱৰ্তী গৱেষণাসমূহত এনে সম্ভাৱনাৰ কোনো স্থায়ীৰূপ দেখিবলৈ পোৱা নাযায় ইয়াৰোপৰি ২০১৮ বৰ্ষৰ আন গৱেষণাৰাজিত বিদ্যুৎচুম্বকীয় তৰংগ আৰু মস্তিস্কৰ কৰ্কটৰোগৰ মাজৰ সম্বন্ধও বিচাৰি পোৱা নগ যতদূৰ ফাইভ্ জি প্ৰযুক্তিৰ প্ৰসংগ, এইক্ষেত্ৰত ভৱিষ্যতে আৰু অধিক গৱেষণাৰ প্ৰয়োজনীয়তা অৱশ্যৱাম্ভী

) প্ৰকৃতিৰ অন্যান্য জীৱকূলৰ ক্ষেত্ৰতো এই তৰংগই কিবা প্ৰভাৱ পেলাব নেকি বুলিও যিহেতু চৰ্চা হৈছে-- দুটামান সংক্ৰান্তীয় তথ্য প্ৰসংগক্ৰমে আগবঢ়াই দিয়া ল।

( ) ২০১৬ - যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় জৈৱপ্ৰযুক্তি তথ্যকেন্দ্ৰ ( NCBI- National Centre for Biotechnology Information, U.S. ) নিগনি আৰু এন্দুৰৰ ওপৰত কৰা গৱেষণামতে বিদ্যুৎচুম্বকীয় যিকোনো তৰংগই জীৱৰ স্নায়ুতন্ত্ৰৰ অপকাৰ সাধিব পাৰে

( ) ২০১৯ - আমেৰিকাৰ পৰিৱেশ মিউটজেনেছিছ্ আৰু জিনীয় চাইটি ( EMGS - Environmental Mutogenesis and Genomic Society ) এন্দুৰৰ ওপৰত কৰা গৱেষণা এলানিৰ জৰিয়তে বিদ্যুৎচুম্বকীয় তৰংগই ইয়াৰ ডি. এন. তন্ত্ৰিকা নষ্ট কৰিব পাৰে বুলি প্ৰমাণিত কিন্তু

( ) ২০২০ বৰ্ষত কৰা গৱেষণাৰপৰা ঠাৱৰ কৰিব পৰা যে বিদ্যুৎচুম্বকীয় তৰংগই জীৱকূলক চিন্তনীয়ভাৱে ক্ষতি কৰিব পৰা কোনোধৰণৰ স্পষ্ট যোগসূত্ৰ নাই হয়তো এইক্ষেত্ৰতো ভৱিষ্যতলৈ, নতুন নতুন গৱেষণাই আৰু অধিক স্পষ্ট ধাৰণাৰ বাট মুকলাব

কোৱা বাহুল্য যে, ইতিমধ্যেই সামাজিক মাধ্যমকে সাঙুৰি অন্যান্য মাধ্যমসমূহতো ফাইভ্ জি প্ৰযুক্তিৰ আৰম্ভণি ( ভাৰতত ) লৈ বিভিন্ন প্ৰচাৰ, অপপ্ৰচাৰ চলি থকা দেখা গৈছে এই প্ৰযুক্তিৰ প্ৰভাৱত মানুহৰ মূৰৰ বিষ, অত্যধিক টোপনি ভাব, মূৰঘূৰণি আদিৰ প্ৰকোপ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে গৰ্ভৱতী মহিলাৰো এইক্ষেত্ৰত বিপদ পাৰে বুলি উৰাবাতৰি মাজে-সময়ে ওলোৱা দেখা গৈছে কিন্তু, প্ৰকৃতাৰ্থত এনেবোৰ প্ৰচাৰ সন্দৰ্ভত কোনো প্ৰামাণিক তথ্য এতিয়ালৈকে নাই উচ্চদক্ষতাসম্পন্ন তথা তীব্ৰবেগী এইবিধ অনাতাঁৰ প্ৰযুক্তিয়ে সমগ্ৰ প্ৰযুক্তিক্ষেত্ৰখনকে এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি দি পাৰি পূৰ্বতেই উল্লেখ কৰা মতে কোনোধৰণৰ আহুকলীয় পৰিস্থিতি সৃষ্টি নোহোৱাকৈ বিশ্বৰ ৬১ খন দেশত এই প্ৰযুক্তি বহুলভাৱে ব্যৱহাৰ হৈ আছ হয়, ভৱিষ্যত গৱেষণাৰ কথা কেতিয়াও নুই কৰিব নোৱাৰি, গৱেষণাৰ প্ৰয়োজন বই কিন্তু অন্যান্য সেৱাৰ সতে সংলগ্ন থকাৰ লেখীয়াকৈ স্বাস্থ্যজনিত বিধিসমূহ ( health safety measures ) এই প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হোৱাতো স্বাভাৱিক মাত্ৰাধিক্য সকলোবোৰেই বেয়া বুলি গণ্য কৰা হয়

 অন্যান্য প্ৰযুক্তিৰ দৰে ফাইভ্ জি প্ৰযুক্তিও নিজস্থানত উচিতভাৱেই বৰ্তী থাকিব বুলি ভাবোঁ বাকী, সকলো শংকা আৰু সংশয়ৰ মূলতে এষাৰেই আপ্তবাক্য মনত ৰখা উচিত-- “ সাৱধানীৰ মৰণ নাই

: ৯৮৫৪৫৩৯০৬১

 

_______________

Comments

Popular posts from this blog

World Environment Day : Relevancy, Needs & Deeds

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-