Posts
Showing posts from 2020
|| জুম এপ ||
- Get link
- X
- Other Apps
|| জুম এপ : ব্যৱহাৰ , বিতৰ্ক , সুৰক্ষা মানদণ্ড ইত্যাদি || দেৱজিৎ ভৰালী তথ্যপ্ৰযুক্তিৰ উন্নতিৰ অপ্ৰতিৰোধ্য যাত্ৰাই ক্ৰমে ক্ৰমে আৰু অধিক চমকপ্ৰদ স্থিতি লৈছে৷ দোপতদোপে এখোপ এখোপকৈ উন্নতিৰ শিখৰলৈ যাত্ৰা অব্যাহত ৰাখিছে৷ তথ্যপ্ৰযুক্তি বিজ্ঞানৰ এক অমোঘ অৱদান৷ তথ্যপ্ৰযুক্তিয়ে মানৱজাতিক দিয়া নাই কি ? প্ৰয়োজনৰ সীমা চেৰাই গৈয়ো নতুন নতুন প্ৰয়োজনৰ সৃষ্টি কৰি মানৱ সভ্যতাক জাতিস্কাৰ কৰি তুলিছে। অৱশ্যে এই সকলোবোৰ মানৱজাতিৰ চিন্তাৰেই বিস্ময়কৰ ফচল৷ ২০২০ বৰ্ষটোক কৰ ’ নাই প্ৰায় গ্ৰাস কৰি পেলাইছে৷ মানুহে জীৱন চৰ্যাৰ সকলো উপকৰণ পৰিহৰি গৃহবন্দীত্বৰ জীৱন কটাবলগীয়াত পৰিছে৷ কেও ক ’ তো যাব পৰা নাই৷ কিন্তু হাত সাৱটি বহি থাকিলেইতো সকলো হৈ নুঠে৷ কৰ্মৰ দ্বাৰাহে মানুহৰ জীৱনযাত্ৰা অব্যাহত থাকে৷ গৃহবন্দীত্বৰ মাজতো যাৱতীয় আনুষ্ঠানিক কাম - কাজবোৰ চলাই যাবলৈ মানুহে এটি বৃহৎ সমল বিচাৰি পালে৷ মানুহে এনে এটি মাধ্যম লাভ কৰিলে যাৰ জৰিয়তে বহুখিনি কাম ঘৰৰ পৰাই সমাধা কৰিব পৰাতো সম্ভৱ হৈ উঠ...