- জীৱন আৰু কিছু চিন্তা-


- জীৱন আৰু কিছু চিন্তা-
জীৱনক সন্মান যঁচাতো প্ৰয়োজন অতি অনবদ্য জীৱনে বহুতো দিয়ে , প্ৰকৃতাৰ্থত মাথোঁ দিহে যায় আমি কব নোৱাৰাকৈয়ে অৱসৰ বিহীন এক শিক্ষকতা জীৱনে আজীৱন কৰে কোনো মাননিৰ তাত প্ৰয়োজন নহয় আমাৰ চিন্তা তথা  মানসিকতাৰ উত্তৰণৰ আঁৰত জীৱনৰ শিক্ষা লুকাই ৰয় সেইকথা বহু সময়ত আমি অনুভৱ কৰিবলৈ অৱকাশ নাপাওঁ   প্ৰকৃততে বহু পৰিস্থিতিৰ পয়োভৰে সেই অনুভৱক সঁজাল হবলৈ নিদিয়ে কিন্তু সেই পৰিস্থিতিবোৰৰ মাজৰেই কেতবোৰ পৰিস্থিতিয়ে সেই অনুভৱক জীপাল কৰি তোলে কেতবোৰ তাৎক্ষণিক মূহুৰ্তত

আমি মাথোঁ সেই তাৎক্ষণিক মূহুৰ্ত সমূহক মন গহনত অতি যতনেৰে আপডাল কৰি জীৱনক কৃতজ্ঞতাৰ এথোপা পুষ্প যাঁচি যোৱাৰ প্ৰয়াস সজীৱ কৰি ৰাখিব লাগে প্ৰতিকৃতজ্ঞতাৰ এটি এটি উমান তেতিয়া জীৱনেই আগবঢ়াব তাতেই হ’ব জীৱনৰ প্ৰতি আমাৰ যথোচিত সন্মান

প্ৰকৃততে জীৱনে দিয়া প্ৰমূল্য তথা চিন্তাৰ ৰেঙনিৰ বাহিৰে আমাৰ নিজস্ব বোলা একোৱেই নাথাকে জীৱনৰ আপাত সমলবোৰ আমি যিদৰে নিজৰ বুলি ভাৱি লওঁ..... সেয়া মাথোঁ জীৱনে আমাক যঁচা কেতবোৰ আশীৰ্বাদৰ বাহিৰে একো হব নোৱাৰে কাজেই.... আমি জীৱনে দি যোৱা আদৰক অহৰ্নিশে অনুভৱ কৰি যোৱাৰ এটি পৱিত্ৰ অজুহাত জীৱনৰ প্ৰতি ৰাখিব লাগে

জীৱনে পলে পলে মিচিকিয়াই মাথোঁ কেৱল আমাৰেই মহিমা বখানি যাব

Comments

Popular posts from this blog

World Environment Day : Relevancy, Needs & Deeds

।। জীৱন-ৰেখা ।।

-জীৱন আৰু সন্তুষ্টি-