- জীৱন আৰু কিছু চিন্তা-
- জীৱন আৰু কিছু চিন্তা-
জীৱনক সন্মান যঁচাতো প্ৰয়োজন । ই অতি অনবদ্য । জীৱনে বহুতো দিয়ে , প্ৰকৃতাৰ্থত মাথোঁ দিহে যায় । আমি কব
নোৱাৰাকৈয়ে । অৱসৰ বিহীন এক শিক্ষকতা জীৱনে আজীৱন কৰে । কোনো মাননিৰ তাত প্ৰয়োজন নহয় । আমাৰ চিন্তা তথা মানসিকতাৰ উত্তৰণৰ আঁৰত জীৱনৰ শিক্ষা লুকাই ৰয় । সেইকথা বহু সময়ত আমি অনুভৱ কৰিবলৈ অৱকাশ নাপাওঁ । প্ৰকৃততে বহু পৰিস্থিতিৰ পয়োভৰে সেই অনুভৱক সঁজাল হবলৈ নিদিয়ে । কিন্তু সেই পৰিস্থিতিবোৰৰ মাজৰেই কেতবোৰ পৰিস্থিতিয়ে সেই অনুভৱক জীপাল কৰি তোলে কেতবোৰ তাৎক্ষণিক মূহুৰ্তত ।
আমি মাথোঁ সেই তাৎক্ষণিক মূহুৰ্ত সমূহক মন গহনত অতি যতনেৰে আপডাল কৰি জীৱনক কৃতজ্ঞতাৰ এথোপা পুষ্প যাঁচি যোৱাৰ প্ৰয়াস সজীৱ কৰি ৰাখিব লাগে । প্ৰতিকৃতজ্ঞতাৰ এটি এটি উমান তেতিয়া জীৱনেই আগবঢ়াব । তাতেই হ’ব জীৱনৰ প্ৰতি আমাৰ যথোচিত সন্মান ।
প্ৰকৃততে জীৱনে দিয়া প্ৰমূল্য তথা চিন্তাৰ ৰেঙনিৰ বাহিৰে আমাৰ নিজস্ব বোলা একোৱেই নাথাকে । জীৱনৰ আপাত সমলবোৰ আমি যিদৰে নিজৰ বুলি ভাৱি লওঁ..... সেয়া মাথোঁ জীৱনে আমাক যঁচা কেতবোৰ আশীৰ্বাদৰ বাহিৰে একো হব
নোৱাৰে । কাজেই.... আমি জীৱনে দি যোৱা আদৰক অহৰ্নিশে অনুভৱ কৰি যোৱাৰ এটি পৱিত্ৰ অজুহাত জীৱনৰ প্ৰতি ৰাখিব লাগে ।
জীৱনে পলে পলে মিচিকিয়াই মাথোঁ কেৱল আমাৰেই মহিমা বখানি যাব ।
Comments
Post a Comment