Posts

Showing posts from 2021

ক্ৰিপ্ট’গ্ৰাফী : তথ্যৰ সুৰক্ষা কৱচ

Image
  ক্ৰিপ্ট ’ গ্ৰাফী : তথ্যৰ সুৰক্ষা কৱচ দেৱজিৎ ভৰালী   ক্ৰিপ্ট ’ গ্ৰাফী এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত কেতবোৰ সুৰক্ষাবিধিৰে তথ্যৰ আদান - প্ৰদান বা সৰবৰাহ কৰা হয় ৷ তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰখনৰ এক অভিন্ন অংশস্বৰূপ তথা আমাৰ সকলোৰে এই ক্ষেত্ৰখনৰ ওপৰত থকা পুৰামাত্ৰা নিৰ্ভৰশীলতালৈ চাই ই এক প্ৰযুক্তিগত জটিল বিষয় যদিও সকলোৰে এইক্ষেত্ৰত এক সম্যক ধাৰণা বা আভাস থকাটো সম্প্ৰতি অতি জৰুৰী বুলি বোধ হয় ৷ কম্পিউটাৰ বিজ্ঞান তথা তথ্যপ্ৰযুক্তিৰ জগতখনত ক্ৰিপ্ট ’ গ্ৰাফী বহুলভাৱে ব্যৱহাৰ হয় ৷ ইয়াক বাদ দি তথ্যপ্ৰযুক্তিক কল্পনা কৰিব নোৱাৰি ৷ সম্প্ৰতি এই তথ্যপ্ৰযুক্তিৰ পৃথিৱীত আমাৰ প্ৰায় সকলোবোৰ কামেই ইন্টাৰনেটসেৱাৰ যোগেদি সম্পন্ন হয় ৷ ইন্টাৰনেটৰ সহায়ত আমি দৈনিক বিভিন্ন তথ্য বা বহল অৰ্থত লাখ লাখ তথ্যৰ আদান - প্ৰদান চলে ৷ অনলাইন যোগে হ ’ ব পৰা অনলাইন কথোপকথন , অনলাইন বজাৰ - সমাৰ , অনলাইন পাঠদান , অনলাইন প্ৰশিক্ষণ , অনলাইন সভা - সমিতি , অনলাইন লেন - দেন ইত্যাদি যিয়েই সেৱা নহওক কিয় , তথ্যৰ ...