Posts

Showing posts from 2018

-জীৱন আৰু সন্তুষ্টি-

- জীৱন আৰু সন্তুষ্টি - সন্তুষ্টি জীৱনৰ বাবে এটি প্ৰশ্ন । যি হয়টো   একপ্ৰকাৰে আজীৱন প্ৰশ্ন হৈয়েই থাকি যায় । জীৱনৰ ভিন ভিন সময়ৰ পৰিপ্ৰেক্ষিতত ইয়াৰ উত্তৰ বিচাৰি পোৱা যায় যদিও শেষ মুহূৰ্তত পুনৰ যেন প্ৰশ্নই হৈ উঠে । আমি ভাবি   যাওঁ জীৱনে সন্তুষ্টি দিলে .. কিন্তু কৰ ' বাত নহয় কৰ ' বাত যেন   ইয়াৰ বাবদ পোৱা উত্তৰটিয়ে  এটি   হ’লেও প্ৰশ্নবোধক   থৈ যায় । আমাৰ দায়িত্ব তথা ইয়াৰ পালনাৰ্থে কৰি যোৱা জীৱনৰ কৰ্মৰাজিৰ মাজত জীৱনে এনেদৰে গাঁথি লাগি সোমাই পৰে যে সেই গাঁথিবোৰ খোল খোৱাৰ প্ৰক্ৰিয়া শেষ হোৱালৈকে ই প্ৰায় ক্লান্ত হৈ পৰে আৰু ক্ষন্তেক জিৰণি ল’বলৈ চেষ্টা কৰে । সেই জিৰণি লোৱাৰ মুহূৰ্তবোৰত যেতিয়া জীৱনে এৰি   অহা সময়বোৰ আৰু ব্যস্ততাবোৰৰ কথা সোঁৱৰে তেতিয়াই সন্তুষ্টিয়ে যেন ক্ষন্তেক দেখা দিয়েহি । জীৱনে মিচিকিয়াই । কিন্তু সেই মিচিকনিত সন্তুষ্টিৰ ছাঁ বহুসময়ত যেন নপৰেহি । প্ৰকৃতাৰ্থত সেই   ছাঁ আমাৰ মাজতেই লুকাই   থাকে । আজীৱন শেষ ...

- জীৱন আৰু কিছু চিন্তা-

- জীৱন আৰু কিছু চিন্তা - জীৱনক সন্মান যঁচাতো প্ৰয়োজন । ই অতি অনবদ্য । জীৱনে বহুতো দিয়ে , প্ৰকৃতাৰ্থত মাথোঁ দিহে যায় । আমি কব নোৱাৰাকৈয়ে । অৱসৰ বিহীন এক শিক্ষকতা জীৱনে আজীৱন কৰে । কোনো মাননিৰ তাত প্ৰয়োজন নহয় । আমাৰ চিন্তা তথা   মানসিকতাৰ উত্তৰণৰ আঁৰত জীৱনৰ শিক্ষা লুকাই ৰয় । সেইকথা বহু সময়ত আমি অনুভৱ কৰিবলৈ অৱকাশ নাপাওঁ   । প্ৰকৃততে বহু পৰিস্থিতিৰ পয়োভৰে সেই অনুভৱক সঁজাল হবলৈ নিদিয়ে । কিন্তু সেই পৰিস্থিতিবোৰৰ মাজৰেই কেতবোৰ পৰিস্থিতিয়ে সেই অনুভৱক জীপাল কৰি তোলে কেতবোৰ তাৎক্ষণিক মূহুৰ্তত । আমি মাথোঁ সেই তাৎক্ষণিক মূহুৰ্ত সমূহক মন গহনত অতি যতনেৰে আপডাল কৰি জীৱনক কৃতজ্ঞতাৰ এথোপা পুষ্প যাঁচি যোৱাৰ প্ৰয়াস   সজীৱ কৰি ৰাখিব লাগে । প্ৰতিকৃতজ্ঞতাৰ এটি এটি উমান তেতিয়া জীৱনেই আগবঢ়াব । তাতেই হ’ব   জীৱনৰ প্ৰতি আমাৰ যথোচিত সন্মান । প্ৰকৃততে জীৱনে দিয়া প্ৰমূল্য তথা চিন্তাৰ ৰেঙনিৰ বাহিৰে আমাৰ নিজস্ব বোলা একোৱেই নাথাকে । জীৱনৰ আপাত সমলবোৰ আম...