।।অনুভৱৰ দুশাৰী ।।
। । অনুভৱৰ দুশাৰী ।। দেৱজিৎ ভৰালী কোষত থকাৰে দিনৰে পৰা আজিলৈকে মাথোঁ মৰমকে ঢালিছ । তোৰ বুকুৰ কোঁহে কোঁহে এসোপা আৱদাৰৰ ফেঁহুজালি । দিন , ক্ষণ , লগ্নৰ কথা নাই, কেৱল দিবলৈহে শিকিলি...। '' বিনিময়' শব্দটো তোৰ অভিধানত নাই । খংবোৰতো দেখো মৰমৰ বুলনি, চিৰিপনিৰ কোব'তো থাকে স্নেহ অঞ্জলি । তই এটি বিস্ময়, ঈশ্বৰৰ অংগ । ধাৰ সুজাৰ কথা ভাৱিবই নোৱাৰোঁ । মোৰ জীৱনৰ এটি প্ৰাৰ্থনা তই । মা ! তোলৈ মোৰ কথাৰ অভাৱ । অনুভৱ কৰিবলৈকে দে , মা, মাথোঁ অনুভৱ কৰিবলৈ দে । ( "মা" লৈ উৎসৰ্গিত ।)