Posts

Showing posts from May, 2017

।।অনুভৱৰ দুশাৰী ।।

। । অনুভৱৰ দুশাৰী ।।                                দেৱজিৎ ভৰালী  কোষত থকাৰে দিনৰে পৰা আজিলৈকে মাথোঁ মৰমকে ঢালিছ । তোৰ বুকুৰ কোঁহে কোঁহে এসোপা আৱদাৰৰ ফেঁহুজালি । দিন , ক্ষণ , লগ্নৰ কথা নাই, কেৱল দিবলৈহে শিকিলি...। '' বিনিময়' শব্দটো তোৰ অভিধানত নাই । খংবোৰতো দেখো মৰমৰ বুলনি, চিৰিপনিৰ কোব'তো থাকে স্নেহ অঞ্জলি  । তই এটি বিস্ময়, ঈশ্বৰৰ  অংগ । ধাৰ সুজাৰ কথা ভাৱিবই নোৱাৰোঁ । মোৰ জীৱনৰ এটি প্ৰাৰ্থনা তই । মা !  তোলৈ মোৰ কথাৰ অভাৱ । অনুভৱ কৰিবলৈকে দে , মা, মাথোঁ অনুভৱ কৰিবলৈ দে । ( "মা" লৈ উৎসৰ্গিত ।) 

।। মন , জীৱন আৰু আৱৰণ ।।

।। মন , জীৱন আৰু আৱৰণ ।।                                                        ✍🏻 দেৱজিৎ ভৰালী  জীৱন যত' দূৰলৈকে । মন তাৰ সাৰথি । চিন্তাৰ সোপানবোৰে খোদিত কৰি যোৱা মনৰ প্ৰতিটো দিশে জীৱনৰ গতি নিৰ্ধাৰণ কৰি যায় । এনে কোনো কথা নাই যে সকলো সম্ভৱ হবই লাগিব বা সকলো গ্ৰহণ নকৰিবই লাগিব । বিচৰা , নিবিচৰা , পোৱা , নোপোৱাৰ মাজত এটি গ্ৰহণযোগ্য অৱস্থিতি মনৰ মাজত বৰ্তাই ৰখাটো আমাৰ জীৱনৰ বাবে মংগল । তেতিয়া দুখবোৰে লাই কমকৈ পাই । সত্যতা সকলোতে লুকাই থাকে । আনকি মিছাৰ আঁৰতো । সেয়ে সেই সত্যতাৰ বাবে আমি আমাৰ জীৱনক অনবৰতে প্ৰস্তুত কৰি ৰখাতো প্ৰয়োজন  ।  সাধাৰণতেই জীৱনে অলীক ধাৰণাৰ আৱৰণ এখন আমৃত্যু মেৰিয়াই ৰাখে । মনে সেই আৱৰণখনৰ সতে সহবাস কৰি ভাল পায় আৰু জীৱনক বহু সময়ত কেতবোৰ আপাত' চিন্তাৰ বোজা দিয়ে । সেই বোজা বহুসময়ত জীৱনে কঢ়িয়াই ভাল পায় আৰু উপভোগ কৰে । কিন্তু বহুসময়ত সেই বোজাই অত্যন্ত বোজা দি জীৱনক হাঁউলাই পেলায় । পুনৰ পোন হবলৈ অৱকাশ নিদিয়ে ...